নিউজ ডেস্ক, ১৭ ডিচেম্বৰ, ২০২৫ : আসন্ন আই পি এল (IPL) ২০২৬ ৰ বাবে আবুঢাবিত হোৱা নিলামত ৰাজস্থান ৰয়েলছে ভাৰতীয় লেগ স্পিনাৰ তথা ৰাজস্থানৰ ঘৰুৱা ক্ৰিকেটাৰ ৰবি বিষ্ণোইক ৭.২ কোটি টকাত ক্ৰয় কৰিছে৷ যোধপুৰৰ ৰবি বিষ্ণোইয়ে ৰয়েলছৰ বলিং আক্ৰমণ শক্তিশালী কৰিব বুলি দলটোৱে আশা কৰিছে৷

ইফালে, ৰাজস্থান ৰয়েলছলৈ প্ৰত্যাৱৰ্তনৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিষ্ণোই কয় ‘ৰাজস্থান ৰয়েলছৰ হৈ খেলাটো মোৰ বাবে গৃহভূমিত খেলাৰ দৰে অনুভৱ হ’ব৷ মই মোৰ ক্ৰিকেট যাত্ৰা আৰম্ভ কৰিছিলো আৰ আৰ দলৰ নেট বলাৰ হিচাপে আৰু এতিয়াৰে পৰা মই প্ৰিয় দলটোক আই পি এলত প্ৰতিনিধিত্ব কৰিম৷ এয়া অনন্য অনুভৱ৷’

ইফালে, আৰ আৰৰ গৰাকী মনোজ বডালে বিষ্ণোইক দলত অন্তৰ্ভুক্ত কৰাৰ সম্পৰ্কত কয়, ‘ৰবি বিষ্ণোই এজন বিশেষ প্ৰতিভাবান খেলুৱৈ৷ আমাৰ অনুৰাগীসকলে ৰয়েলছৰ নতুন ৰঙত তেওঁ খেলপথাৰত চাবলৈ আগ্ৰহী হৈ আছিল৷ তেওঁ এদিন দলত নেট বলাৰ হিচাপে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু আজি নায়ক লৈ ঘৰলৈ উভতি অহিছে৷ তেওঁ এজন অতি সুদক্ষ বলাৰ লগতে এজন অনবদ্য ফিল্ডাৰ৷ আমি তেওঁক দলত ল’ব পাৰি অতিশয় সুখী৷’

উল্লেখ্য যে দলৰ প্ৰয়োজনত উইকেট লাভ কৰি ৰবি বিষ্ণোইয়ে ইতিমধ্যে নিজৰ দক্ষতা প্ৰমাণ কৰিছে৷ ৰবি বিষ্ণোইয়ে ৰয়েলছৰ বলিং ইউনিটক নতুন শক্তি প্ৰদান কৰিব৷ আই পি এলৰ ৭৭খন খেলত ৭২ টা উইকেট দখল কৰা ৰবি বিষ্ণোই ভাৰতৰ উইকেটত বিস্ফোৰক বেটাৰকো বন্ধি ৰখাৰ দক্ষতা আছে৷