নিউজ ডেস্ক, ৬ মাৰ্চ, ২০২৬ : যাত্ৰীবাহী আৰু মালবাহী ৰে’ল সেৱাসমূহ (Rail Service) আৰম্ভ হোৱাৰ লগে লগে মিজোৰামত যাত্ৰীবাহী আৰু ৰাজ্যখনত সামগ্ৰীৰ পৰিবহণ ব্যৱস্থাত উভয় ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে। এই উন্নয়নে কেৱল সংযোগ উন্নত কৰাই নহয়, ৰাজ্যখনৰ আৰ্থিক বিকাশতো অৱদান আগবঢ়োৱাৰ লগতে অঞ্চলটোত পৰ্যটন খণ্ডকো অধিক শক্তিশালী কৰিছে। এক ঐতিহাসিক গুৰুত্বপূৰ্ণ সফলতা ৰূপে, ৩ মাৰ্চ, ২০২৬ তাৰিখে পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় খাদ্য নিগমৰ খাদ্যশস্য বহন কৰা কাৰ্গো মালবাহী ৰেলখন ছাইৰাং ৰে’লৱে ষ্টেচনত আহি উপস্থিত হয়। এই কাৰ্গো মালবাহী ৰে’লখনত পঞ্জাবৰ পৰা প্ৰায় ২৫,৯০০ কুইণ্টল চাউল লোডিঙেৰে ৪২টা ৱাগন আছিল। ইয়াৰ দ্বাৰা ৰাজ্যখনত ৰে’লভিত্তিক মালবাহী সংযোগ শক্তিশালী হোৱাৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগানৰ ধাৰাবাহিকতা উন্নত হৈছে।

ভাৰতীয় খাদ্য নিগমৰ এই ৰেকখন ছাইৰাং ৰে’লৱে ষ্টেচনত মিজোৰাম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী বি. লালছানজোভা, ৰাজ্যসভাৰ সাংসদ কে. ভানলালভেনা আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ দ্বাৰা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ছাইৰাঙত এই অন্তৰ্গামী এফচিআই খাদ্যশস্য ৰেকৰ সফল আনলোডিঙে ষ্টেচনটোত কাৰ্যক্ষমতা বৃদ্ধি পোৱাৰ লগতে মিজোৰামৰ লজিষ্টিক আৰু খাদ্য বিতৰণ নেটৱৰ্কত ৰে’লৱে আন্তঃগাঁথনিৰ বিস্তৃত ভূমিকা স্পষ্টভাৱে প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে, ১৩ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে মিজোৰামৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৫১.৩৮ কিলোমিটাৰ ভৈৰৱী-ছাইৰাং ৰে’লপথৰ উদ্বোধন কৰিছিল, যি মিজোৰামবাসীৰ বাবে এক ঐতিহাসিক মুহূৰ্ত আছিল। এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পই আইজলক ভাৰতৰ ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰি ভাৰতৰ ৰে’লৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰিছে।

পৰিবহণ উন্নত কৰাৰ উপৰিও এই নতুন ৰে’লপথে অৰ্থনৈতিক বিকাশ আৰু পৰ্যটন বিস্তাৰত গুৰুত্বপূৰ্ণ সুযোগ সৃষ্টি কৰাৰ আশা কৰা হৈছে। নতুনকৈ আৰম্ভ হোৱা ৰে’ল সংযোগে মিজোৰামত পৰ্যটনক উৎসাহিত কৰাৰ লগতে, বিগত ছয় মাহৰ সময়ছোৱাত ৰাজ্যখনলৈ পৰ্যটকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ১২ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে “নৰ্থ ইষ্ট ডিস্কভাৰী” চাৰ্কিটৰ অধীনত পোন প্ৰথমবাৰৰ বাবে ভাৰত গৌৰৱ ডিলাক্স এচি পৰ্যটক ৰে’লখন ছাইৰাং ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে মিজোৰামত ৰে’ল সেৱাই এক নতুন সফলতা স্পৰ্শ কৰিছে। এই প্ৰিমিয়াম পৰ্যটক ৰে’লখনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নেপালৰ দৰে দেশৰ পৰা ৮১ জন পৰ্যটক ভ্ৰমণ কৰিছিল, যি মিজোৰামৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মানচিত্ৰত ক্ৰমান্বয়ে বৰ্ধিত পৰ্যটকক আকৰ্ষণ কৰিছে।

উন্নত সংযোগে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষণ কৰাৰ লগতে, আতিথ্য আৰু সম্পৰ্কিত ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি, ইকো-টুৰিজম আৰু সাংস্কৃতিক পৰ্যটনক প্ৰসাৰিত কৰিছে লগতে উত্তৰ-পূৰ্ব্বাঞ্চলত একত্ৰিত বিকাশ আৰু আঞ্চলিক সংহতিৰ বৃহত্তৰ দৃষ্টিভংগীৰ অধীনত মিজোৰামক এটা উদীয়মান পৰ্যটন গন্তব্যস্থান হিচাপে পৰিগণিত কৰিছে। ছেপ্টেম্বৰ ২০২৫ ৰ পৰাই ভৈৰৱী-ছাইৰাং ৰে’লপথত ৰে’ল সেৱা আৰম্ভ হোৱাৰ লগে লগে ৰাইজৰ সঁহাৰি অতি উৎসাহজনক ৰূপে পৰিলক্ষিত হৈছে। উভয় দিশত ছাইৰাং-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছৰ ১৫০% ৰো অধিক অকুপেন্সী ৰেকৰ্ড কৰা হৈছে। ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ আৰু ছাইৰাং-কলকাতা এক্সপ্ৰেছে একে ধৰণে ১০০% ৰো অধিক অকুপেন্সী ৰেকৰ্ড কৰা হৈছে, যি ছাইৰাঙৰ পৰা ৰে’ল সেৱাৰ প্ৰতি জনসাধাৰণৰ অধিক চাহিদা আৰু গ্ৰহণযোগ্যতাকে স্পষ্টভাৱে প্ৰদৰ্শন কৰিছে।

