গুৱাহাটী, ১৪ জানুৱাৰী, ২০২৬ : ৰাজ্যজুৰি মাঘ বিহু (Magh Bihu) উপলক্ষে উখল মাখল পৰিৱেশ। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী, ইয়াৰ অনা এটা নাম মাঘ বিহু (Magh Bihu)। মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা মেজিৰ তলত সকলোৱে একেলগে তৃপ্তিৰে এসাঁজ খাই পুৱাৰ ভাগত অপায় অমংগল দূৰ কৰা আৰু মানৱ জাতিৰ মংগল কামনাৰে মেজিত অগ্নি সংযোগ কৰে।

মেজিত অগ্নি সংযোগ কৰি মেজিৰ জুইৰ তাপ লৈ সকলোৱে মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পিছতে মেজিৰ বাকৰিত অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ খেল-ধেমালি। পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলোৱাৰ পিছতে অনুষ্ঠিত কৰা হয় কণী যুঁজ, কড়ি খেল, টেকেলি ভঙাকে আদি কৰি বিভিন্ন ধৰণৰ খেল।

ভোগৰ এই উৎসৱত সকলোৱে মিলি একেলগে ভোগ কৰে দৈ, চিৰাৰ লগতে বিভিন্ন ধৰণৰ পিঠা পনা। গ্ৰামাঞ্চল সমূহৰ লগতে কংক্ৰীতৰ মহানগৰী গুৱাহাটীতো মাঘ বিহুকলৈ গুৱাহাটীবাসীৰ মাজত দেখিবলৈ পোৱা যায় ব্যাপক উৎসাহ। মহানগৰীৰ প্রান্তে প্রান্তে মেজি জ্বলাই অগ্নি দেৱতাৰ আশীষ লয় মহানগৰবাসীয়ে। মহানগৰী গুৱাহাটীৰ বিভিন্ন অঞ্চলত আয়োজন কৰা মাঘ বিহুৰ অনুষ্ঠানত পুৱাৰ ভাগতে দেখিবলৈ পোৱা যায় ৰাইজৰ ভিৰ।

কংক্ৰীতৰ মহানগৰী গুৱাহাটীৰ বিভিন্ন অঞ্চলত নিৰ্মাণ কৰা মেজি আৰু ভেলা ঘৰত পুৱাৰ ভাগত অগ্নি সংযোগ কৰি ৰাইজে অগ্নি দেৱতাক সেৱা জনাই সমগ্ৰ বিশ্বতে শান্তি স্থাপনৰ কামনা কৰে। কংক্ৰীতৰ মহানগৰবাসীয়ে বজাৰৰ পৰা ৰেডি মেড মেজি আৰু পিঠা ক্ৰয় কৰি ভোগৰ বিহু উদযাপন কৰি পৰম্পৰা ৰক্ষা কৰে। ইয়াৰ পূৰ্বে উৰুকাৰ দিনা মহানগৰীৰ বজাৰ সমূহত দেখিবলৈ পোৱা যায় ৰাইজৰ ব্যাপক ভিৰ।

উৰুকাৰ নিশা সকলোৱে একেলগে মিলি এসাজ খাবলৈ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰে বজাৰত। বিশেষকৈ মাছ ক্ৰয় কৰিবলৈ মাছৰ বজাৰ সমূহত মহানগৰবাসীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। উজান বজাৰস্থিত মাছৰ বজাৰ পুৱাৰ ভাগত ৰৌ, আৰি, চিতল, ভকুৱা আদি মাছেৰে ভৰি পৰে। মহানগৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন মাছৰ বজাৰ সমূহত ৰাইজে ভিৰ কৰে পছন্দৰ মাছ কিনিবলৈ।