গুৱাহাটী, ১৯ ডিচেম্বৰ, ২০২৫ : ৰে’ল যাত্ৰীসকলৰ স্বাচ্ছন্দ্যপূৰ্ণ আৰু উন্নত ষ্টেচন সা-সুবিধা প্ৰদানৰ লক্ষ্যেৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই লামডিং মণ্ডলৰ অধীনস্থ গুৱাহাটী ৰে’ল ষ্টেচনত ৰিটায়াৰিং ৰুম আৰু ডৰমিটৰী সুবিধাসমূহৰ অধিক উন্নয়ন কৰিছে। এই উন্নীতকৃত সুবিধাসমূহ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱ আৰু অন্যান্য জ্যেষ্ঠ ৰে’ল বিষয়াবৰ্গৰ উপস্থিতিত কাৰ্যক্ষম কৰা হয়, যাৰ দ্বাৰা যাত্ৰীকেন্দ্ৰিক আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিত কৰা হৈছে।
ষ্টেচন ভৱনৰ প্ৰথম মহলাত অৱস্থিত ৰিটায়াৰিং ৰুম পৰিসৰে এতিয়া ৰে’ল যাত্ৰীসকলৰ বাবে অধিক উন্নত আৰু আৰামদায়ক বিশ্ৰাম অভিজ্ঞতা প্ৰদান কৰে। এই সুবিধাসমূহৰ ভিতৰত মুঠ ৯ টা ৰিটায়াৰিং ৰুম আছে যত ৭ টা দুখন-বিছনাযুক্ত কক্ষ আৰু ২ টা পাঁচখন-বিছনাযুক্ত কক্ষ অন্তৰ্ভুক্ত; লগতে এটা ১২ খন-বিছনাযুক্ত ডৰমিটৰীও উপলব্ধ আছে। এই উন্নীতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে সকলো কক্ষ সম্পূৰ্ণ এয়াৰ-কণ্ডিচনড ইউনিটলৈ ৰূপান্তৰিত কৰা হৈছে, য’ত অধিক আৰামদায়ক বিছনা আৰু উন্নত আভ্যন্তৰীণ সাজ-সজ্জাৰে সজ্জিত, এই কক্ষসমূহে যাত্ৰাকালীন সময়ছোৱাত ৰে’লযাত্ৰীসকলৰ বাবে আধুনিক, স্বাস্থ্যসন্মত আৰু সুবিধাজনক পৰিৱেশ নিশ্চিত কৰিছে।
এই পদক্ষেপে ৰে’লৱেৰ বাবে নন-ফেয়াৰ উপাৰ্জনত এক গুৰুত্বপূৰ্ণ উন্নয়ন হিচাপে চিহ্নিত হৈছে। নতুন ব্যৱস্থাৰ অধীনত আগন্তুক পাঁচ বছৰীয়া ঠিকাৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰায় ১.৯৪ কোটি টকা আয় কৰাৰ আশা কৰা হৈছে, যত ৰক্ষণাবেক্ষণ, পৰিচালনা অথবা নৱীকৰণৰ বাবে কোনো ব্যয় বহন কৰিব নালাগে। ই পূৰ্বৰ ইন হাউচ মেনেজমেন্ট মডেলতকৈ যথেষ্ট বেছি, য’ত সঘনাই পৰিচালনগত ব্যয় অন্তৰ্ভূক্ত আৰু মুঠ আয় কম আছিল। এই উন্নত সুবিধাসমূহে ৰে’লৱে সম্পত্তিৰ সৰ্বোত্তম ব্যৱহাৰ আৰু বহনক্ষম আয় বৃদ্ধিৰ জৰিয়তে, ভাৰতীয় ৰে’লৱেৰ বৃহত্তৰ আধুনিকীকৰণ লক্ষ্যৰ সৈতে সংগতি ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ যাত্ৰী সেৱা উন্নত কৰাৰ অবিৰত মনোনিবেশকেই প্ৰতিফলিত কৰিছে।
এই উন্নয়নসমূহে কাৰ্যকৰীভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে, ৰিটায়াৰিং ৰুম আৰু ডৰমিটৰীৰ সেৱাসমূহক মুক্ত টেণ্ডাৰ প্ৰক্ৰিয়াৰ জৰিয়তে আউটচ’ৰ্চ কৰি দায়িত্ব অৰ্পণ কৰা হৈছে, য’ত নবীকৰণ, উন্নয়ন, পৰিচালন আৰু ৰক্ষণাবেক্ষণৰ সকলো দায়িত্ব অন্তৰ্ভুক্ত কৰা হৈছে। সকলো নবীকৰণৰ কাম ৰে’লৱেৰ কোনো ব্যয় নোহোৱাকৈয়ে সম্পন্ন কৰা হৈছে আৰু সম্পূৰ্ণ পৰিচালনাৰ দায়িত্ব সেৱা প্ৰদানকাৰীৰ ওপৰত অৰ্পিত কৰা হৈছে।
