গুৱাহাটী, ৯ ফেব্ৰুৱাৰী, ২০২৬ : চাহ বাগিচা (Tea Garden) অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা সংগীতৰ প্ৰতিভা অন্বেষণ আৰু তেওঁলোকক সঠিক দিশ নিৰ্দেশনা প্ৰদানৰ বাবে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ সংগীত প্ৰতিযোগিতা ‘সুৰ সংগম-টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ গ্ৰেণ্ড ফাইনেল অহা ১০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ শিক্ষা আৰু সৃষ্টিশীল ক্ষমতা বিকাশৰ এক উমৈহতীয়া লক্ষ্যৰে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সহযোগত ‘দ্য হান্স ফাউণ্ডেচন’ৰ দ্বাৰা এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

এই ভব্য অনুষ্ঠানৰ গ্ৰেণ্ড ফাইনেলত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে, বিশিষ্ট নেপথ্য কণ্ঠশিল্পী তথা পদ্মশ্ৰী বঁটা প্ৰাপক সুৰেশ ৱাডকাৰে সন্মানীয় অতিথি হিচাপে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। উল্লেখযোগ্য যে, ৱাডকাৰে প্ৰতিযোগিতাৰ শীৰ্ষ পাঁচগৰাকী বিজয়ীক মুম্বাইস্থিত তেওঁৰ সংগীত একাডেমীত উচ্চস্তৰীয় প্ৰশিক্ষণো আগবঢ়াব।প্ৰণিধানযোগ্য যে, চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত লুকাই থকা প্ৰতিভাক বিকাশৰ এক সুকীয়া পৰিচয় দি দ্য হান্স ফাউণ্ডেচনৰ ‘উত্তম শিক্ষা’ আঁচনিৰ অধীনত শুভাৰম্ভ কৰা হয় ‘সুৰ সংগম-টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ বিশেষকৈ চাহ জনজাতিৰ শিশুসকলৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগতে তেওঁলোকৰ মাজত বৌদ্ধিক প্ৰতিভা বিকশিত কৰাৰ লক্ষ্যৰে শোণিতপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ৫৪ খন আদৰ্শ বিদ্যালয়ত এই বিশেষ অভিযান আৰম্ভ কৰা হৈছে।

বৰ্তমান ৫৪ খন বিদ্যালয়ক সামৰি লোৱা এই কাৰ্যসূচী চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত ১০১ খন আদৰ্শ বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, যোৱা বছৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছিল। সেই বৈঠকত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ সমান্তৰালভাৱে সংগীত শিক্ষাৰ দৰে বিভিন্ন বৃত্তিমুখী আৰু পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্যসূচীৰ অন্তৰ্ভুক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশনা মৰ্মেই প্ৰতিখন অংশগ্ৰহণকাৰী আদৰ্শ বিদ্যালয়ত আনুষ্ঠানিকভাৱে সংগীত শিক্ষাৰ পাতনি মেলা হয় আৰু প্ৰতিটো শিক্ষা প্ৰতিষ্ঠানতে একোজনকৈ সংগীত শিক্ষক নিযুক্তি দিয়া হয়। ইয়াৰ ফলস্বৰূপে, যোৱা কেইবামাহো ধৰি ১৪,০০০ ৰো অধিক চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীয়ে এই বিদ্যালয়সমূহত অনুষ্ঠিত সাপ্তাহিক তথা দ্বিসাপ্তাহিক সংগীতৰ পাঠদান কাৰ্যসূচীত অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছে। চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভাক নতুন মাত্ৰা প্ৰদান কৰি শোণিতপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ তিনিটাকৈ অডিচন ৰাউণ্ড। ইয়াৰ পাছতে ডিব্ৰুগড়ত এক প্ৰাক-ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ অন্তত বিভিন্ন স্তৰৰ মূল্যায়নৰ জৰিয়তে ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেণ্ড ফাইনেলৰ বাবে নিৰ্বাচিত কৰা হৈছে।

প্ৰতিযোগিতাৰ এই চূড়ান্ত প্ৰতিযোগীসকল বৰ্তমান গুৱাহাটীত বাহৰ পাতি আছে আৰু বিশেষজ্ঞৰ তত্ত্বাৱধানত এক নিবিড় প্ৰশিক্ষণ তথা অনুশীলনত ব্যস্ত হৈ পৰিছে। চুড়ান্ত অনুষ্ঠানৰ মঞ্চত তেওঁলোকৰ পৰিৱেশন যাতে নিখুঁত হয়, তাৰ বাবে এক বিশেষ নিৰ্দেশনা প্ৰক্ৰিয়াৰ অধীনত তেওঁলোকক গ্ৰুমিং কৰা হৈছে। ইয়াৰ অংশ হিচাপে প্ৰতিযোগীসকলক প্ৰশিক্ষণ আগবঢ়াইছে বিশিষ্ট সংগীত শিল্পী অনিতা বৰঠাকুৰে। গ্ৰেণ্ড ফাইনেলৰ পূৰ্বে এই যুৱ শিল্পীসকলৰ কাৰিকৰী দক্ষতা, মঞ্চ উপস্থিতি আৰু সংগীতৰ প্ৰকাশভংগী অধিক উন্নত কৰাৰ লক্ষ্যৰে নিয়মিতভাৱে জামিং চেছন আৰু সামূহিক অনুশীলন অব্যাহত আছে।

