গুৱাহাটী, ২৭ জানুৱাৰী ২০২৬ : পূৰ্বৰ সফল সংস্কৰণসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ (North-Eastern) খাদ্য, বেকাৰী আৰু আতিথ্য খণ্ডৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে আয়োজন কৰা হৈছে পঞ্চম সংখ্যক নৰ্থ-ইষ্ট ফুডটেক ২০২৬। অহা ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এই মেলাই প্ৰযুক্তি আৰু বাণিজ্যৰ এক উমৈহতীয়া ক্ষেত্ৰ প্ৰস্তুত কৰিব।
এই চাৰিদিনীয়া প্ৰদৰ্শনীখনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ ব্যৱসায়িক তথা জ্ঞানৰ আদান-প্ৰদানৰ মঞ্চ হিচাপে পৰিচিতি লাভ কৰিছে। য’ত প্ৰযুক্তিৰ ব্যৱহাৰ, বাণিজ্যিক অংশীদাৰিত্ব আৰু বিনিয়োগৰ নতুন দিগন্ত অন্বেষণ কৰিবলৈ একেখন মঞ্চতে একত্ৰিত হয় উৎপাদক, যোগানকাৰী, চেফ, হোটেল স্বত্বাধিকাৰী, ৰেষ্টুৰেণ্ট পৰিচালক, পৰামৰ্শদাতা, উদ্যোগী আৰু প্ৰতিষ্ঠানিক ক্ৰেতাসকল।
সমগ্ৰ ভাৰতৰ পৰা অহা ৮০ টাৰো অধিক আগশাৰীৰ প্ৰতিষ্ঠানে খাদ্য সংসাধনৰ যন্ত্ৰপাতি, বেকাৰী আৰু কনফেক্সনেৰী সঁজুলি, বাণিজ্যিক পাকঘৰৰ প্ৰণালী, হিমঘৰ তথা কোল্ড-চেইন আন্তঃগাঁথনিৰ শেহতীয়া সমাধানসমূহ ইয়াত প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও পেকেজিং প্ৰযুক্তি, উপাদান, খাদ্য সুৰক্ষাৰ ব্যৱস্থা আৰু আতিথ্য খণ্ডৰ সহায়ক সেৱাসমূহকো ইয়াত উপস্থাপন কৰা হ’ব, যিয়ে উত্তৰ-পূৰ্বাঞ্চলক খাদ্য উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে এক উল্লেখযোগ্য গন্তব্যস্থান হিচাপে পৰিগণিত কৰিব।
এই বৰ্ষৰ অনুষ্ঠানটোৰ এক বিশেষ আকৰ্ষণ হ’ব ৩১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘এন-ই বেকাৰী কনক্লেভ ২০২৬’। য’ত আধুনিক বেকাৰী পৰিচালনা, গুণগত মানদণ্ড, উদ্যোগ পৰিচালনা, ব্ৰেণ্ডিং আৰু ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ ওপৰত বিশেষজ্ঞসকলে আলোকপাত কৰিব। এই সমাৱেশত অংশগ্ৰহণ কৰিব আই এফ চি এ-ৰ অধ্যক্ষ চেফ মঞ্জিত গিল, স্বৰ্ণ পদক বিজয়ী খাদ্য প্ৰযুক্তিবিদ মনদীপ কৌৰ, অন্নপূৰ্ণা গ্ৰুপৰ প্লাণ্ট অপাৰেচন মেনেজাৰ শৰত ৰায়, ৰিপ’জৰ সঞ্চালক অনুপম ডেকা, হোমা ব্ৰেডছৰ সঞ্চালক মোহিত চিকাৰিয়া আৰু কলকাতাৰ বেকাৰী পৰামৰ্শদাতা ইদ্ৰিছ আনছাৰীৰ দৰে বিশিষ্ট ব্যক্তিসকলে।
অন্যহাতে, এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্বাচিত এম এচ এম ই বেকাৰী গোটসমূহকো আনুষ্ঠানিকভাৱে সন্মানিত কৰা হ’ব। এনে স্বীকৃতিয়ে থলুৱা উদ্যোগসমূহৰ বিকাশক উৎসাহিত কৰাৰ লগতে আঞ্চলিক উৎকৰ্ষতাক বিশেষ মৰ্যাদা প্ৰদান কৰিব আৰু এই খণ্ডটোত ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগৰ পৰিৱেশ তন্ত্ৰক অধিক সৱল কৰি তুলিব।
প্ৰদৰ্শনীৰ সমান্তৰালকৈ ইয়াত ৰন্ধন শৈলীৰ লাইভ ডেম’নষ্ট্ৰেচন আৰু বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। ‘ফ্লেভাৰ্ছ অফ নৰ্থ-ইষ্ট’ শিতানত চেফ মঞ্জিত গিল, চেফ সীতাৰাম প্ৰসাদ, চেফ বিজয় ভাস্কৰন, চেফ সুধাকৰ ৰাও, চেফ অভিৰু বিশ্বাস, চেফ সন্দীপ পাণ্ডে, চেফ ৰংগনাথ মুখাৰ্জী আৰু চেফ অতুল লহকৰৰ দৰে খ্যাতনামা ৰন্ধন বিশেষজ্ঞসকলে আঞ্চলিক খাদ্য সম্ভাৰ আৰু পেচাদাৰী উৎকৰ্ষতাৰ বিষয়ে চৰ্চা কৰিব।
নৰ্থ-ইষ্ট ফুডটেকৰ মুখ্য আহ্বায়ক জাকিৰ হুছেইনে প্ৰসংগক্ৰমে উল্লেখ কৰে যে, “নৰ্থ-ইষ্ট ফুডটেক বৰ্তমান এই অঞ্চলৰ উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞসকলৰ সৈতে ভাব-বিনিময় কৰাৰ এক অপৰিহাৰ্য মাধ্যম। ই আধুনিক প্ৰযুক্তি আৰু সঠিক পৰামৰ্শৰ বাবে পথ মুকলি কৰি দিয়ে, যিটো উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক আধুনিকীকৰণৰ বাবে অতি প্ৰয়োজনীয়।”
এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ পৰা প্ৰায় ৭,০০০ ব্যৱসায়িক দৰ্শনাৰ্থীৰ সঁহাৰি আশা কৰা হৈছে। এই বিপুল জনসমাগমে খাদ্য সংসাধন, বেকাৰী আৰু আতিথ্য খণ্ডৰ ব্যৱসায়িক লেনদেনৰ কেন্দ্ৰ হিচাপে গুৱাহাটীৰ ভূমিকাক বিশ্ব দৰবাৰত অধিক শক্তিশালী কৰিব।
