নিউজ ডেস্ক, ২৩ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৭/১১ গোৰ্খা ৰাইফলছৰ সেনা মেডেল আৰু কীৰ্তি চক্ৰ (মৰণোত্তৰভাৱে) বিজয়ী কেপ্তেইন সুনীল কুমাৰ চৌধুৰীৰ (Captain Sunil Kumar Choudhary) সৰ্বোচ্চ ত্যাগ আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ সন্মানাৰ্থে শিলিগুড়ী ডিজেল লোকোম’টিভ শ্বেডত ডব্লিউডিপি৪বি লোকোম’টিভ নং ৪০০২৪ ক তেওঁৰ নামেৰে পুনৰ নামাকৰণ কৰিছে। কেপ্তেইন সুনীল কুমাৰ চৌধুৰী গোৰ্খা ৰেজিমেণ্টৰ শ্ৰেষ্ঠ পৰম্পৰাসমূহ যেনে বীৰত্ব, অনুশাসন আৰু কৰ্তব্যৰ প্ৰতি অটল সমৰ্পনৰ প্ৰতীক আছিল।
অসমত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত তেওঁ ব্যতিক্ৰমী সাহস আৰু নেতৃত্ব প্ৰদৰ্শন কৰিছিল, যাৰ বাবে তেওঁক সেনা মেডেল প্ৰদান কৰা হয়। কৰ্তব্যৰ আহ্বানৰ উপৰিও অসাধাৰণ বীৰত্ব আৰু সৰ্বোচ্চ ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ প্ৰদান কৰা হয়। উচ্চ গতিবেগসম্পন্ন ৪৫০০ এইচপি ডব্লিউডিপিবি টুইন ষ্ট্ৰ’ক ডিজেল লোকোম’টিভ, যি প্ৰতিকূল পৰিস্থিতিতো ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে পৰিচিত আৰু সাহসিকতা, ধৈৰ্য্য আৰু সেৱাৰ প্ৰতীকৰূপে ভাৰতীয় ৰে’লৱে আৰু সশস্ত্ৰ বাহিনী উভয়ৰে প্ৰমূল্যবোধৰ সৈতে গভীৰভাৱে অনুপ্ৰাণিত।
এই লোকোম’টিভ উৎসৰ্গা কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱে দেশক আভ্যন্তৰীণ আৰু বাহ্যিক ভাবুকিৰ পৰা ৰক্ষা কৰা সশস্ত্ৰ বাহিনী আৰু অৰ্ধ-সামৰিক বাহিনীৰ সাহস আৰু ত্যাগক সন্মান জনাইছে। এই উৎসৰ্গীকৰণে উত্তৰ-পূৰ্বাঞ্চল আৰু শিলিগুড়ী কৰিডৰৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে, যি এই অঞ্চলৰ গোৰ্খা ৰেজিমেণ্টসমূহৰ সৈতে দীৰ্ঘদিনীয়া আৰু গভীৰ সম্পৰ্ক গঢ়ি তুলিছে। এই ৰেজিমেণ্টসমূহৰ ভূমিকা ভাৰতৰ কৌশলগত সীমান্ত ৰক্ষা কৰাত আৰু অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাত অতি গুৰুত্বপূৰ্ণ।
দেশৰ জীৱনৰেখা ভাৰতীয় ৰে’লৱে উত্তৰ-পূৰ্ব্বাঞ্চলৰ বাবে সংযোগৰ গুৰুত্বপূৰ্ণ মাধ্যম যিয়ে সাহসিকতাৰ এই পৰম্পৰাৰ সৈতে গৌৰৱেৰে নিজকে যুক্ত কৰিছে। লোকোম’টিভ নং ৪০০২৪য়ে ৰে’ল নেটৱৰ্কৰ মাজেৰে অতিক্ৰম কৰাৰ লগে লগে ই এক চলমান শ্ৰদ্ধাঞ্জলি হিচাপে ৰে’লকৰ্মী আৰু নাগৰিকক ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈনিকসকলে কৰা সৰ্বোচ্চ ত্যাগৰ কথা সোঁৱৰাই দি এক স্মৰণীয় মূহুৰ্ত হৈ পৰিব।
