গুৱাহাটী, ১৭ ডিচেম্বৰ, ২০২৫ : ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়া ট্ৰেড প্ৰম’চন অৰ্গেনাইজেচনে (ITPO) আগন্তুক বৰ্ষ অৰ্থাৎ ২০২৬ চনৰ ২২ ৰ পৰা ২৮ জানুৱাৰীলৈকে আয়োজন কৰিব ১৫ সংখ্যক ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰ (ই এইচ টি এফ)ৰ লগতে ২য় ইষ্ট হিমালয়ান এগ্ৰি এক্সপ’ (ই এইচ এ ই)। গুৱাহাটীৰ চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই মেলা প্ৰতিদিনে দিনৰ ১২:০০ বজাৰ পৰা নিশা ৮:০০ বজালৈকে দৰ্শকৰ বাবে খোলা থাকিব।
১৬ ডিচেম্বৰত গুৱাহাটীত এখন সংবাদমেলত এই কথা ঘোষণা কৰি আই টি পি অ’ৰ অ’ এছ ডি তথা মেলা বিভাগৰ জেনেৰেল মেনেজাৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষ কৌণ্ডিল্যই কয়, “ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰ হৈছে আই টি পি অ’ৰ অন্যতম গুৰুত্বপূৰ্ণ আঞ্চলিক পদক্ষেপ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ পূব আৰু উত্তৰ-পূব অঞ্চলত সৰ্বাংগীন অৰ্থনৈতিক বিকাশ, উদ্যোগীতা আৰু বজাৰৰ সুবিধা বৃদ্ধি কৰা। পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাৰ ওপৰত ভিত্তি কৰি, ১৫ সংখ্যক ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এছ এম ই), ষ্টার্টআপ, আত্মসহায়ক গোট (এছ এইচ জি), কৃষক আৰু উদ্যোগীসকলৰ বাবে এক শক্তিশালী মঞ্চ যোগান ধৰাৰ লগতে বাণিজ্য সংযোগ অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।”
মন কৰিবলগীয়া যে, এই মেলাত হাৰিয়ানা, বিহাৰ, দিল্লী, ৰাজস্থান আৰু অন্যান্য ৰাজ্যকে ধৰি কেইবাখনো ভাৰতীয় ৰাজ্যই অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে। এই ৰাজ্যসমূহে নিজ নিজ অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত শিল্পকলা আৰু সুকীয়া সামগ্ৰীসমূহ সুকীয়াকৈ সজা পেভিলিয়নৰ জৰিয়তে প্ৰদৰ্শন কৰিব। কেইবাটাও কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় খাদ্য নিগম (এফ চি আই)য়ে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা সংগ্ৰহ কৰা বিভিন্ন প্ৰকাৰৰ চাউল প্ৰদৰ্শন কৰি আঞ্চলিক বৈচিত্ৰ্য আৰু খাদ্য সুৰক্ষাৰ পদক্ষেপসমূহ দেখুৱাব। নাৰিকল উন্নয়ন পৰিষদে দক্ষিণ ভাৰতৰ নাৰিকল ভিত্তিক সামগ্ৰীৰ এক বিস্তৃত পৰিসৰ প্ৰদৰ্শন কৰিব, য’ত মূল্য সংযোজন আৰু কৃষিভিত্তিক উদ্যোগীতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। আনহাতে, আয়কৰ বিভাগে দৰ্শকসকলক আকৰ্ষণীয়ভাৱে কৰ নীতি আৰু নাগৰিক-কেন্দ্ৰিক পদক্ষেপসমূহৰ বিষয়ে তথ্য প্ৰচাৰ কৰাৰ লক্ষ্যৰে ইন্টাৰেক্টিভ খেল, নুক্কড় নাটক, বাটৰ নাট আৰু সজাগতা কাৰ্যসূচীৰ জৰিয়তে সংযোগ স্থাপন কৰিব।
ইফালে, প্ৰথম সংস্কৰণত লাভ কৰা উৎসাহজনক সঁহাৰিৰ পৰিপ্ৰেক্ষিতত এই ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰৰ সৈতেই একেলগে আয়োজন কৰা হ’ব দ্বিতীয় ইষ্ট হিমালয়ান এগ্ৰি এক্সপ’খনো। এই প্ৰদৰ্শনীত কৃষি, উদ্যান শস্য, জৈৱিক সামগ্ৰী, সংসাধিত খাদ্য, কৃষি সঁজুলি আৰু আনুষঙ্গিক খণ্ডসমূহৰ ওপৰত গুৰুত্ব দিয়া হ’ব। কৃষি মেলাখন কৃষক, কৃষি উদ্যোগী, কৃষক উৎপাদন সংস্থা (এফ পি অ’) আৰু প্ৰতিষ্ঠানসমূহৰ বাবে জ্ঞানৰ আদান-প্ৰদান, নতুন উদ্ভাৱনসমূহ প্ৰদৰ্শন আৰু বজাৰৰ সুযোগ অন্বেষণৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব। অন্যহাতে, দেশৰ বিভিন্ন ৰাজ্যৰ অংশগ্ৰহণৰ উপৰিও এই প্ৰদৰ্শনীত থাইলেণ্ড আৰু আফগানিস্তানৰ দৰে বিদেশী দেশৰ অংশগ্ৰহণৰ বাবেও আলোচনা চলি আছে। এই অংশগ্ৰহণকাৰীসকলে থাই উপভোক্তা আৰু জীৱনশৈলী সামগ্ৰী আৰু আফগানিস্তানৰ শুকান ফলৰ দৰে সামগ্ৰী আনিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত মেলালৈ এক আন্তঃৰাষ্ট্ৰীয় মাত্ৰা যোগ হ’ব আৰু আন্তঃসীমান্ত বাণিজ্যৰ সম্পৰ্ক বৃদ্ধি পাব।
এই মেলাত সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন ব্যঞ্জনৰ খাদ্য কেন্দ্ৰ আৰু দৰ্শকক আকৰ্ষিত কৰা বিভিন্ন কাৰ্যসূচীৰ ব্যৱস্থা থাকিব। ইয়াৰ ফলত মেলাখনি পৰিয়াল আৰু সাধাৰণ ৰাইজৰ বাবে এক আকৰ্ষণীয় স্থান হৈ উঠিব। ব্যাপক জনপ্ৰিয়তা আৰু অধিক সংখ্যক দৰ্শকৰ উপস্থিতি নিশ্চিত কৰিবলৈ ছপা, ইলেক্ট্ৰনিক, আউটড’ৰ আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বিস্তৃত প্ৰচাৰ অভিযানৰ পৰিকল্পনা কৰা হৈছে। আই টি পি অ’য়ে সংবাদ মাধ্যম আৰু জনসাধাৰণক ১৫ সংখ্যক ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰ আৰু দ্বিতীয় সংখ্যক ইষ্ট হিমালয়ান ট্ৰেড এক্সপ’ ২০২৬ ৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছে, যি বাণিজ্য, কৃষি, সংস্কৃতি আৰু আঞ্চলিক উন্নয়নৰ এক গতিশীল সংমিশ্ৰণ হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।
অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰেঃ
ৰুমেলা ৰয় – ৯৮৭৪৬ ৪৯৭২০ | [email protected]
স্বপন শ্ব’ – ৮৯১০৬ ৯৮০৩০ | [email protected]
কৰৱী মিত্ৰ মল্লিক – ৯৮৩০৪ ১৫০৭৩ | [email protected]
