নিউজ ডেস্ক, ২৮ জানুৱাৰী, ২০২৬ : মহাৰাষ্ট্ৰৰ (Maharashtra) উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু। এন চি পিৰ মুৰব্বী অজিত পাৱাৰ আৰু নাই। মহাৰাষ্ট্ৰৰ বৰামাটিত এক বিমান দুৰ্ঘটনাত মৃত্যু হয় এন চি পিৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে বাৰামাটিলৈ গৈ থকা সময়ত বুধবাৰে পুৱা এক বিমান দুৰ্ঘটনাত মৃত্যু হয় ৬৬ বছৰীয়া অজিত পাৱাৰৰ।
এই দুৰ্ঘটনাত বিমানখনত থকা আন পাঁচোজন লোকৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে। ডিজিচিএৰ এগৰাকী বিষয়াই জনোৱা মতে, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিষয়াৰ এটা দল দুৰ্ঘটনাস্থলীলৈ গৈ আছে। তেওঁ লগতে কয় যে দুৰ্ঘটনাৰ সময়ত লিয়াৰজেট ৪৫ বিমানখনত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি পাঁচজন লোক আছিল।বিষয়াগৰাকীয়ে লগতে কয় যে বিমানখনত থকা কোনো লোক দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰা নাই।
লিয়াৰজেট ৪৫ হৈছে বম্বাৰ্ডিয়াৰ এৰ’স্পেছে (১৯৯৮-২০০৯) নিৰ্মাণ কৰা মধ্যমীয়া আকাৰৰ ব্যৱসায়িক জেট। ইয়াৰ ৰেঞ্জ ২০০০ৰ পৰা ২,২৩৫ নটিকেল মাইল। ইয়াত আঠজন যাত্ৰী বহিব পাৰে আৰু ই তীব্ৰ গতিবেগ (মেক ০.৭৮-০.৮১) চলাব পাৰে। দুটা হানিৱেল টিএফই৭৩১ ইঞ্জিনেৰে চালিত ই সৰ্বোচ্চ ৫১,০০০ ফুট উচ্চতা লাভ কৰিব পাৰে আৰু ইয়াৰ গতি আৰু কাৰ্যক্ষম, আৰামদায়ক কেবিনৰ বাবে পৰিচিত। ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শী এজনে কয়, “মই নিজ চকুৰে দেখিছিলো। সঁচাকৈয়ে কৰুণ কথা। বিমানখন নামি থকাৰ সময়ত এনে লাগিছিল যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’ব, আৰু হ’ল। তাৰ পিছত এটা বিস্ফোৰণ ঘটিল। এটা বিশাল বিস্ফোৰণ। তাৰ পিছত আমি ইয়ালৈ দৌৰি গৈ দেখিলোঁ যে বিমানখনত জুই জ্বলি আছে। বিমানখনত আৰু চাৰি-পাঁচটা বিস্ফোৰণ ঘটিছিল।
জানিব পৰা মতে বুধবাৰে পুৱা ৪.৪৫ বজাত বাৰামাটিত এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। অজিত পাৱাৰ ১৯৯১ চনত বাৰামাটিৰ পৰা লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ইয়ৰ লগতে বাৰামাটিৰ পৰাই আজিৰ পাৱাৰ সাতবাৰকৈ বাৰামাটি বিধানসভাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। অজিত পাৱাৰ ১৯৯১ চনত উপ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত ১৯৯৫, ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ ত নিৰ্বাচিত হৈছিল।
