গুৱাহাটী, ২১ ডিচেম্বৰ, ২০২৫ : বাংলাদেশৰ শেহতীয়া ঘটনাপ্ৰৱাহক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)। জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, বাংলাদেশৰ ঘটনাৱলী অসমৰ বাবে উদ্বেগজনক এই কাৰণে যে এফালে সেই দেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত হৈ থকা নিৰ্যাতন মানৱতাবিৰোধী, আৰু আনহাতে উক্ত নিৰ্যাতনৰ ফলত সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ হ’ব পাৰে।
শনিবাৰে এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ধৰ্মীয় উন্মাদনা কিমান বিভৎস আৰু ভয়াৱহ, সেয়া চুবুৰীয়া দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে প্ৰমাণ কৰে। বাংলাদেশ মৌলবাদীৰ হাতলৈ গ’লে আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব ভাৰত, বিশেষকৈ অসম। গতিকে দেশখনৰ মৌলবাদ নিয়ন্ত্ৰণত ভাৰতৰ এটা ভূমিকা থকা উচিত। ভাৰত চৰকাৰে প্ৰয়োজনত বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰাৰ কথাও চিন্তা কৰা উচিত। বিশেষকৈ তাত সংখ্যালঘু হিন্দু লোকৰ ওপৰত মৌলবাদী শক্তিয়ে কৰা আক্ৰমণৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণৰে দেশখনৰ ওপৰত কূটনৈতিক হেঁচা প্ৰয়োগ কৰা প্ৰয়োজন। যদি তৎস্বত্বেও তেওঁলোক নিয়ন্ত্ৰণলৈ নাহে, তেতিয়াহ’লে ভাৰতে সামৰিক শক্তি প্ৰয়োগৰ কৰি হ’লেও দেশখনৰ সংখ্যালঘু লোকৰ নিৰাপত্তা নিশ্চিত কৰিব পাৰে বুলি দেশখনলৈ এটা বাৰ্তা দিয়া উচিত।
আনহাতে, বাংলাদেশত হৈ থকা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত সেই দেশৰ ধৰ্মীয় সংখ্যালঘু লোকৰ ভাৰতলৈ অবৈধ অনুপ্ৰৱেশ ঘটাৰ সম্ভাৱনা ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে দেশখনৰ অশান্ত পৰিস্থিতিৰ বাবে তাৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ হোৱাটো নতুন কথা নহয়। তেনে সমস্যাৰ আটাইতকৈ ডাঙৰ ভূক্তভোগী অসম ৰাজ্য। বৰ্তমানৰ পৰিস্থিতিৰ ফলত তাৰ পৰা অবৈধ অনুপ্ৰৱেশ হ’লে অসমেই উক্ত বোজা লব লাগিব। গতিকে দেশখনৰ পৰা যাতে ভাৰতলৈ অনুপ্ৰৱেশ ঘটিব নোৱাৰে, তাৰ বাবে সীমান্তৰ পহৰা অধিক কটকটীয়া কৰাৰ লগতে তাৰ পৰা পলায়ন কৰি অহা লোকে কা’ৰ জৰিয়তে যাতে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিব নোৱাৰে, তাৰ প্ৰতিও চৰকাৰ সচেষ্ট হৈ থাকিব লাগিব। আনকি এই ক্ষেত্ৰত অসমৰ ৰাইজকো জাগ্ৰত হৈ থাকিবলৈ জাতীয় পৰিষদে আহ্বান জনায়।