ৰে’লমন্ত্ৰীৰ দ্বাৰা বিগত মাহৰ ৯ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে ছাইৰাঙৰ পৰা শিলচৰলৈ নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰা হয়, যি আঞ্চলিক গতিশীলতাক অধিক শক্তিশালী কৰাৰ লগতে মিজোৰামক অসমৰ বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ শিক্ষা, চিকিৎসা আৰু বাণিজ্যিক কেন্দ্ৰৰ সৈতে সংযোগ কৰিছে। ভৈৰৱী-ছাইৰাং খণ্ডত মালবাহী ৰে’লৰ পৰিচালন আৰম্ভ হোৱাৰ পিছৰে পৰা যথেষ্ট গতিবেগ লাভ কৰিছে। উল্লেখ্য যে, উদ্বোধনৰ লগে লগেই প্ৰথমখন মালবাহী ৰেকত ২১ টা চিমেণ্টৰ ৱাগন আছিল যি ছাইৰাঙলৈ সফলতাৰে প্ৰেৰণ কৰা হৈছিল আৰু ই ৰাজ্যখনলৈ নিয়মিত মালবাহী পৰিবহণৰে সূচনাকেই চিহ্নিত কৰিছে। ছেপ্তেম্বৰ ২০২৫ ৰ পৰা মাৰ্চ ২০২৬ পৰ্যন্ত ছাইৰাং টাৰ্মিনেলে ৩০ খনৰো অধিক মালবাহী ৰে’লৰ ৰেক নিয়ন্ত্ৰণ কৰিছে, যি মিজোৰামত ক্ৰমান্বয়ে ৰেলভিত্তিক কাৰ্গো পৰিবহণৰ উন্নয়নকেই প্ৰদৰ্শন কৰে। এই সময়ছোৱাত টাৰ্মিনেলটোত ৩.৫ খন চিমেণ্টৰ ৰেক আনলোড কৰা হয়।

চিমেণ্টৰ উপৰিও ৰে’লৰ জৰিয়তে পৰিবহন কৰা অন্যান্য সামগ্ৰীসমূহৰ ভিতৰত অটোমোবাইল (২ খন ৰেক), সাৰ (০.৫টা ৰেক), ষ্টোন চিপচ (২০.৫ খন ৰেক) আৰু বালি (৪ খন ৰেক) অন্তৰ্ভুক্ত আছিল। এই বিভিন্ন সামগ্ৰী পৰিবহন কৰাটোৱে ছাইৰাঙক এক নৱ স্থাপিত মালবাহী হাব হিচাপে উপস্থাপন কৰিছে, যি আন্তঃগাঁথনিৰ বিকাশক সঁহাৰি জনোৱাৰ লগতে আৰু ৰাজ্যখনৰ নিৰ্মাণ সামগ্ৰী আৰু প্ৰয়োজনীয় সামগ্ৰীৰ যোগানক উন্নততৰ কৰি তুলিছে। বিশেষভাৱে উল্লেখযোগ্য যে, ডিচেম্বৰ ২০২৫ বৰ্ষত ১১৯ খন যাত্ৰীবাহী বাহন পৰিবহন কৰা প্ৰথমখন অন্তৰ্গামী অটোমোবাইল ৰেক ছাইৰাঙত গ্ৰহণ কৰা হয়, যিয়ে উচ্চমূল্যৰ বাল্ক কনচাইনমেণ্ট নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই পাৰ্চেল সামগ্ৰীৰ সৰবৰাহ শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, য’ত উদ্যান শস্য আৰু পচনশীল উৎপাদিত সামগ্ৰী পৰিবহণৰ সুবিধাৰ বাবে ৰেফ্ৰিজেৰেটেড পাৰ্চেল ভেন সেৱাৰ প্ৰৱৰ্তন অন্তৰ্ভুক্ত আছে পৰিণামস্বৰূপে স্থানীয় কৃষক আৰু ব্যৱসায়ীসকলৰ বজাৰত প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত হৈছে। ৰে’ল সংযোগৰ বিস্তাৰে মিজোৰামৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিবর্তনৰ সূচনা কৰিছে। উন্নত যাতায়াত ব্যৱস্থা, অৰ্থনৈতিক বিকাশ আৰু পৰ্যটনৰ উন্নয়নৰ মাধ্যমে ৰে’লৱেই ৰাজ্যখনৰ সামগ্ৰিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আন্তঃগাঁথনিৰ বিকাশ অব্যাহত থকাৰ লগে লগে মিজোৰামে উত্তৰ-পূৰ্ব্বাঞ্চলত এক সুগম আৰু আকৰ্ষণীয় গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিব।