গুৱাহাটী, ১৫ জানুৱাৰী, ২০২৬ : গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ (GAFF) ২০২৬-এ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰবীণ অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ জীৱনজোৰা সাধনা সন্মান প্ৰদান কৰিব। বাৰ্ষিক ভিত্তিত প্ৰদান কৰিবলগীয়া এই সন্মানৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰক গভীৰভাৱে প্ৰভাৱিত কৰা কৃতিত্বশালী শিল্পীসকলক সন্মান জনোৱা হ’ব। গুৱাহাটী এছিয় চলচ্চিত্ৰ মহোৎসৱে প্ৰথমবাৰৰ এই সন্মান বিষ্ণু খাৰঘৰীয়া দেবলৈ আগবঢ়াবলৈ পাই কৃতাৰ্থ হৈছে।

মহোৎসৱৰ সঞ্চালিকা মনিতা বৰগোহাঁইয়ে বঁটা ঘোষণা কৰি কয়, “বৰ্ণিল অভিনয় শিল্পী বিষ্ণু খাৰঘৰীয়াৰ ভাৰতীয় চিনেমালৈ, বিশেষভাৱে অসমৰ চিনেমালৈ অৱদান চিৰ স্মৰণীয়। তেখেতৰ অভিনয়ত শৈল্পিক সততা, অনুভৱৰ গভীৰতা আৰু শিল্পৰ প্ৰতি অবিচল নিষ্ঠা স্পষ্টভাৱে প্ৰতিফলিত হয়। চিনেমাৰ মাজতে জীৱন যাপন কৰা এগৰাকী শিল্পীক সন্মান জনাবলৈ পায় গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ গৌৰৱান্বিত।” ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) সহযোগত আয়োজিত এই মহোৎসৱ অহা ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব।

অসমৰ চিনেমা জগতৰ এগৰাকী বৰেণ্য অভিনয় শিল্পী হিচাপে পৰিগণিত বিষ্ণু খাৰঘৰীয়াই ১৯৭৪ চনত দেউতি বৰুৱা পৰিচালিত বৃষ্টিৰ জৰিয়তে চিনেমা জীৱনৰ আৰম্ভণি কৰে। তাৰ আগত তেখেতে বহু নাটকত নিজৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰিছিল। অসমৰ চিনেমা জগতত কেইবাটাও দশক জুৰি অভিনয় কৰা বিষ্ণু খাৰঘৰীয়াৰ কেইখনমান উল্লেখযোগ্য চিনেমা হ’ল – কল্লোল (১৯৭৮), ফিৰিঙতি (১৯৯২), সাগৰলৈ বহুদূৰ (১৯৯৫), পখী (১৯৯৮), ইশ্বু (২০১৭) ইত্যাদি। বহু উল্লেখযোগ্য চিনেমাত তেখেতৰ স্মৰণীয় অভিনয়ে অসম আৰু ভাৰতীয় চিনেমাক গভীৰভাৱে প্ৰভাৱিত কৰিছে। বৃষ্টিৰ খঙাল যুৱক ৰথীৰ চৰিত্ৰটোৰ অভিনয় আৰু সংলাপ আজিও জনপ্ৰিয়।

তেওঁৰ সংবেদনশীল অসাধাৰণ অভিনয় প্ৰতিভাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছে। ১৯৯৫ চনত জাহ্নু বৰুৱা পৰিচালিত সাগৰলৈ বহুদূৰৰ বাবে আৰু ২০১২ চনত বান্ধনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ উল্লেখ) লাভ কৰে। ১৯৯৬ চনত সাগৰলৈ বহুদূৰৰ বাবে ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত তেখেতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি ভাৰতৰ অন্যতম সন্মানীয় প্ৰবীণ অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰে। গুৱাহাটী এছিয় চিনেমা মহোৎসৱৰ জীৱনজোৰা সাধনা সন্মানৰ যোগেদি বৰেণ্য শিল্পী বিষ্ণু খাৰঘৰীয়াৰ অভিনয় যাত্ৰা আৰু ভাৰতীয় চিনেমালৈ তেখেতৰ অমূল্য অৱদানৰ প্ৰতি এক কৃতজ্ঞতা আৰু মহোৎসৱৰ বাবে গৌৰৱময় ক্ষণ হিচাপে বিবেচিত হ’ব।