নিউজ ডেস্ক, ৯ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চ, ২০২৬ লৈকে একাধিক সফল অভিযান চলাই যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ৰে’লৱে সম্পত্তিৰ সুৰক্ষাৰ দিশত ইয়াৰ দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰদৰ্শন কৰে। সমন্বিত সতৰ্কতা আৰু সক্ৰিয় পদক্ষেপ গ্ৰহণৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচন আৰু ৰে’লত নিয়োজিত হৈ থকা ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে অপৰাধীসকলক আটক কৰি নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে বিপদাপন্ন যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই সময়ছোৱাত ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমসমূহে ৰে’লৱেৰ সুৰক্ষাক প্ৰভাৱিত কৰা অবৈধ কামকাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ২ মাৰ্চ, ২০২৬ তাৰিখে হোজাই ষ্টেচনত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানে ধলপুখুৰী আৰু লংকাৰ মাজৰ অংশত ৰে’ল নং ১৩১৭৬ ডাউন ৰে’লখনত শিল নিক্ষেপত জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে, এই ঘটনাটোত ৰে’লখনৰ এখন খিৰিকীৰ গ্ৰাছ ভাঙি যায় যদিও কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা নাই। একেদৰে ৪ মাৰ্চ, ২০২৬ তাৰিখে কামাখ্যাত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে শৰাইঘাট সেতু পাৰ হোৱাৰ পিছত ৰে’ল নং ১৫৯৪৬ ডাউনত শিল নিক্ষেপ কৰি এজন যাত্ৰীক আঘাতপ্ৰাপ্ত কৰা আন এজন ব্যক্তিক আটক কৰে।

উভয় ঘটনাৰ ক্ষেত্ৰত ৰে’লৱে আইনৰ সংশ্লিষ্ট ধাৰাসমূহৰ অধীনত যথোপযুক্ত গোচৰ পঞ্জীয়ন কৰা হয়। ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমসমূহে নিষিদ্ধ সামগ্ৰীৰ অবৈধ পৰিবহণ ৰোধ কৰাতো বৃহৎ সফলতা অৰ্জন কৰিছে। ২ মাৰ্চ, ২০২৬ তাৰিখে নিউ আলিপুৰদুৱাৰত ৰে’লৱে সুৰক্ষা বাহিনী আৰু জিআৰপিৰ জোৱানসকলে ৰে’ল নং ০১৬৬৬ ডাউনৰ পৰা প্ৰায় ২৫.৪৫ লাখ টকা মূল্যৰ ৫০.৯০০ কিলোগ্ৰাম গৰাকীবিহীন গাঞ্জা।উদ্ধাৰ কৰে। ইয়াৰ উপৰিও ১ মাৰ্চ পৰা ৪ মাৰ্চ, ২০২৬ ৰ ভিতৰত গুৱাহাটী, ৰঙিয়া, কাটিহাৰ, কিশনগঞ্জ আৰু বাৰছোই ষ্টেচনসমূহত অভিযান চলাই কিছুসংখ্যক গৰাকীবিহীন সুৰা উদ্ধাৰ কৰে আৰু জব্দ কৰা এই সামগ্ৰীসমূহ পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট আবকাৰী কৰ্তৃপক্ষৰ হাতত অৰ্পন কৰা হয়।

আইন বলবৎ কৰা অভিযানসমূহৰ উপৰিও ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে মানৱ সেৱাৰ পদক্ষেপো গ্ৰহণ কৰি আহিছে। ২ মাৰ্চ, ২০২৬ ৰ পৰা ৪ মাৰ্চ, ২০২৬ ৰ ভিতৰত গুৱাহাটী, বদৰপুৰ, লামডিং আৰু কামাখ্যাৰ দৰে ষ্টেচনসমূহত ঘৰৰপৰা পলাই অহা কেইবাজনো নাবালক আৰু বিপদাপন্ন যাত্ৰীক উদ্ধাৰ কৰি যথাযথ আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰি চাইল্ডলাইন কৰ্তৃপক্ষ বা তেওঁলোকৰ অভিভাৱকৰ হাতত সুৰক্ষিতভাৱে অৰ্পন কৰা হয়।
এই অভিযানসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনত এখন সুৰক্ষিত, নিৰাপদ আৰু যাত্ৰী-হিতৈষী ৰে’লৱে পৰিৱেশ বজাই ৰখাৰ দিশত ৰেলৱে সুৰক্ষা বাহিনীৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।