নিউজ ডেস্ক, ১৬ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই সামগ্ৰীৰ আনলোডিং (Unloading) প্ৰদৰ্শনত ঊৰ্ধ্বগামী ধাৰা বজাই ৰাখিছে। চলিত বৰ্ষৰ অক্টোবৰ মাহত সৰ্ব্বমুঠ ১,০৩৫ খন মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হয়, যি পূৰ্বৰ বছৰৰ সংশ্লিষ্ট মাহৰ সময়ছোৱাত আনলোড কৰা ৯২১ খন ৰেকৰ তুলনাত উল্লেখযোগ্যভাৱে ১২.৩৮ শতাংশ বৃদ্ধি।

উক্ত মাহটোৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই এফচিআই চাউল, চেনি, নিমখ, খোৱা তেল, খাদ্যশস্য, সাৰ, চিমেণ্ট, কয়লা, পাচলি, অটোমোবাইল, টেংকাৰ আৰু অন্যান্য সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ সুগম পৰিবহণ নিশ্চিত কৰিছে। এই কনসাইন্টমেন্টসমূহ ইয়াৰ অধিক্ষেত্ৰৰ বিভিন্ন গুডছ শ্বেডত উপযুক্তভাৱে আনলোড কৰা হয়।

মালবাহী ৰে’ল পৰিবহনৰ এক বৃহৎ অংশই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰে। চলিত বৰ্ষৰ অক্টোবৰত কেৱল অসমতে ৫৬০ খন ৰেক আনলোড কৰা হয়, য’ত ২৬৯ খন ৰেক অত্যাৱশ্যকীয় সামগ্ৰীৰে পৰিবহন কৰা হয়। একেই সময়ছোৱাত ত্ৰিপুৰাত ৯১, নাগালেণ্ডত ২১, অৰুণাচল প্ৰদেশত ৯, মণিপুৰত ২২, মেঘালয়ত ১ আৰু মিজোৰামত ১১ ৰেক আনলোড কৰা হয়।

তদুপৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱে অধিক্ষেত্ৰৰ অধীনত অত্যাৱশ্যকীয় আৰু আৱশ্যকীয় উভয় সামগ্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগত ১৭০ খন আৰু বিহাৰত ১৫০ খন ৰেক আনলোড কৰা হয়। অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ সুস্থিৰ পৰিবহনে স্থানীয় ৰাইজৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণৰ কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক কাম কাজক সমৰ্থন আৰু শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সকলো স্তৰতেই অবিৰত পৰিদৰ্শনে টাৰ্ণ এৰাউণ্ড সময় হ্ৰাস কৰাৰ লগতে সামগ্ৰিকভাৱে আনলোডিঙৰ দক্ষতা বৃদ্ধি কৰাতো সহায় কৰিছে।