গুৱাহাটী, ১২ জানুৱাৰী, ২০২৬ : উত্তৰ গুৱাহাটীৰ (North Guwahati) ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত দেওবাৰে হোৱা দ্বিতীয়খন এদিনীয়া খেলত ৮ উইকেটত জয়লাভেৰে নামিবিয়াৰ বিৰুদ্ধে মহিলা ক্ৰিকেটৰ দুখন খেলৰ ছিৰিজত অসমে ২-০ ব্যৱধানত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। মঙলদৈত শনিবাৰে প্ৰথম খেলত অসম ৯৮ ৰানত জয়ী হৈছিল।

টছত জয়ীহৈ নামিবিয়াই পোনতে ৩১.১ অভাৰত ১১৮ ৰান কৰিছিল। চুনি উইটমেনে সৰ্বাধিক ৫৮ ৰান কৰাৰ বিপৰীতে উইলকা মোৱাটিলে ১৯ আৰু য়াছমীন খানে ১৮ ৰান কৰে। অসমৰ গায়ত্ৰী গুৰুং আৰু প্ৰিয়ংকা কলিতাই তিনিটাকৈ উইকেট দখল কৰে। জিন্টিমণি কলিতাই দুটা আৰু নিৰূপমা বড়ো তথা উৰ্মিলা চেটাৰ্জীয়ে পায় এটাকৈ উইকেট।

প্ৰত্যুত্তৰত অসমে হেলাৰঙেই ২২.১ অভাৰত দুটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। গায়ত্ৰী গুৰুঙে ৫৪ আৰু ৰশ্মি দে’ই অপৰাজিত ৩৪ ৰান কৰে। আমন্টিকা মুণ্ডাই গোটায় ১৩ ৰান। নামিবিয়াৰ ছাইমা টুহাডেলেনি আৰু চিলভিয়া শ্বিহেপোৱে এটাকৈ উইকেট দখল কৰে। চাৰিটা উইকেটৰ সৈতে ১১২ ৰান সংগ্ৰহ কৰা গায়ত্ৰী গুৰুঙে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ বেটাৰ আৰু শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ পায়।

আনহাতে ছাইমা টুহাডেলেনি (নামিবিয়া)য়ে দুখন মেচত চাৰিটা উইকেট দখলেৰে শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰে। বঁটা প্ৰদান অনুষ্ঠানত বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লগতে এচিএৰ সভাপতি তৰংগ গগৈ, এচিএৰ সম্পাদক সনাতন দাস, উপ-সভাপতি ৰমেণ দত্ত, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ অনুপম ডেকা, এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্যকে ধৰি এচিএৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

সভাত ভাষণ দি দেৱজিৎ শইকীয়াই এনে ধৰণৰ এক্সপজাৰ কাৰ্যসূচীৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি নামিবিয়াৰ দলে অসম ভ্ৰমণ কৰাত আনন্দিত হোৱা বুলি কয়। তেওঁ প্ৰসংগক্ৰমে বিভিন্ন পৰিৱেশ-পৰিস্থিতিত খেলিলে খেলুৱৈসকলযে উপকৃত হয়, সেই কথাও উল্লেখ কৰে। তেওঁৰমতে বিনিময় কাৰ্যসূচীয়ে উভয় দলকে উপকৃত কৰে।

এচিএৰ সভাপতি তৰংগ গগৈয়ে কয় যে নামিবিয়াৰ দলটোক আদৰণি জনাবলৈ পাই তেওঁলোক অতিশয় আনন্দিত। ছিৰিজটোত দাঙি ধৰা প্ৰদৰ্শনৰবাবে তেওঁ অসম দলটোকো ওলগ জনায় আৰু অনাগত দিনত আৰু অধিক আন্তঃৰাষ্ট্ৰীয় খেল তথা সূচীৰ আয়োজন হব বুলি আশা প্ৰকাশ কৰে।