গুৱাহাটী, ১৪ নৱেম্বৰ, ২০২৫ : গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত আই টি এফ (ITF) মাষ্টাৰ্ছ এম টি ২০০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত দুই পুৰুষ খেলুৱৈ জাৰ্মানীৰ ডেনিয়েল জন আৰু ভাৰতৰ মামাৱিয়া লালথানমাৱিয়াৰ লগতে মহিলা খেলুৱৈ চুনুমনি বৰকটকীয়ে দ্বিমুকুট অৰ্জন কৰিছে৷ পুৰুষৰ এককৰ ৫৫ বছৰ শাখাৰ ফাইনেলত মিজোৰামৰ মামাবিয়াই দেশৰে ৰনদীপ বৰুৱাক পৰাস্ত কৰাৰ লগতে পুৰুষৰ ডাবলছ ৩৫ বছৰ শাখাৰ ফাইনেলত মামাৱিয়া আৰু যোচেফ জোটিনখুমা যুটিয়ে ৰূপজিৎ ভৰালী আৰু সম্ৰাট মহন্তক পৰাস্ত কৰে৷

ইফালে, পুৰুষৰ এককৰ ৪৫ বছৰ শাখাৰ ফাইনেলত শ্লোভাকিয়াৰ পীটাৰ জাংকুস্কাক পৰাস্ত কৰা জাৰ্মান খেলুৱৈ ডেনিয়েলে ৪৫ বছৰ শাখাৰ ডাবলছৰ ফাইনেলত সংগী পীটাৰৰ লগত খেলি পৰাস্ত কৰে ভাৰতৰ ৰাজীৱ বৰা আৰু ৰাজীৱ দত্তক৷ আনহাতে, মহিলাৰ এককৰ ৪৫ বছৰ শাখাৰ ফাইনেলত চুনুমনি বৰকটকীয়ে পৰমিতা গুহাৰয়ক পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ পাছত মহিলাৰ ডাবলছৰ ৩৫ বছৰ শাখাৰ ফাইনেলত চুনুমনিয়ে পৰমিতাৰ লগত যুটি বান্ধি পৰাস্ত কৰে ববিতা মোহন লাংথাছা আৰু সুজাতা শৰ্মাক৷

আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিং প্ৰতিযোগিতাখনৰ বৃহস্পতিবাৰে অনুষ্ঠিত অন্য বয়স শাখাৰ ফাইনেলত পুৰুষৰ এককৰ ৩৫ বছৰ বয়স শাখাত যোচেফ জোটিনখুমাই ৰাহুল বুঢ়াগোহাইক পৰাস্ত কৰি খিতাপ জয় কৰে৷ ইফালে, মহিলাৰ এককৰ ৩৫ বছৰ শাখাৰ ফাইনেলত ৰূপৰেখা বৰা আমচিক পৰাস্ত কৰি ৰাণী কৌৰ মাৰৱাই খিতাপ জয় কৰাৰ বিপৰীতে মহিলাৰ এককৰ ৫৫ বছৰ শাখাৰ ফাইনেলত সুজাতা শৰ্মাক হৰুৱাই খিতাপ জয় কৰে ববিতা মোহন লাংথাছাই৷ পুৰুষৰ ডাবলছৰ ৫৫ বছৰ বয়স শাখাৰ খিতাপ জয় কৰে শাৰদ ৰাজেশ হেনৰী আৰু কে এন ভেংকটেশ যুটিয়ে৷ ফাইনেলত তেওঁলোকে পৰাস্ত কৰে দিগন্ত বৰদলৈ আৰু অৰুণ কুমাৰ যুটিক৷