নিউজ ডেস্ক, ২৬ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই হাতীৰ (Elephant) সৈতে সংঘৰ্ষৰ ঘটনা ৰোধ কৰাৰ অৰ্থে তাৰ নেটৱৰ্কত সুৰক্ষিত, নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত ৰে’ল চলাচল নিশ্চিত কৰিবলৈ ধাৰাবাহিকভাৱে সক্ৰিয় আৰু প্ৰযুক্তি-ভিত্তিক পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই ধাৰাবাহিক পদক্ষেপসমূহৰ উৎসাহজনক পৰিণামৰ ফলত কেৱল চলিত বৰ্ষতে ১৬০ টাৰো অধিক হাতীৰ জীৱন সফলতাৰে ৰক্ষা কৰিব পৰা গৈছে, যি বন্যপ্ৰাণী সংৰক্ষণৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দৃঢ় প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিতকৰণ কৰিছে।

এই দিশত এক গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈছে অনুপ্ৰৱেশ চিনাক্তকৰণ পদ্ধতিৰ (ইনট্ৰুজন ডিটেকচন চিষ্টেম বা আইডিএছ) প্ৰৱৰ্তন, যি এক উন্নত কৃত্ৰিম বুদ্ধিমত্তা (আৰ্টিফিচিয়েল ইন্টেলিজেন্স) ভিত্তিক প্ৰযুক্তি যি ডিষ্ট্ৰিবিউটেড একোষ্টিক চিষ্টেম (ডিএএছ) নীতি ব্যৱহাৰ কৰে। এই পদ্ধতিয়ে ৰে’লপথৰ আশে পাশে হাতীৰ গতিবিধি চিনাক্ত কৰে আৰু তৎক্ষণাৎ লোকো পাইলট আৰু কন্ট্ৰ’ল ৰুমলৈ ৰিয়েল-টাইম সতৰ্কবাণী প্ৰদান কৰে, যাৰ ফলত সময়োচিত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ লগতে ৰে’ল চলাচলৰ সুৰক্ষা বৃদ্ধিত সহায়ক হয়।

এই আইডিএছ ইতিমধ্যে হস্তী কৰিড’ৰৰ মাজেৰে পাৰ হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত সফলতাৰে প্ৰৱৰ্তন কৰা হৈছে। বৰ্তমান এই পদ্ধতি চাৰিটা গুৰুত্বপূৰ্ণ খণ্ডত কাৰ্যকৰী কৰা হৈছে। ৰঙিয়া মণ্ডলৰ অধীনত ২৪ কিঃমিঃ কামাখ্যা-আজাৰা-মিৰ্জা খণ্ড, আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ ৫২ কিঃমিঃ মাদাৰীহাট-নাগ্ৰাকাটা খণ্ড, লামডিং মণ্ডলৰ অধীনৰ ৩২ কিঃমিঃ হাবাইপুৰ-লামচাখাং-পাথৰখোলা-লামডিং খণ্ড আৰু তিনিচুকিয়া মণ্ডলৰ অধীনৰ ২৩ কিঃমিঃ তিতাবৰ-মৰিয়নী-নকচাৰি খণ্ড।

