নিউজ ডেস্ক, ২৫ ডিচেম্বৰ, ২০২৫ : উৎসৱৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ ২০২৬ ৰ উপলক্ষ্যে দুযোৰ বিশেষ ৰে’লৰ (Special Train) চলাচলৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সম্প্ৰসাৰিত বিশেষ ৰে’লসমূহ হৈছে ৰে’ল নং ০৫৬০৯/০৫৬১০ (গুৱাহাটী-ছাইৰাং-গুৱাহাটী) চলাচলৰ বাবে প্ৰত্যেক দিশত ৩ টা ট্ৰিপৰ বাবে আৰু ৰে’ল নং ০৫৬২৮/০৫৬২৭ (আগৰতলা-গুৱাহাটী-আগৰতল) প্ৰত্যেক দিশত ৯ টা ট্ৰিপৰ বাবে চলাচলৰ বাবে বৃদ্ধি কৰা হৈছে।
এই ৰে’লসমূহ বিদ্যমান সেৱা, সময়সূচী, গঠন, ষ্টপেজৰ সৈতে চলিব। ৰে’ল নং ০৫৬০৯ (গুৱাহাটী-ছাইৰাং) বিশেষ ৰে’ল চলিত বৰ্ষৰ ২৬ ডিচেম্বৰ (শুকুৰবাৰ), ২৮ ডিচেম্বৰ (দেওবাৰ) আৰু ৩০ ডিচেম্বৰ (মংগলবাৰ) তাৰিখে গুৱাহাটীৰ পৰা পুৱা ০৬:০০ বজাত যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ১৯:৩০ বজাত ছাইৰাঙত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৬১০ (ছাইৰাং-গুৱাহাটী) বিশেষ ৰে’ল চলিত বৰ্ষৰ ২৭ ডিচেম্বৰ (শনিবাৰ), ২৯ ডিচেম্বৰ (সোমবাৰ) আৰু ৩১ ডিচেম্বৰ (বুধবাৰ) তাৰিখে ছাইৰাঙৰ পৰা পুৱা ০৬:০০ বজাত যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ১৯:৫০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।
সেইদৰে, ৰে:ল নং ০৫৬২৮ (আগৰতলা-গুৱাহাটী) সাপ্তাহিক বিশেষ ৰে’ল ২০২৬ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে প্ৰতি বৃহস্পতিবাৰে আগৰতলাৰ পৰা সন্ধিয়া ১৯:০০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা পুৱা ০৮:৪৫ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব। ঠিক তেনেদৰে, ৰে’ল নং ০৫৬২৭ (গুৱাহাটী-আগৰতলা) সাপ্তাহিক বিশেষ ৰে’ল ২০২৬ বৰ্ষৰ ২ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে প্ৰতি শুকুৰবাৰে গুৱাহাটীৰ পৰা দুপৰীয়া ১৩:১৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা পুৱা ০৪:১০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব।
এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচী বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।
