নিউজ ডেস্ক, ৭ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী প্ৰযুক্তি উদ্ভাৱন আৰু উন্নয়ন ফাউণ্ডেচন (আইআইটিজি টিআইডিএফ)ৰ মাজত এক সহযোগিতামূলক পদক্ষেপ ৰূপে, ৬ নৱেম্বৰ, ২০২৫ তাৰিখে মালিগাঁওস্থিত (Malegaon) উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ মহাপ্ৰৱন্ধকৰ সভাকক্ষত এক কাৰিকৰী উপস্থাপন অনুষ্ঠিত হয়। আইআইটিজি টিআইডিএফৰ বিশেষজ্ঞসকলৰ এটা দলৰ দ্বাৰা মালবাহী ৱাগনৰ বাবে বিকশিত এআই-ভিত্তিক এক লকিং মণিটৰিং চিষ্টেম-দৃষ্টি নামৰ উন্নত এআই-ভিত্তিক এক নিৰীক্ষণ ব্যৱস্থা উপস্থাপন কৰা হয়।
উপস্থাপনটো ১৯ নৱেম্বৰ ২০২৪ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু আইআইটি গুৱাহাটীৰ মাজত স্বাক্ষৰিত বুজা-বুজি চুক্তিৰ অংশ হিচাপে আয়োজিত হয়, যাতে উচ্চ-গতিৰ ইমেজিং, কম্পিউটাৰ ভিজন আৰু কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বুদ্ধিমত্তা নিৰীক্ষণৰ সুবিধা বিকশিত কৰাৰ বাবে এক প্ৰ’ট’টাইপ মডেল প্ৰদৰ্শন কৰিব পৰা যায়। উপস্থাপনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ লগতে এই সংমণ্ডলৰ কেইবাগৰাকীও পিএইচঅ’ডি উপস্থিত আছিল, য’ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালবাহী ৰে’লৰ নেটৱৰ্কত এআই-ভিত্তিক নিৰীক্ষণ সংযোজনৰ সম্ভাৱনাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আলোচনা কৰা হয়।
চলন্ত মালবাহী ষ্টকত আনলকড বা টেম্পাৰ কৰা দুৱাৰ চিনাক্তকৰণৰ কাৰ্য্যকৰী প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ উন্নত এআই-ভিত্তিক নিৰীক্ষণ ব্যৱস্থাৰ বিকাশ গুৰুত্বপূৰ্ণ, যি প্ৰত্যাহ্বানে সুৰক্ষা আৰু নিৰাপত্তাজনিত আশংকাৰ সৃষ্টি কৰে। পৰম্পৰাগত মেনুৱেল পৰীক্ষণ হৈছে সময়সাপেক্ষ আৰু প্ৰায়ে দীঘলীয়া যাত্ৰা ৰেকৰ বাবে গতিশীল পৰিস্থিতিত অব্যৱহাৰ্য। আইআইটিজি আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সহযোগিতামূলক দলটোৱে ড’ৰ লকিং প্ৰক্ৰিয়াত বিশেষকৈ ট্ৰেন্সিটৰ সময়ত, উন্নত কম্পিউটাৰ ভিজন আৰু মেচিন লাৰ্নিং এলগ’ৰিদম ব্যৱহাৰ কৰি লকিং চিষ্টেমত অস্বাভাৱিকতা স্বয়ংক্ৰিয়ভাৱে চিনাক্তকৰণ আৰু সতৰ্ক কৰিব পৰা এক বুদ্ধিমান, বাস্তৱ-সময়ৰ নিৰীক্ষণ সমাধানৰ প্ৰয়োজনীয়তা চিনাক্ত কৰিছে। এআই-ভিত্তিক নিৰীক্ষণ আৰু লকিং কণ্ডিশ্বনৰ নিৰীক্ষণ ব্যৱস্থা ৰূপে-দৃষ্টিক, এনেধৰণে উপস্থাপন কৰোৱা হৈছে আৰু মালবাহী ৰেকৰ সুৰক্ষা ব্যৱস্থাত অধিক স্বচ্ছতা, দৃশ্যমানতা আৰু প্ৰযুক্তিগত নিশ্চয়তা আনিব বুলি আশা কৰা হৈছে।
এনে ব্যৱস্থাই ড’ৰ লকিং কণ্ডিশ্বনৰ বাস্তৱ-সময়ৰ স্থিতি আপডেট কৰিব পাৰিব, ট্ৰেন্সিটৰ সময়ত অস্বাভাৱিক ঘটনা বা টেম্পাৰিং চিনাক্ত কৰিব পাৰিব আৰু স্বয়ংক্ৰিয় ডাটা-চালিত সতৰ্কতা জাৰি কৰিব পাৰিব যাতে সাধাৰণ ৰে’লৰ স্বাভাৱিক পৰিচালনত প্ৰভাৱ নপৰে। উন্নত বিশ্লেষণ আৰু ইমেজিং প্ৰযুক্তি সংযোজন কৰি, এই চিষ্টেমে ৱাগন ছিলিঙৰ ইন্টেগ্ৰিটি শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে, নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিছে আৰু মানুহৰ হস্তক্ষেপ হ্ৰাস কৰিছে। উপস্থাপনৰ সময়ত, আইআইটি গুৱাহাটীয়ে প্ৰ’ট’টাইপ ব্যৱস্থা প্ৰদৰ্শন কৰে যি প্ৰায় দহ মাহ ধৰি নিৰ্বাচিত ৱাগনসমূহত সফল পৰীক্ষণৰ অধীনত চলি আছিল। এই চিষ্টেমে এআই-চালিত কেমেৰা আৰু চেন্সৰসমূহ কৌশলগত স্থানত মাউণ্ট কৰি ড’ৰ পজিছন আৰু লকিং কণ্ডিশ্বন বাস্তৱ-সময়ৰ ওপৰত ধৰি ৰাখে আৰু বিশ্লেষণ কৰে। প্ৰাৰম্ভিক ফলাফলে উৎসাহজনক সঠিকতাৰ মাত্ৰা দেখুৱাইছে, যি এই স্থানীয় উদ্ভাৱনৰ সম্ভাৱনাক বৈধতা প্ৰদান কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নেটৱৰ্কত বিস্তৃত প্ৰয়োগৰ বাবে অধিক পৰিশোধন আৰু স্কেলেবিলিটি পৰিকল্পনা চলি আছে যাতে ৰোলিং ষ্টকৰ সুৰক্ষা আৰু পৰিচালন নিৰ্ভৰযোগ্যতা শক্তিশালী কৰিব পৰা যায়।
