নিউজ ডেস্ক, ৭ অক্টোবৰ, ২০২৬ : ৰে’লৱান এপত শ্বেয়াৰ কৰিব পৰা ইউটিএছ চিজন টিকটৰ সুবিধা প্ৰৱৰ্তন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীসকলে নিজৰ বাবে চিজন টিকট বুকিং (Ticket Booking) কৰাৰ লগতে পৰিয়ালৰ সদস্য বা অন্যান্য যাত্ৰীৰ বাবেও চিজন টিকট বুকিং কৰিব পাৰিব। ২ ছেপ্টেম্বৰ, ২০২৬ ৰ পৰা প্ৰৱৰ্তন কৰা এই সুবিধাৰ উদ্দেশ্য হৈছে চিজন টিকটৰ বুকিং অধিক সুবিধাজনক কৰি তোলাৰ লগতে ৰে’লৱেৰ টিকটিং ব্যৱস্থাক অধিক আধুনিক কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
এই নতুন সুবিধাৰ অধীনত, এজন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীয়ে প্ৰযোজ্য নিয়মাৱলী অনুসৰি নিজৰ বাবে এটা চিজন টিকটৰ লগতে পৰিয়ালৰ সদস্য বা অন্যান্য যাত্ৰীৰ বাবেও সৰ্বাধিক পাঁচটা অতিৰিক্ত চিজন টিকটৰ বুকিং কৰিব পাৰিব। ৰে’লৱান এপৰ জৰিয়তে নিজৰ বাবে চিজন টিকট বুকিং কৰিবলৈ ব্যৱহাৰকাৰীৰ ন্যূনতম বয়স ১৮ বছৰ হ’ব লাগিব। আনহাতে, আন এজন ব্যৱহাৰকাৰীয়ে যাৰ বাবে টিকট বুকিং কৰে, সেই যাত্ৰীগৰাকীৰ ন্যূনতম বয়স ৫ বছৰ হ’ব লাগিব। নিজৰ বাবে বুকিং কৰা চিজন টিকট সফল জিঅ’-ফেন্সিং পৰীক্ষণৰ পিছত একেদিনাই বৈধ হ’ব। আনহাতে, আন যাত্ৰীৰ বাবে বুকিং কৰা চিজন টিকট পৰৱৰ্তী দিনৰ পৰা বৈধ হ’ব।
শ্বেয়াৰযোগ্য চিজন টিকটত সুৰক্ষিত আৰু সুবিধাজনক টিকট পৰীক্ষণৰ বাবে ফটোগ্ৰাফ আৰু কিআৰ-কোড ভিত্তিক পৰীক্ষণ ব্যৱস্থা সংযোজন কৰা হৈছে। টিকটত যাত্ৰীৰ ফটোগ্ৰাফ প্ৰদৰ্শিত হোৱাৰ লগতে কিউআৰ ক’ডতো সংযোজিত থাকে, যাৰ জৰিয়তে পৰীক্ষণ কৰ্মচাৰীয়ে যাত্ৰীগৰাকীৰ পৰিচয় নিশ্চিত কৰিব পাৰিব। যাত্ৰাৰ সময়ত যাত্ৰীসকলে বৈধ শ্বেয়াৰযোগ্য চিজন টিকটৰ স্পষ্টভাৱে প্ৰিণ্ট কৰা প্ৰতিলিপি অথবা মোবাইল ডিভাইচত সংৰক্ষিত টিকটৰ পিডিএফ সংস্কৰণ লগত ৰাখিব পাৰিব। ৰে’লৱান এপৰ জৰিয়তে সৃষ্টি কৰা বুকিং ৰচিদ, ইনভইচ অথবা ইউটিএছ কাগজৰ টিকটৰ প্ৰতিলিপি বৈধ যাত্ৰা নথি হিচাপে গ্ৰহণযোগ্য নহ’ব। যাত্ৰীসকলক টিকট আৰু কিউআৰ ক’ডটো বৈধতাৰ সমগ্ৰ সময়ছোৱাত স্পষ্ট, সুৰক্ষিত আৰু পঢ়িব পৰা অৱস্থাত ৰখাৰ বাবে পৰামৰ্শ দিয়া হৈছে।
কিউআৰ ক’ড ক্ষতিগ্ৰস্ত, পৰিৱৰ্তিত, কোনো ধৰণে বিকৃত কৰা বা পঢ়িব নোৱাৰা হ’লে নিৰ্ধাৰিত ডিজিটেল পৰীক্ষণ সম্পন্ন কৰিব পৰা নাযাব। এনে ক্ষেত্ৰত, প্ৰযোজ্য ৰে’লৱে নিয়মাৱলী অনুসৰি যাত্ৰীগৰাকীক বৈধ টিকট অবিহনে যাত্ৰা কৰা বুলি গণ্য কৰা হ’ব পাৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই নতুন সুবিধা আৰু নিৰ্ধাৰিত পৰীক্ষণ প্ৰক্ৰিয়াৰ বিষয়ে টিকট পৰীক্ষণ কৰ্মচাৰীসকলক সজাগ কৰিছে। ৰে’লত টিকট পৰীক্ষণ কৰ্মচাৰী, ষ্টেচন কৰ্মচাৰী আৰু পৰীক্ষণ দলসমূহক শ্বেয়াৰযোগ্য চিজন টিকটৰ কিউআৰ-ক’ড স্কেনিং সমৰ্থন কৰা উন্নীত হেণ্ড-হেল্ড টাৰ্মিনেল (এইচএইচটি) এপ্লিকেচন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
এই নতুন সুবিধাটো ভাৰতীয় ৰে’লৱেৰ ডিজিটেল টিকটিং ব্যৱস্থা আৰু যাত্ৰীসেৱা অধিক উন্নত কৰাৰ দিশত চলি থকা প্ৰচেষ্টাৰ এক অংশ। একে সময়তে, টিকটৰ প্ৰামাণিকতা আৰু পৰীক্ষণৰ বাবে উপযুক্ত সুৰক্ষা ব্যৱস্থাও সংযোজন কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলক ৰে’লৱান এপ ব্যৱহাৰ কৰাৰ লগতে যাত্ৰাৰ সময়ত যাত্ৰীৰ তথ্য আৰু কিউআৰ ক’ড স্পষ্টভাৱে দৃশ্যমান থকা বৈধ শ্বেয়াৰযোগ্য চিজন টিকট লগত ৰখাৰ বাবে আহ্বান জনাইছে।
