গুৱাহাটী, ৯ জানুৱাৰী, ২০২৬ : অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক গৌৰৱোজ্জ্বল অধ্যায় সূচনা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ যৌথ উদ্যোগত নিৰ্মিত ভাৰত-ইজৰাইলৰ এক অনন্য সৃষ্টি। পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (পিআইএফএফ) ২০২৬ৰ ‘গ্লোবেল চিনেমা’ শিতানত প্ৰদৰ্শনীৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে অসমৰ যশস্বী চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰা (Manju Bora) আৰু ইজৰাইলৰ পৰিচালক ডেন উলমেনৰ যৌথ নিৰ্দেশনাত নিৰ্মিত ভাৰত-ইজৰাইলৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি ‘মাৰ্ডাৰ্ছ টু ক্ল’জ-লাভ টু ফাৰ’ শীৰ্ষক ছবিখন। মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ছবিখন অহা ১৭ জানুৱাৰী, শনিবাৰ আৰু ১৯ জানুৱাৰী, সোমবাৰে দৰ্শকৰ বাবে প্ৰদৰ্শন কৰা হ’ব।
এই নিৰ্বাচন নিশ্চিত কৰি সহ-পৰিচালক ডেন উলমেনে কয়, “আমাৰ ছবিখন পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ১৯ জানুৱাৰীত তাত ছবিখন উপস্থাপন কৰা হ’ব বুলি জনাই মই অতি আনন্দিত হৈছোঁ।” অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত এই ছবিখন হৈছে কোনো অসমীয়া প্ৰযোজনা গোষ্ঠী আৰু বিদেশী প্ৰযোজনা গোষ্ঠীৰ যৌথ উদ্যোগত নিৰ্মিত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ছবি, য’ত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এন এফ ডি চি-ৰ জৰিয়তে সহযোগিতা আগবঢ়াইছে। বিশেষভাৱে উল্লেখনীয় যে, সমগ্ৰ ছবিখনৰ দৃশ্যগ্ৰহণ অসমতে সম্পন্ন কৰা হৈছে আৰু ইয়াৰ কাৰিকৰী দলটোও অসমৰ থলুৱা শিল্পীৰে গঠিত, যিয়ে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এই অঞ্চলটোৰ বৰ্ধিত কাৰিকৰী তথা সৃষ্টিশীল সক্ষমতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
মঞ্জু বৰা, আমিৰ গেডালিয়া আৰু ডেন উলমেনৰ যুটীয়া প্ৰযোজনাত নিৰ্মিত ১০৮ মিনিট দৈৰ্ঘ্যৰ এই মৰ্মস্পৰ্শী অপৰাধমূলক কাহিনীৰ ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ নিপন গোস্বামী, শমিন মান্নান, সীমা বিশ্বাস, ভাগীৰথী বাই কদম আৰু আদিল হুছেইনে। মঞ্জু বৰা আৰু ডেন উলমেনে যুটীয়াভাৱে ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰাৰ লগতে পাৰ্থ বৰগোহাঁইয়ে চিত্ৰগ্ৰহণ, ইয়াল আমিৰে সম্পাদনা, দেৱজিৎ গায়নে শব্দ পৰিকল্পনা আৰু সংকেত যোশীয়ে সংগীত পৰিচালনাৰে ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। এক গ্ৰাম্য আৰক্ষী থানাৰ পটভূমিত গঢ় লৈ উঠা ছবিখনৰ কাহিনীত দেখা যায় যে দুজন আৰক্ষীৰ নৃশংস হত্যাকাণ্ডৰ ৰহস্যভেদৰ দায়িত্ব চি বি আইৰ জ্যেষ্ঠ বিষয়া ৰাম চৌধুৰীক অৰ্পণ কৰা হয়। তদন্তৰ গভীৰতালৈ যোৱাৰ সময়তে তেওঁৰ সাক্ষাৎ হয় গীতাৰ সৈতে- যি এগৰাকী অসাধাৰণ প্ৰতিভাশালী শিল্পী আৰু যাৰ শিল্পকৰ্মই জনতাৰ মানসিকতা তথা সামূহিক আচৰণৰ এক গভীৰ বিশ্লেষণ দাঙি ধৰে। তেওঁলোকৰ সম্পৰ্ক ক্ৰমান্বয়ে নিবিড় হোৱাৰ লগে লগে পৰৱৰ্তী হত্যাকাণ্ডসমূহে গোচৰটোক অধিক জটিল কৰি তোলে, য’ত ব্যক্তিগত আৱেগ আৰু বিভাগীয় তদন্ত একাকাৰ হৈ অৱশেষত এক শিহৰণকাৰী ৰহস্যৰ উন্মোচন ঘটায়।
