শিৱসাগৰ, ২০ জানুৱাৰী, ২০২৬ : আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত বিৰিণা গোৱালাৰ (Birina Gowala) সফলতা। গৃহ জিলা শিৱসাগৰৰ লগতে সমগ্ৰ ভাৰতবৰ্ষক গৌৰৱাম্বিত কৰিছে বিৰিণা গোৱালাই। চীনৰ মাকাওত যোৱা ১৪ আৰু ১৫ জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত শিৱসাগৰৰ দিচাংমুখ চৰাইপৰা গাঁৱৰ বাসিন্দা শিক্ষক অনিল গোৱালা আৰু সুনীতা পাংগিং গোৱালাৰ কন্যা বিৰিণা গোৱালাই বিশেষ সফলতা লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে।
চৰাইপৰা গাঁৱৰ কন্যা বিৰিণা গোৱালাই চাৰিটা পৰ্যায়ত অনুষ্ঠিত ট্ৰেডিছনেল শাখাত সোণৰ পদক লাভ কৰি অসমৰ লগতে সমগ্ৰ ভাৰবৰ্ষকে গৌৰৱাম্বিত কৰিছে। আনহাতে আৰ্টিষ্টিক পেয়াৰ আৰু ৰিডমিক পেয়াৰত দ্বিতীয় স্থান, চেম্পিয়ন অৱ দা চেম্পিয়নত দ্বিতীয় ৰাণা আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে বিৰিণা গোৱালাই। খেলুৱৈ গৰাকী অসমৰ মাটিত ভৰি থোৱা পিছতে ডিব্ৰুগড় বিমান বন্দৰত বিভিন্নজনে আদৰণি উষ্ম আদৰণি জনায়। লগতে ডিব্ৰুগড় বৰবৰুৱাত গোৱালা সমাজকে ধৰি কেইবাটাও দল সংগঠনে সম্বৰ্ধনা জনায় বিৰিণা গোৱালাক।
আনহাতে ডিমৌ চাৰিআলিত অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনেও বিৰিণা গোৱালাক সম্বৰ্ধনা জনাই উষ্ম আদৰণি জনায়।টেক্সিআলি স্ব-গৃহত উপস্থিত হোৱা পিছতে চৰাইপৰা গাঁও উন্নয়ন সমিতি, টেক্সিআলি মিচিং উন্নয়ন সমিতি, মিলনজ্যোতি সংঘ, টেক্সিআলি ভকত সমাজে মিচিং গুমৰাকপাগ নৃত্যৰে আদৰণি এনে বিৰিণা গোৱালাক। উল্লেখ্য যে, যোৱা ২০২৫ বৰ্ষত গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰি চীনৰ মাকাওত খেলিবলৈ নিৰ্বাচিত হৈছিল বিৰিণা গোৱালা।
