নিউজ ডেস্ক, ১৮ ডিচেম্বৰ, ২০২৫ : সুৰক্ষা হৈছে ৰে’ল পৰিচালনৰ মূল আধাৰ আৰু লেভেল ক্ৰছিং (এলচি) গেটসমূহে ৰে’ল আৰু পথ পৰিবহণৰ মাজত সুৰক্ষিত আৰু নিৰ্বিঘ্ন সমন্বয় নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই চিগনেলিং ব্যৱস্থাৰ পদ্ধতিগত উন্নয়ন, আধুনিক প্ৰযুক্তি গ্ৰহণ কৰাৰ লগতে সাময়িক ৰক্ষণাবেক্ষণ পদ্ধতিৰ জৰিয়তে ইয়াৰ এলচি গেটসমূহত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।

এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে মানুহৰ হস্তক্ষেপ হ্ৰাস কৰা, নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰা আৰু ইয়াৰ সমগ্ৰ সংমণ্ডলত যাত্ৰী, পথ ব্যৱহাৰকাৰী আৰু ৰে’ল পৰিচালনত সুৰক্ষা (Safety) নিশ্চিত কৰা। এই সুৰক্ষা-কেন্দ্ৰিক দৃষ্টিভংগীৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইণ্টাৰলকড লেভেল ক্ৰছিং গেটসমূহৰ পৰ্যায়ক্ৰমিক উন্নয়ন কৰি আহিছে, যিসমূহে সুৰক্ষিত চিগনেলিং আৰু ইণ্টাৰলকিং ব্যৱস্থাৰ জৰিয়তে ৰে’ল আৰু পথ পৰিবহণ নিয়ন্ত্ৰণ নিশ্চিত কৰি তোলে। বৰ্তমান, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰ সংমণ্ডলত ৬২৪ খন ইণ্টাৰলকড এলচি গেট আছে, যাৰ ভিতৰত চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত সৰ্বমুঠ ৮ খন ইণ্টাৰলকড এলচি গেট স্থাপন কৰা হৈছে, যি ৰে’ল পৰিচালনৰ দিশত শক্তিশালী সুৰক্ষাৰ এক নিদৰ্শন প্ৰতিফলিত কৰিছে।

ইয়াৰ উপৰিও, এই সংমণ্ডলৰ কাটিহাৰ, ৰঙিয়া আৰু তিনিচুকীয়া মণ্ডলৰ ১০ খন এলচি গেটত শ্লাইডিং বুম প্ৰদান কৰা হৈছে। শ্লাইডিং বুমে এলচি গেটত দৃশ্যমানতা বৃদ্ধি কৰে আৰু পথ যান-বাহন ৰে’লৱে ট্ৰেকত অহাত প্ৰতিবন্ধতাৰ সৃষ্টি কৰে, যিয়ে ৰেল চলাচলৰ সময়ত পথ ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা উল্লেখযোগ্যভাৱে উন্নত কৰে। এতিয়ালৈকে সংমণ্ডলটোত মুঠ ৫৮২ খন শ্লাইডিং বুম এলচি গেটত স্থাপন কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰম্পৰাগত যান্ত্ৰিক লিফটিং বেৰিয়াৰসমূহ ইলেকট্ৰিক লিফটিং বেৰিয়াৰৰ (ইএলবি) জৰিয়তে প্ৰতিস্থাপনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, যিসমূহে অধিক নিৰ্ভৰযোগ্য আৰু তাৎক্ষণিক সঁহাৰি প্ৰদান কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেত সৰ্বমুঠ ৫০০ খন ইএলবি কমিচন কৰা হৈছে, যিসমূহে এলচি গেটৰ সুৰক্ষা উন্নয়নত এটা গুৰুত্বপূৰ্ণ সফলতাৰূপে চিহ্নিত হৈছে।

মণ্ডল অনুসৰি, সমগ্ৰ মণ্ডলতে বিস্তৃতভাৱে ইএলবি উপলব্ধ কৰা হৈছে, আনহাতে ৰঙিয়া মণ্ডলত এখন নতুন ইএলবি কমিচন কৰা হৈছে, যি আধুনিক, স্বয়ংক্ৰিয় সুৰক্ষা ব্যৱস্থা অধিক সম্প্ৰসাৰিত কৰিছে। চলিত বিত্তীয় বৰ্ষত এমএলবিৰ পৰা মুঠ ১৪ খন ইএলবি প্ৰতিস্থাপন কৰা হৈছে। এই পদক্ষেপসমূহে হস্তচালিত পৰিচালনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ব্যস্ত আৰু সংবেদনশীল এলচি স্থানসমূহত সুৰক্ষা বৃদ্ধি কৰিছে। সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ অৰ্থে, বিভিন্ন মণ্ডলৰ ২২০ খন এলচি গেটত চিষ্টেম ইণ্টেগ্ৰিটি টেষ্টিং (এছআইটি) ৰূপায়ন কৰা হৈছে যাতে চিগনেলিং আৰু ইণ্টাৰলকিং ব্যৱস্থাৰ দৃঢ়তা আৰু ফেইল-ছেফ পাৰফৰমেঞ্চ নিশ্চিত কৰিব পৰা যায়।

ইয়াৰ উপৰিও, ৩২ খন এলচি গেটত চিগনেলিং কেবল মেগাৰিং কৰা হৈছে, যি বৈদ্যুতিক ত্ৰুটিৰ আগতীয়া চিনাক্তকৰণ সম্ভৱ কৰি তোলে লগতে জটিল চিগনেলিং আন্তঃগাঁথনিৰ সঠিক কাৰ্যকাৰিতা নিশ্চিত কৰে। এই বিস্তৃত আৰু অবিৰত ব্যৱস্থাৱলীৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই সুৰক্ষাৰ প্ৰতি তাৰ অটল প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিত কৰি, অঞ্চলটোৰ এলচি গেটসমূহত ৰাইজৰ বাবে অধিক নিৰাপদ ৰে’ল চলাচল আৰু বৰ্ধিত সুৰক্ষাৰ বাবে অবিৰতভাৱে কাম কৰি গৈছে।