এই বিশেষ সহযোগিতা সন্দৰ্ভত পৰিচালিকা মঞ্জু বৰাই কয় যে এই প্ৰকল্পটোৱে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া চলচ্চিত্ৰৰ বৰ্ধিত পৰিসৰক প্ৰতিফলিত কৰিছে আৰু শক্তিশালী কাহিনী তথা কাৰিকৰী উৎকৰ্ষতাৰ জৰিয়তে কেনেকৈ স্থানীয় বিষয়বস্তুৱে বিশ্বৰ দৰ্শকক আকৰ্ষিত কৰিব পাৰে, তাক স্পষ্টকৈ প্ৰমাণ কৰিছে। তেওঁ উল্লেখ কৰে, “পি আই এফ এফলৈ নিৰ্বাচিত হোৱাটো কেৱল আমাৰ ছবিখনৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ অসমীয়া চিনেমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এই প্ৰকল্পই দেখুৱাই দিছে যে যেতিয়া শক্তিশালী সহযোগিতা আৰু স্থানীয় প্ৰতিভাৰ সমল থাকে, তেতিয়া অসমৰ কাহিনীয়ে বিশ্বৰ যিকোনো মঞ্চতে মৰ্যাদাপূৰ্ণ স্থান দখল কৰিব পাৰে।” বিশ্বজুৰি সমাদৃত ছবি ‘হাইড এণ্ড চিক’, ‘প্ৰিচিয়াচ লাইফ’ আৰু ‘জুডাছ’ৰ সফল পৰিচালক ডেন উলমেনে এই ছবিখনলৈ নিজৰ বহু দশকৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাণৰ অভিজ্ঞতা কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে, ২০১৮ চনৰ ৪৯ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আই এফ এফ আই) উলমেনক বিশ্ব চিনেমাৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছিল। আনহাতে, ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰা সামাজিক, খিলঞ্জীয়া আৰু নাৰী-কেন্দ্ৰিক বিষয়বস্তুৰে নিৰ্মিত সংস্কৃতিৰ শিপা স্পৰ্শ কৰা ছবিৰ বাবে বিশেষভাবে পৰিচিত। তেওঁলোকৰ এই সুন্দৰ অংশীদাৰিত্বই আন্তঃৰাষ্ট্ৰীয় কাহিনী কথনৰ শৈলীৰ সৈতে শক্তিশালী আঞ্চলিক স্বকীয়তাৰ এক অপূৰ্ব মিশ্ৰণ ঘটাইছে। ছবিখনৰ নিৰ্মাণকালৰ অভিজ্ঞতা সন্দৰ্ভত চিনেমাটোগ্ৰাফাৰ পাৰ্থ বৰগোহাঁইয়ে কয়, “থলুৱা পৰিৱেশ আৰু কৰ্মশৈলীৰ সৈতে সংযুক্ত হৈ থাকি এটা আন্তঃৰাষ্ট্ৰীয় দলৰ সৈতে কাম কৰাটো সৃষ্টিশীলভাৱে অতি সন্তোষজনক আছিল। এনে এক অনন্য সুযোগ লাভ কৰাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ।”
পি আই এফ এফত ছবিখনৰ এই নিৰ্বাচন আৰু প্ৰদৰ্শনীয়ে বিশ্ব চলচ্চিত্ৰৰ মানচিত্ৰত অসমৰ পৰিচয় অধিক সুদৃঢ় কৰাৰ লগতে এই অঞ্চলৰ পটভূমিত অধিক আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক প্ৰকল্প নিৰ্মাণত উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটোৱে পুনৰবাৰ প্ৰমাণ কৰিছে যে যেতিয়া সঠিক সৃষ্টিশীল সহযোগিতা, উপযুক্ত আৰ্থিক সমৰ্থন আৰু চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰে, তেতিয়া অসমৰ কাহিনীৰ লগতে ইয়াৰ শিল্পী আৰু কাৰিকৰী বিশেষজ্ঞসকলেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ বলিষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়।
