নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী, ২০২৬ : “নৰ্থ ইষ্ট ডিস্কভাৰী” চাৰ্কিটৰ অধীনত ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰে’লসেৱা ১২ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ছাইৰাং ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে মিজোৰামৰ ৰে’ল সেৱাই (Rail Service) এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, নেপালৰ পৰা ৮১ জন বিদেশী পৰ্যটকক কঢ়িয়াই অনা এই প্ৰীমিয়াম পৰ্যটক ৰে’লখনে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যটন মানচিত্ৰত ক্ৰমান্বয়ে মিজোৰামৰ গুৰুত্ব বৃদ্ধি হোৱাকেই প্ৰতিফলিত কৰিছে।

১৩ ছেপ্টেম্বৰ ২০২৫ তাৰিখে প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৫১.৩৮ কিলোমিটাৰ ভৈৰৱী-ছাইৰাং ৰে’লপথৰ ঐতিহাসিক উদ্বোধনৰ পিছত বিগত ছয় মাহৰ সময়ছোৱাত পৰ্যটকৰ আগমন অবিৰতভাৱে বৃদ্ধি হোৱাৰ পৰিণামস্বৰূপে মিজোৰামৰ পৰ্যটনৰ ক্ষেত্ৰত এক ঐতিহাসিক ক্ষণ আহি পৰে। উন্নত প্ৰৱেশযোগ্যতাই ঘৰুৱা আৰু আন্তৰ্জাতিক পৰ্যটকসকলক আকৰ্ষণ কৰিছে, যি আতিথ্য আৰু সম্পৰ্কিত খণ্ডত নিযুক্তিৰ সৃষ্টি কৰি ইকো-টুৰিজম আৰু সাংস্কৃতিক পৰ্যটনক সম্প্ৰসাৰিত কৰিছে আৰু একত্ৰিত বিকাশ আৰু আঞ্চলিক একতাৰ বৃহত্তৰ দৃষ্টিভংগীৰ অধীনত উত্তৰ-পূৰ্ব্বাঞ্চলৰ এক নৱতম গন্তব্যস্থান হিচাপে মিজোৰামক প্ৰতিষ্ঠিত কৰিছে। ছেপ্টেম্বৰ ২০২৫ ত ৰে’ল সেৱাৰ পৰিচালন আৰম্ভ হোৱাৰ লগে লগেই ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা হৈছে।

বৰ্তমান ছাইৰাঙৰ পৰা তিনিখন ৰে’ল সেৱা চলি আছে। ছাইৰাং-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছে উভয় দিশত ১৪৭ শতাংশ আৰু ১৫৪ শতাংশৰো অধিক অকুপেন্সি ৰেকৰ্ড কৰিছে। ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ আৰু ছাইৰাং-কলকাতা এক্সপ্ৰেছেও একেধৰণে ১০০ শতাংশতকৈয়ো অধিক অকুপেন্সি প্ৰদৰ্শন কৰিছে, যিয়ে ছাইৰাঙৰ পৰা নতুন ৰে’ল সংযোগৰ দিশত এক প্ৰৱল চাহিদা আৰু ৰাইজৰ গ্ৰহণযোগ্যতাকে স্পষ্ট কৰি দেখুৱাইছে। শেহতীয়াকৈ ৯ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ৰে’ল মন্ত্ৰীয়ে ছাইৰাঙৰ পৰা শিলচৰলৈ এখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে যি অঞ্চলটোৰ গতিশীলতা অধিক শক্তিশালী কৰি অসমৰ বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ শিক্ষা, চিকিৎসা আৰু বাণিজ্যিক কেন্দ্ৰ শিলচৰৰ সৈতে মিজোৰামক সংযোগ কৰিছে। 

ভৈৰৱী-ছাইৰাং খণ্ডত মালবাহী ৰে’লৰ পৰিচালনৰ সূচনা হোৱাৰ পিছৰে পৰাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে। উদ্বোধনৰ কিছু সময়ৰ পিছতে প্ৰথমখন মালবাহী ৰেক (২১ টা চিমেণ্টৰ ৱাগন) সফলতাৰে ছাইৰাঙলৈ লৈ পৰিবহন কৰা হয়, যিয়ে ৰাজ্যখনলৈ নিয়মীয়া মালবাহী পৰিবহণৰ আৰম্ভণিকে চিহ্নিত কৰিছে। পিছলৈ চিমেণ্ট, বালি, ষ্টোন চিপস, অত্যাৱশ্যকীয় সামগ্ৰী আৰু অটোমোবাইলকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী পৰিবহন কৰা হয়। উল্লেখযোগ্যভাৱে, ১১৯ খন যাত্ৰীবাহী বাহন থকা প্ৰথমখন অন্তৰ্মূখী অটোমোবাইল ৰেক ছাইৰাঙত গ্ৰহণ কৰা হয়, যি উচ্চমূল্যৰ বাল্ক কনছাইনমেণ্ট পৰিবহন কৰাৰ ক্ষমতাকে প্ৰদৰ্শন কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই পাৰ্চেল সামগ্ৰীৰ সৰবৰাহ শক্তিশালী কৰাৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰিছে, য’ত উদ্যান শস্য আৰু পচনশীল উৎপাদনৰ পৰিবহণৰ সুবিধাৰ বাবে ৰেফ্ৰিজেৰেটেড পাৰ্চেল ভেন সেৱা আৰম্ভ কৰা হৈছে, যাৰ ফলত স্থানীয় কৃষক আৰু ব্যৱসায়ীসকলৰ বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি পোৱাৰ লগতে সামগ্ৰী পৰিবহনৰ ব্যয় হ্ৰাস হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই অঞ্চলটোত ৰে’লৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰি ৰে’লসেৱাৰ মান উন্নতকৰণ, যাত্ৰী আৰু মালবাহী ৰে’লৰ পৰিচালন সম্প্ৰসাৰণ কৰাৰ প্ৰতি দায়বদ্ধ হৈ আছে, যাতে ৰে’ল সংযোগে মিজোৰাম আৰু সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলত একত্ৰিত উন্নয়ন আৰু দীৰ্ঘম্যাদী আৰ্থ-সামাজিক উন্নয়নৰ দিশত এক অনুঘটক হিচাপে সেৱা আগবঢ়ায় যায়।