প্ৰস্তুতিৰ এই পৰ্যায়ত এক ব্যতিক্ৰমী মাত্ৰা যোগ দি ‘সুৰ সংগম- টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ প্ৰতিযোগীসকললৈ সহায়ৰ হাত আগবঢ়াইছে চেলিব্ৰিটী হেয়াৰ ষ্টাইলিষ্ট ৰাজু ৰিয়াজে। তেওঁ গ্ৰেণ্ড ফাইনেলৰ পূৰ্বে প্ৰতিগৰাকী প্ৰতিযোগীক বিনামূলীয়া হেয়াৰ ষ্টাইল আৰু মেকআপ সেৱা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ এই অনন্য প্ৰয়াসৰ শলাগ লৈ চেলিব্ৰিটী হেয়াৰ ষ্টাইলিষ্ট ৰাজু ৰিয়াজে কয়, “দ্য হান্স ফাউণ্ডেচনৰ এই পদক্ষেপ সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। এই যুৱ শিল্পীসকলৰ মাজত অপৰিসীম প্ৰতিভা আৰু আত্মবিশ্বাস ভৰি আছে। তেওঁলোকে যেতিয়া এনে এক মৰ্যাদাপূৰ্ণ মঞ্চত খোজ দিব, তেতিয়া তেওঁলোকক সৰ্বোত্তম ৰূপত সজাই তোলাটো অত্যন্ত জৰুৰী। তেওঁলোকৰ জীৱনৰ এক টাৰ্ণিং পইণ্ট হ’ব পৰা এই বিশেষ মুহূৰ্তটোৰ বাবে তেওঁলোকক সহায় কৰিবলৈ পাই মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ।”

উল্লেখনীয় যে, ‘সুৰ সংগম-টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ শীৰ্ষ পাঁচগৰাকী বিজয়ীক স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা বৃত্তি প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও বিজয়ীসকলে মুম্বাইস্থিত সুৰেশ ৱাডকাৰৰ ‘আজিভাসন মিউজিক একাডেমী’ত উন্নত সংগীত প্ৰশিক্ষণ লাভ কৰাৰ লগতে অন্যান্য কেইবাটাও বঁটা আৰু স্বীকৃতি লাভ কৰিব। এই বিশেষ কাৰ্যসূচী সন্দৰ্ভত দ্য হান্স ফাউণ্ডেচনৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগ্ৰেম মেনেজাৰ জুৰিস্মিতা পূজাৰীয়ে কয়, “দ্য হান্স ফাউণ্ডেচনত আমি বিশ্বাস কৰোঁ যে শিক্ষা কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকিব নালাগে; ই শিশুক প্ৰকৃত অৰ্থত সবল কৰি তুলিব লাগে। সংগীতে ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মবিশ্বাস, অনুশাসন আৰু সৃজনশীলতাৰ বিকাশ ঘটায়, যিটো বিশেষকৈ সমাজৰ পিছপৰা শ্ৰেণীৰ শিশুসকলৰ বাবে অতি প্ৰয়োজনীয়। সুৰ সংগমৰ জৰিয়তে আমি চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সমান মৰ্যাদাৰ মঞ্চ সৃষ্টি কৰিছোঁ যাতে তেওঁলোকৰ প্ৰতিভা সকলোৱে চিনি পায় আৰু তেওঁলোকে উপযুক্ত সমৰ্থন লাভ কৰে।”

ইফালে, পূৰ্বে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে কয় যে আদৰ্শ বিদ্যালয়সমূহত সংগীতৰ দৰে পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্যসূচীৰ অন্তৰ্ভুক্তি ৰাজ্য চৰকাৰৰ অন্তৰ্ভুক্তিমূলক আৰু সৰ্বাংগীণ শিক্ষাৰ দৃষ্টিভংগীৰ সৈতে সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ।
সুৰ সংগমৰ জৰিয়তে অসম চৰকাৰ আৰু দ্য হান্স ফাউণ্ডেচনে কলা আৰু সংস্কৃতিক এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰি চাহ বাগিচাৰ শিশুসকলৰ মাজত আত্মবিশ্বাস আৰু সৃজনশীলতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ সুযোগসমূহ সুনিশ্চিত কৰাৰ এক উমৈহতীয়া প্ৰতিশ্ৰুতি ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰি আহিছে।