এই আইডিএছ স্থাপনসমূহে একেলগে ৬২.৭ কিঃমিঃ হস্তী কৰিড’ৰ আৰু ১৩১ কিঃমিঃ ব্লক খণ্ড সামৰি লৈছে, পৰিণামস্বৰূপে সংবেদনশীল বন্যপ্ৰাণী বসতি অঞ্চলত নিৰাপত্তা উল্লেখযোগ্যভাৱে বৃদ্ধি হৈছে। এই সফলতাৰ ওপৰত ভিত্তি কৰি, আইডিএছৰ স্থাপন বৰ্তমান একাধিক মণ্ডলত চলি আছে, যাৰ ভিতৰত আলিপুৰদুৱাৰত ৯২ কিঃমিঃ, কাটিহাৰত ২৫ কিঃমিঃ, ৰঙিয়াত ১৭৪ কিঃমিঃ, লামডিঙত ১১০ কিঃমিঃ আৰু তিনিচুকিয়া মণ্ডলত ১২ কিঃমিঃ অন্তৰ্ভুক্ত আছে। সম্পূৰ্ণ হোৱাৰ পিছত এই পদ্ধতিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰ হস্তী কৰিড’ৰ সামৰি লৈ, মুঠ ১৪৬.৪ কিঃমিঃৰ সৈতে সামগ্ৰিক ব্লক খণ্ডৰ দৈৰ্ঘ্য ৪১৩.৪২ কিঃমিঃ হ’ব, যি এক শক্তিশালী আৰু সম্পূৰ্ণ সুৰক্ষা নেটৱৰ্ক সৃষ্টি কৰিব।

ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’ল আৰু হাতীৰ সংযোগ হ্ৰাস কৰিবলৈ উদ্ভাৱনীমূলক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ‘প্লেন বী’ পদ্ধতি, যি সংবেদনশীল লেভেল ক্ৰছিং গেটসমূহত স্থাপন কৰা হৈছে, এই পদ্ধতিৰ পৰা মৌ-মাখিৰ শব্দৰ প্ৰসাৰিত ধ্বনি ব্যৱহাৰ কৰা হয় যি ৪০০ মিটাৰলৈকে শুনা যায় আৰু হাতীক ৰে’ল পথৰ ওচৰলৈ অহাত বাধা দিয়ে। বন বিভাগৰ সৈতে সমন্বয়েৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰিয়েল-টাইম ভিত্তিত তথ্য বিনিময়, হস্তী কৰিড’ৰত নিশাৰ ভাগত গতিবেগৰ নিয়ন্ত্ৰণ, দৃশ্যভিত্তিত অস্থায়ী গতিবেগ নিয়ন্ত্ৰণ, ৰে’ল চালকসকলৰ সচেতনতা বৃদ্ধি, সতৰ্কতামূলক ছাইনব’ৰ্ড স্থাপন আৰু দৃশ্যমান উন্নত কৰাৰ অৰ্থে ঘাঁহ বন পৰিস্কাৰকৰণকে ধৰি সুৰক্ষামূলক ব্যৱস্থা বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়তো, ভাৰতীয় ৰে’লৱেই ডিষ্ট্ৰিবিউটেড একোষ্টিক চিষ্টেম (ডিএএছ) প্ৰযুক্তি ব্যৱহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তা-সক্ষম অনুপ্ৰৱেশ চিনাক্তকৰণ পদ্ধতি (আইডিএছ) প্ৰৱৰ্তনেৰে বন্যপ্ৰাণী সংৰক্ষণ শক্তিশালী কৰিছে যি ৰে’লপথৰ আশে পাশে হাতী আৰু অন্যান্য বন্যপ্ৰাণী চিনাক্ত কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেত সফলতাৰে শুভাৰম্ভ কৰা এই পদ্ধতি এতিয়া দেশৰ অন্যান্য অংশলৈ সম্প্ৰসাৰণ কৰা হৈছে। এই সম্প্ৰসাৰণে অতিৰিক্ত ৯৮১ ৰুট কিলোমিটাৰ সামৰি ল’ব, যাৰ ফলত ভাৰতীয় ৰেলৱেৰ মুঠ কাভাৰেজ ১,১২২ ৰুট কিলোমিটাৰ হ’ব, যি বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষিত ৰে’ল চলাচলৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিকে শক্তিশালী কৰিব। উল্লেখযোগ্য যে ২০১৭ বৰ্ষৰ পৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৰে’লপথ অতিক্ৰম কৰা ২,০০০ টাৰো অধিক হাতীক নিৰাপদে ৰক্ষা কৰা হৈছে।