নিউজ ডেস্ক, ২ মাৰ্চ, ২০২৬ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ইয়াৰ সমগ্ৰ সংমণ্ডলত উদ্ভাৱনীমূলক ৰে’ল কোচ ৰেষ্টুৰেণ্ট (Rail Coach Resturant) পদক্ষেপক শক্তিশালীকৰণৰ পদক্ষেপ অব্যাহত ৰাখি বৰ্তমানে ১৪ খন ৰে’ল কোচ ৰেষ্টুৰেণ্ট চলাই আছে। এই বিশেষ আহাৰৰ সুবিধাসমূহে কাটিহাৰ আৰু যোগবানী, ৰায়গঞ্জ, দাৰ্জিলিং, মালদা কোৰ্ট, নিউ কোচবিহাৰ, ৰাজা ভাত খোৱা, কোচবিহাৰ, জলপাইগুড়ী ৰোড আৰু নিউ মাল জংচনৰ লগতে গুৱাহাটী, উজানবজাৰ, কোকৰাঝাৰ আৰু নিউ তিনিচুকীয়াত যাত্ৰী আৰু ভ্ৰমণকাৰীসকলৰ সেৱা আগবঢ়াই আহিছে।

এই ৰেষ্টুৰেণ্টসমূহৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সৃজনশীল আৰু বহনক্ষম পদক্ষেপৰ জৰিয়তে যাত্ৰী সুবিধাসমূহৰ উন্নত কৰাৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। এই ধাৰণাক আৰু আগবঢ়াই নিয়াৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলৰ অধীনৰ ৰায়গঞ্জ ৰে’লৱে ষ্টেচনত ৰে’ল কোচ ৰেষ্টুৰেণ্টৰ পৰিচালনৰ বাবে ৫ বছৰীয়া ঠিকা প্ৰদান কৰা হৈছে। এই পদক্ষেপে যাত্ৰী সুবিধাসমূহৰ শক্তিশালীকৰণৰ লগতে ৰে’লৱেৰ বাবে ভাৰা-বহিৰ্ভূত বহনক্ষম ৰাজহ সৃষ্টিৰ দিশত এক অগ্ৰগামী পদক্ষেপ ৰূপে পৰিগণিত হৈছে।

ৰায়গঞ্জৰ ৰে’ল কোচ ৰেষ্টুৰেণ্টখন ৰে’লৱেৰ থিমযুক্ত এক অনন্য ভোজনস্থলীৰ গন্তব্যস্থান হিচাপে পৰিকল্পিত কৰা হৈছে, যিখন নতুনকৈ নিৰ্মাণ কৰা এটা ৰে’লৰ ডবাৰ পৰা পুনৰ ৰেষ্টুৰেন্ট হিচাপে গঢ়ি তোলা হৈছে আৰু ইয়াত ৰে’লৱেৰ আকৰ্ষক নষ্টালজিয়াৰ সৈতে অতিথি আপ্যায়নৰ আধুনিক মানদণ্ডৰে সংমিশ্ৰিত কৰা হৈছে। এই সুবিধাই কেৱল ৰে’ল যাত্ৰীসকলৰ বাবেই নহয়, স্থানীয় বাসিন্দা আৰু ভ্ৰমণকাৰীসকলৰ বাবেও সেৱা আগবঢ়াব লগতে অঞ্চলটোত এক আকৰ্ষণীয় আৰু সকলোৰে বাবে গ্ৰহণযোগ্য ভোজন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব। এই পদক্ষেপ হৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বৃহত্তৰ দৃষ্টিভংগীৰেই এক অংশ, য’ত অব্যৱহৃত ৰে’লৱে ডবাসমূহক নান্দনিক ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰি ৰে’লৱেৰ ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে সৃজনশীলভাৱে ব্যৱহাৰ কৰা হয়।

সমগ্ৰ সংমণ্ডলত ৰে’ল কোচ ৰেষ্টুৰেণ্টসমূহে নিজৰ বিশেষ পৰিৱেশ, উন্নতমানৰ খাদ্য আৰু গ্ৰাহক-হিতৈষী সেৱাৰ বাবে প্ৰশংসা লাভ কৰিছে। এই পদক্ষেপে যাত্ৰী সুবিধাসমূহ যথেষ্ট উন্নত কৰাৰ লগতে বিশেষভাৱে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব, পৰিণামস্বৰূপে স্থানীয় অৰ্থনীতিৰ বিকাশ আৰু ৰাইজৰ উন্নয়নত অৱদান আগবঢ়াব। ইয়াৰ জৰিয়তে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই উদ্ভাৱন, বহনক্ষমতা আৰু ৰে’লৱে সম্পদৰ ফলপ্ৰসূ, যাত্ৰী-কেন্দ্ৰিক ব্যৱহাৰৰ জৰিয়তে দীৰ্ঘম্যাদী ৰাজহুৱা কল্যাণৰ প্ৰতি নিজৰ দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।