নিউজ ডেস্ক, ১২ মাৰ্চ, ২০২৬ : পশ্চিমবঙ্গত ৰে’ল পথ বিকাশৰ গতিবেগ দশকৰ পিছত দশক ধৰি তুলনামূলকভাৱে লেহেমীয়া আছিল। বহুতো প্ৰকল্প বহু বছৰ ধৰি অসম্পূৰ্ণ হৈ ৰয় আৰু ৰে’লৱে আন্তঃগাথনিৰ আধুনিকীকৰণে ৰাজ্যখনৰ প্ৰয়োজন অনুসৰি গতিবেগ লাভ কৰা নাছিল। কিন্তু এতিয়া এই পৰিস্থিতি দ্ৰুতগতিত সলনি হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত পশ্চিমবঙ্গ ভাৰতীয় ৰে’লৱেৰ (Indian Railway) পৰিৱৰ্তনৰ দিশত বিস্তৃতভাৱে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই পৰিৱৰ্তন কেৱল নতুন ৰে’লপথ বা ষ্টেচন নিৰ্মাণত সীমাবদ্ধ নাথাকি ৰে’ল সংযোগ, সুৰক্ষা, যাত্ৰী সুবিধা তথা অৰ্থনৈতিক সুযোগৰ এক নতুন দুৱাৰ মুকলি কৰিছে।

এই পৰিবৰ্তনৰ স্পষ্ট প্ৰতিফলন পৰিসংখ্যাতেই দেখা যায়। ২০০৯-১৪ বৰ্ষৰ সময়ছোৱাত পশ্চিমবঙ্গৰ বাবে গড় বাৰ্ষিক ৰে’লৱে বাজেটৰ আৱন্টন আছিল প্ৰায় ৪,৩৮০ কোটি টকা। ইয়াৰ বিপৰীতে ২০২৬-২৭ বৰ্ষৰ বাবে এই আৱন্টন তিনিগুণতকৈও অধিক বৃদ্ধি পাই ১৪,২০৫ কোটি টকালৈ উন্নীত হৈছে। এই অভূতপূৰ্ব বৃদ্ধিয়ে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যখনৰ বাবে ৰে’লৱে আন্তঃগাঁথনিক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিকেই স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। এই বৰ্ধিত বিনিয়োগে ৰাজ্যখনত বৃহৎ পৰিমাণৰ আন্তঃগাঁথনিৰ ৰূপান্তৰণক ত্বৰান্বিত কৰিছে। বৰ্তমান পশ্চিমবঙ্গত প্ৰায় ৯৩,০০০ কোটি টকাৰ ৰে’লৱে প্ৰকল্পসমূহ নিৰ্মাণাধীন অৱস্থাত আছে। এই প্ৰকল্পসমূহৰ ভিতৰত নতুন ৰে’লপথ নিৰ্মাণ, ষ্টেচনৰ পুনৰ বিকাশ, সুৰক্ষাৰ উন্নয়ন আৰু ৰে’লৱে ক্ষমতাৰ সম্প্ৰসাৰণ অন্তৰ্ভুক্ত আছে। এই সকলো পদক্ষেপৰ মূল লক্ষ্য হৈছে ৰাজ্যখনৰ প্ৰতিটো অংশক দ্ৰুত আৰু উন্নত ৰে’ল সংযোগেৰে সংযুক্ত কৰা।

