নিউজ ডেস্ক, ২৯ জানুৱাৰী, ২০২৬ : এক গুৰুত্বপূৰ্ণ যাত্ৰীকেন্দ্ৰিক পদক্ষেপৰূপে ভাৰতীয় ৰে’লৱেই অসম, পশ্চিমবংগ আৰু বিহাৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৮২ টা ষ্টেচনত ২০২ টা অতিৰিক্ত ৰে’ল ষ্টপেজৰ অনুমোদন প্ৰদান কৰিছে। এই অতিৰিক্ত হল্টসমূহ পৰীক্ষামূলক ভিত্তিত অনুমোদিত হৈছে, যাৰ লক্ষ্য হৈছে ৰে’ল সংযোগ বৃদ্ধি, সৰু আৰু নতুন ষ্টেচনসমূহৰ যাত্ৰীসকলৰ বাবে প্ৰৱেশযোগ্যতা উন্নতকৰণ, জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰা।
এই ষ্টপেজসমূহ শীঘ্ৰেই কাৰ্যকৰী কৰা হ’ব আৰু যাত্ৰীৰ সঁহাৰি আৰু পৰিচালন সম্ভাৱ্যতাৰ বাবে সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব। এই পদক্ষেপৰ অধীনত কেইবাখনো গুৰুত্বপূৰ্ণ আৰু প্ৰিমিয়াম ৰে’ল অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে, ষ্টপেজসমূহৰ ভিতৰত নিউ জলপাইগুড়ী-গুৱাহাটী-নিউ জলপাইগুড়ী বন্দে ভাৰত এক্সপ্ৰেছ ৰঙিয়াত, আনন্দ বিহাৰ-আগৰতলা-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছ নিউ হাফলং আৰু নিউ কোচবিহাৰত, কলকাতা-ছাইৰাং-কলকাতা এক্সপ্ৰেছ কাটাখালত আৰু গুৱাহাটী-ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছত কাটলীছড়াত ষ্টপেজ প্ৰদান কৰা হৈছে, যি উত্তৰবংগ, বিহাৰ আৰু অসমত ৰেল যাত্ৰাৰ সময়সূচী অধিক শক্তিশালী কৰিব। লগতে, নিউ দিল্লী-ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ এতিয়া ধেমাজি, শিৱসাগৰ টাউন আৰু বিশ্বনাথ চাৰিআলিৰ দৰে ষ্টেচনত ৰখাব, যিয়ে উজনি অসমৰ যাত্ৰীসকলৰ বাবে ৰাজধানী সেৱাসমূহৰ উন্নত সুবিধা প্ৰদান কৰিব।
ইয়াৰ উপৰিও,{গুৱাহাটী-হাওড়া-গুৱাহাটী, ডিব্ৰুগড়-হাওড়া-ডিব্ৰুগড়, কামাখ্যা-পুৰী-কামাখ্যা, শিলচৰ-গুৱাহাটী-শিলচৰ আৰু আলিপুৰদুৱাৰ-দিল্লী-আলিপুৰদুৱাৰ এক্সপ্ৰেছৰ দৰে গুৰুত্বপূৰ্ণ মেইল আৰু এক্সপ্ৰেছ সেৱাসমূহো এই বৰ্দ্ধিত ষ্টপেজ পৰিকল্পনাৰ অধীনত সামৰি লোৱা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ ষ্টেচন যেনে ৰঙিয়া, নলবাৰী, বৰপেটা ৰোড, গোৱালপাৰা টাউন, বাসুগাঁও, ডাংতল, কোকৰাঝাৰ, নিউ কোচবিহাৰ, নিউ আলিপুৰদুৱাৰ, শিৱসাগৰ টাউন, ধেমাজি, লঙ্কা, হোজাই, বিশ্বনাথ চাৰিআলি, আলুৱাবাৰী ৰোড, বাগডোগৰা, ডালখোলা, সামছি, হৰিশ্চন্দ্ৰপুৰ, ৰাণীনগৰ জলপাইগুড়ী, নিউ মাল জংচন, সেবক আদি ষ্টেচনৰ অন্তৰ্ভুক্তিৰে পৰীক্ষামূলক হল্টসমূহৰ বাবে নিৰ্বাচিত কৰা হৈছে।
এই ষ্টপেজসমূহে মুখ্য জংচনলৈ যাত্ৰা কৰাৰ বাবে যাত্ৰা সময় হ্ৰাস কৰি আৰু দূৰণিৱটীয়া আৰু প্ৰিমিয়াম ৰে’লসমূহৰ সৈতে উন্নত ইন্টাৰচেঞ্জ সুযোগ প্ৰদান কৰি অৰ্ধ-নগৰীয় আৰু গ্ৰাম্য অঞ্চলৰ যাত্ৰীসকলক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। এই অতিৰিক্ত ষ্টপেজসমূহ আগন্তুক সপ্তাহসমূহত পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব। যাত্ৰীসকলক শেহতীয়া ৰে’লৰ সময়সূচীসমূহ চৰকাৰী ৰে’লৱে অনুসন্ধান প্ৰণালী আৰু ৱেবচাইটসমূহৰ জৰিয়তে নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে উত্তৰ-পূৰ্বাঞ্চল আৰু আশে পাশে থকা অঞ্চলসমূহৰ জনসাধাৰণৰ বাবে ৰে’ল সংযোগৰ শক্তিশালীকৰণ আৰু উন্নত যাত্ৰা সুবিধা প্ৰদান কৰাত প্ৰতিশ্ৰুতিবদ্ধ।
