নিউজ ডেস্ক ২৩ ফেব্ৰুৱাৰী, ২০২৬ : আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ শেহতীয়া চিনেমা ‘Not a Hero’ই ক্ৰিষ্টেল বীয়েৰ স্পেছিয়েল মেনছন লাভ কৰিলে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। এই মহোৎসৱতে ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছিল চিনেমাখনৰ। জেনেৰেচন কে প্লাছ কম্পিটিছন শাখাত চিনেমাখনৰ বাছনি হৈছিল, যিটো শাখাত শিশু আৰু যুৱ চাম দৰ্শকৰ বাবে নিৰ্মিত আৰু তেওঁলোকৰ গভীৰভাৱে সম্পৰ্কিত চিনেমাৰ উদযাপন কৰা হয়।

এয়া আছিল বাৰ্লিনেলত ৰীমা দাসৰ তৃতীয়খন চিনেমা, ইয়াৰ পূৰ্বে তেওঁৰ চিনেমা ‘বুলবুল কেন ছিঙে’ ২০১৯ চনত জেনেৰেচন কে প্লাছত স্পেচিয়েল মেনছন  লাভ কৰিছিল। জেনেৰেচন কে প্লাছৰ জুৰী সদস্য সকল আছিল ৱাল্টাৰ  মৰ্টিজ আৰ্ণডট, গুস্তাভ আৰ্ণজ, থাবানি ডাবুলামাঞ্জি, ৰোজা ছফি ক্ৰাছজহৰকাই, ভেৰা মাৰ্চ, এমিৰ এবে অজেৰেন উদণ্ড আলমা ছোফিয়া ভিলানুইভা বুলেমাৰ।‌ এই সকলে ক্ৰিষ্টেল বীয়েৰ বিজয়ী বাছনি কৰি চিনেমাখন‌ৰ বিষয়ে এইদৰে অভিমত প্ৰকাশ কৰিলে নগৰৰ এজন সাধাৰণ ল’ৰাই উপকণ্ঠ অঞ্চললৈ গৈ জীৱনটো আৱিষ্কাৰ কৰিলে। নতুন বন্ধু আৰু নিজকে আৱিষ্কাৰ কৰিলে। দক্ষ অভিনেতা থকা এখন আমোদজনক চিনেমা, যি আমাক আবেগিক অভিযানলৈ লৈ যায়।

যুৱ দৰ্শকৰ সৈতে গভীৰ সম্পৰ্কৰ বাবে এই চিনেমাখনে স্বীকৃতি লাভ কৰিছে। এই সফলতাৰ বিষয়ে ৰীমা দাসে কয়, এই স্বীকৃতি মোৰ বাবে গভীৰভাৱে অৰ্থপূৰ্ণ।’ শিশুসকলৰ কথা ভালদৰে শুনি আৰু তেওঁলোকক তেওঁলোকৰ শক্তি, সাহস আৰু তেওঁলোকে কি হ’ব খোজে, সেয়া বাছনি কৰাৰ তেওঁলোকৰ অধিকাৰক গুৰুত্ব দি এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। চিনেমাখনত কেন্দ্ৰীয় চৰিত্ৰ মিভানৰ চৰিত্ৰ ৰূপায়ণ কৰা ভুমন ভাৰ্গৱ দাসে আনন্দ প্ৰকাশ কৰিলে এইদৰে “বিজয়ী হৈ মই বহুত সুখী হৈছোঁ। বহুত মানুহৰ লগত আমি চিনেমাখন চালোঁ আৰু মোৰ নিচিনা বহুতো সৰু ল’ৰা ছোৱালীয়ে চিনেমাখন চাবলৈ আহিছিল। তেওঁলোকে চিনেমাখন খুব ভাল পাইছে। কিছুমান মানুহে মোৰ অটোগ্ৰাফ ল’লে আৰু ফটোও তুলিলে। ইমান ডাঙৰ চিনেমা হলত মই প্ৰথম চিনেমা চাবলৈ পালোঁ।”

অভিনেত্ৰী সুকন্যা বৰুৱাই কয়, “এইখন মোৰ প্ৰথম চিনেমা আৰু এয়া মোৰ প্ৰথম বাৰ্লিনেল। এয়া সপোনৰ দৰে অনুভৱ। Not a Hero ৰ অংশ হ’বলৈ পোৱাটো অনন্য এক যাত্ৰা। এই চিনেমাখনত কাম কৰি শিশু কিশোৰসকলৰ কথা শুনা, তেওঁলোক পৰ্যৱেক্ষণ কৰা আৰু বাস্তৱৰূপত তেওঁলোকৰ সৈতে সম্পৰ্ক কেনেকৈ গঢ়িব পাৰি, শিকিবলৈ পালোঁ। এই অভিজ্ঞতা স্মৰণীয় অভিজ্ঞতা। উল্লেখ্য যে, অকাংগা ফিল্ম এছিয়া আৰু ট্ৰেইন ট্ৰিপাৰ ফিল্মছত সহযোগত Flying River Filmsএ এই চিনেমাখন প্ৰযোজনা কৰিছে। প্ৰিমিয়াৰৰ পূৰ্বে পেৰিছৰ বিপনন কোম্পানী  এম এম এম ছেলছ-এ চিনেমাখনৰ বিশ্ব বিপননৰ স্বত্ব ক্ৰয় কৰে।