নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (North East Frontier Railway) তিনিচুকীয়া মণ্ডলৰ শিমলুগুড়ী আৰু মৰাণহাট খণ্ডৰ মাজত স্থায়ী গতিবেগ সীমাবদ্ধতা (পিএছআৰ) অপসাৰণৰ সৈতে সম্পৰ্কিত কাৰ্ভৰ ৰিএলাইনমেন্টৰ এক গুৰুত্বপূৰ্ণ কাম সফলতাৰে সম্পন্ন কৰা হয়। এই কাৰ্যই খণ্ডটোত ৰে’লৱে আন্তঃগাঁথনিৰ শক্তিশালীকৰণ আৰু পৰিচালন দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হৈছে।

প্ৰকল্পটোত জটিল ইঞ্জিনিয়াৰিং কামকাজ অন্তৰ্ভুক্ত আছিল, যিসমূহ ট্ৰেফিক ব্লকৰ সময়ত ইঞ্জিনিয়াৰিং, পৰিচালন আৰু ট্ৰেকচন বিতৰণ বিভাগসমূহৰ মাজত পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সুচাৰুৰূপে সম্পন্ন কৰা হয়। বিদ্যমান ৪-ডিগ্ৰী কাৰ্ভক ৰিএলাইনমেন্ট কৰি নতুনকৈ স্থাপন কৰা ২-ডিগ্ৰী কাৰ্ভৰ সৈতে সংযোগ কৰা হয়। পুনৰ সংৰেখিত অংশত বৈদ্যুতিক ট্ৰেকচনৰ কামকাজ সুগম কৰিবলৈ নতুন ওভাৰহেড সঁজুলি (অএইচই) ৱায়াৰ আৰু মাষ্টো স্থাপন কৰা হৈছে।

পূৰ্বতে এই খণ্ডত ৪০০ মিটাৰ দৈৰ্ঘ্যৰ ৪-ডিগ্ৰী কাৰ্ভ আছিল। ৰিএলাইনমেন্টৰ অধীনত প্ৰায় ৬৫০ মিটাৰ নতুন গঠনৰ ওপৰত ৬৬০ মিটাৰ দৈৰ্ঘ্যৰ ২-ডিগ্ৰী কাৰ্ভ স্থাপন কৰা হৈছে। ৰিএলাইনমেন্টৰ সময়ত সৰ্বাধিক শ্লিউ ২৭.৭৭ মিটাৰ আছিল, যিয়ে ইঞ্জিনিয়াৰিং কাৰ্যৰ মানদণ্ড আৰু নৈপুণ্যতাকে প্ৰতিফলিত কৰিছে। আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে নৱনিৰ্মিত গঠনত ৪ মিটাৰ × ৪ মিটাৰ স্পান থকা নতুন সেতু নং ৩১ ৰ নিৰ্মাণ কৰা হৈছে, যাৰ মুঠ দৈৰ্ঘ্য ১০.২ মিটাৰ।

এই নতুন সেতু আৰু গঠনে খণ্ডটোত ট্ৰেকৰ স্থিতিশীলতা, সুৰক্ষা আৰু দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰিব। এই কাম সম্পন্ন হোৱাৰ লগে লগে ৪০০ মিটাৰ বিস্তৃত ৰেলপথত প্ৰতি ঘন্টাত ৮০ কিমি স্থায়ী গতি বেগৰ সীমাবদ্ধতা (পিএছআৰ) সম্পূ্ৰ্ণভাৱে অপসাৰণ হৈছে। এতিয়া ট্ৰেকটোৰ সৰ্বাধিক অনুমোদিত গতিবেগ (এমপিএছ) প্ৰতি ঘন্টাত ১১০ কিমিৰ বাবে উপযোগী কৰি তোলা হৈছে, যি ৰে’লৰ গতিশীলতা যথেষ্ট উন্নত কৰি তোলাৰ লগতে, যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু সময়ানুবৰ্তিতা বৃদ্ধি কৰিব। এই সফলতাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, সুৰক্ষা মানদণ্ডৰ উন্নতকৰণ আৰু অঞ্চলজুৰি দ্ৰুততৰ, সুৰক্ষিত আৰু অধিক নিৰ্ভৰযোগ্য ৰে’ল সেৱা প্ৰদানৰ প্ৰতি তাৰ দায়বদ্ধতাকে পুনৰ প্ৰতিফলিত কৰিছে।