ৰে’ল ষ্টেচনসমূহ আধুনিক ‘চিটি চেণ্টাৰ’লৈ ৰূপান্তৰিত
যাত্ৰী অভিজ্ঞতাক অধিক আধুনিক, সুবিধাজনক আৰু বিশ্বমানসম্পন্ন কৰাৰ অৰ্থে পশ্চিমবঙ্গৰ ৰে’লৱে ষ্টেচনসমূহ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত বিস্তৃত পৰিমাণে পুনৰ বিকাশ কৰা হৈ আছে। এই উচ্চাকাংক্ষী কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ মুঠ ১০১টা ৰে’লৱে ষ্টেচন পুনৰ বিকাশৰ বাবে চিনাক্ত কৰা হৈছে, যাৰ আনুমানিক ব্যয় প্ৰায় ৩,৬০০ কোটি টকা। এই ষ্টেচনসমূহক উন্নত যাত্ৰী সুবিধা, আধুনিক আন্তঃগাঁথনি আৰু আকৰ্ষণীয় তথা আধুনিক ডিজাইনৰে উন্নীত কৰা হৈছে যাতে ইয়াৰ চতুৰ্দিশৰ অঞ্চলসমূহৰ বাবে চিটি চেন্টাৰ হিচাপে বিকশিত হ’ব পাৰে। এতিয়ালৈকে ৰাজ্যখনৰ নটা ৰে’লৱে ষ্টেচনৰ পুনৰ বিকাশৰ কাম সফলভাৱে সম্পূৰ্ণ হৈছে। ইয়াৰ ভিতৰত আনাড়া, বাৰাভূম, হালদিয়া, জয়চণ্ডী পাহাৰ জংচন, কল্যাণী ঘোষ পাড়া, কামাখ্যাগুড়ী, পানাগড়, সিউড়ী আৰু তামলুক অন্তৰ্ভুক্ত আছে। ইয়াৰ ভিতৰত জয়চণ্ডী পাহাৰ জংচন, কল্যাণী ঘোষ পাড়া আৰু পানাগড়ৰ পুনৰ বিকশিত ষ্টেচনসমূহ ইতিমধ্যে উদ্বোধন কৰা হৈছে।

এই উন্নীত ষ্টেচনসমূহে এতিয়া উন্নত অপেক্ষা কক্ষ, উন্নত চাইনেজ আৰু আলোকসজ্জা, ডিজিটেল তথ্য প্ৰণালী, বৃহৎ চলাচলৰ এলেকা, ফুড কোৰ্ট, পাৰ্কিং সুবিধা, সুগম চলাচলৰ বাবে পৃথক প্ৰৱেশ আৰু প্ৰস্থান পইণ্ট, চলাচলৰ সহজ প্ৰৱেশৰ বাবে লিফ্ট আৰু এস্কালেটৰ, পৰিষ্কাৰ সৌন্দৰ্যপূৰ্ণ আৰু আধুনিক ৰূপত পৰিকল্পনা কৰা ষ্টেচন ভবন নিৰ্মাণ কৰা হৈছে। এই সুবিধাসমূহে যাত্ৰীৰ বাবে ৰে’ল ভ্ৰমণক অধিক আৰামদায়ক, নিৰাপদ আৰু আনন্দদায়ক কৰি তুলিছে। আধুনিক ৰে’ল সেৱাৰ প্ৰৱেশাধিকাৰৰ জৰিয়তে সংযোগ ব্যৱস্থা মজবুত ৰাজ্যখনত ৰে’ল সংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ অৰ্থে যাত্ৰীসকলক আধুনিক ৰে’ল সেৱা উপলব্ধ কৰাৰ উদ্দেশ্যে প্ৰিমিয়াম ৰে’ল সেৱাসমূহো দ্ৰুতগতিত সম্প্ৰসাৰিত কৰা হৈছে। ভাৰতীয় ৰে’লৱেৰ দ্বাৰা দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ সৈতে পশ্চিমবঙ্গক সংযোগ কৰি কেইবাটাও আধুনিক আৰু উচ্চ-প্ৰযুক্তিগত ৰে’ল সেৱাৰ পৰিচালন কৰা হৈছে। বৰ্তমান পশ্চিমবঙ্গৰ পৰা এযোৰ বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ সেৱা চলি আছে, যিয়ে দীৰ্ঘ দূৰত্বৰ ভ্ৰমণক অধিক আৰামদায়ক আৰু সুবিধাজনক হৈছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চহৰ আৰু মূল অৰ্থনৈতিক কেন্দ্ৰসমূহক সংযোগ কৰি ওঠৰখন বন্দে ভাৰত এক্সপ্ৰেছ সেৱা আৰু বাইছখন অমৃত ভাৰত এক্সপ্ৰেছ সেৱা চলি আছে।

এই ৰে’লসমূহে যাত্ৰীসকলক দ্ৰুত, আধুনিক আৰু সুগম ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিছে। এই ৰে’লসমূহে যাত্ৰীৰ বাবে অধিক দ্ৰুত, আধুনিক আৰু সুলভ যাত্ৰাৰ সুবিধা আগবঢ়াইছে। এই সেৱাসমূহ আৰম্ভ হোