গুৱাহাটী, ২৮ ডিচেম্বৰ, ২০২৫ : কেন্দ্ৰীয় ক্ৰীড়া বিভাগ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত তথা অসম চৰকাৰৰ (Assam Government) ক্ৰীড়া বিভাগৰ সহযোগত অসম হকী সন্থাই আয়োজন কৰা অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ প্ৰতিযোগিতা আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে৷ মহানগৰীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী মেচত বিহাৰে ২-০ গ’লৰ ব্যৱধানত অসমৰ ছোৱালী দলটোক পৰাস্ত কৰে৷
ইফালে, শনিবাৰে আন এখন খেল উৰিষ্যা আৰু ত্ৰিপুৰাৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰে’ল যাত্ৰা বিলম্ব হোৱা হেতুকে ত্ৰিপুৰাৰ ছোৱালী দলটো পলমকৈ গুৱাহাটীত উপস্থিত হয়৷ এতিয়া এই মেচখন ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ দেওবাৰে উৰিষ্যাই বিহাৰৰ বিৰুদ্ধে খেলাৰ বিপৰীতে¸ অসম ত্ৰিপুৰাৰ মুখামুখি হ’ব৷
শনিবাৰে পুৱা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰথমজন এন আই এছ হকী প্ৰশিক্ষক মোহন চন্দ্ৰ বৰা, অসম হকীৰ সভাপতি তপন কুমাৰ দাস, উপ-সভাপতি হিৰণ্য বৰা লগতে প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া বিভাগৰ এন আই এছ প্ৰশিক্ষক আৰ এছ ৰাজা৷ প্ৰতিযোগিতাৰ ফাইনেল ৩১ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷
