গুৱাহাটী, ১ জানুৱাৰী, ২০২৬ : অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে পথ আৰু যানবাহন ব্যৱহাৰকাৰীৰ মাজত ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব দি পহিলা জানুৱাৰীৰ পৰা কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা (Road Safety) সমিতিৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ অধ্যক্ষতাত পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।
পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব অভিজিৎ চৌধুৰীকে ধৰি আৰক্ষী, স্বাস্থ্য, আবকাৰী,শিক্ষা আদি পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে।পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে বৈঠকৰ আৰম্ভণিতে পহিলা জানুৱাৰীৰ পৰা মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া পথ সুৰক্ষা মাহৰ বিভিন্ন কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিভিন্ন সামাজিক সংস্থা আৰু বিভাগসমূহক দায়িত্ব অৰ্পণ কৰে৷
তেওঁ জানিবলৈ দিয়া মতে সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো বৃদ্ধি পোৱা পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰি ৰাজপথত সকলোৰে বাবে সুৰক্ষিত যাতায়াত গঢ়ি তোলাটো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ উদ্দেশ্য৷ মাহজোৰা কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পথসুৰক্ষা বিষয়ক ছবিঅঁকা, শ্ল’গান, কুইজ প্ৰতিযোগিতাৰ লগতে যানবাহন ব্যৱহাৰকাৰীৰ মাজত বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালা, আলোচনা চক্ৰ, বাটৰ নাট-মুকাভিনয়-পথ সুৰক্ষা বিষয়ক চুটি ছবি প্ৰদৰ্শন, কথোপকথন আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।
বৈঠকত জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এই পথ সুৰক্ষা মাহৰ কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে তেওঁ পথ সুৰক্ষাৰ সৈতে জড়িত বিভাগসমূহক বিশেষভাৱে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷ এই পথ সুৰক্ষা মাহ পহিলা জানুৱাৰীত মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত ব্যতিক্ৰমী কাৰ্যসূচীৰে আৰম্ভ হ’ব। উল্লেখ্য যে জিলাখনৰ পথ-সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত সহায়ক হোৱাকৈ গুৱাহাটী শোধানাগাৰে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিক এখন পথ সুৰক্ষা সজাগতা বাহন (ট্ৰেভেলাৰ) উপহাৰ দিয়ে।
এই উপলক্ষে গুৱাহাটী শোধানাগাৰৰ কাৰ্যাবাহী সঞ্চালক সুনীল কান্তি, মানৱ সম্পদ বিষয়া হিতাজিৎ ভট্টাচাৰ্য, মহাপ্ৰবন্ধক সীতা বৰুৱা, জ্যেষ্ঠ প্ৰবন্ধক ইলোৰা বৰুৱাই জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাস আৰু পথ সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰীৰ হাতত বাহনখন আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। আগন্তুক দিনত পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত এই সজাগতা বাহনখনে যাতে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে পথ সুৰক্ষা বাহনখন প্ৰদান কৰাৰ কথা উল্লেখ কৰি শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক গৰাকীয়ে বক্তব্য আগবঢ়ায়।
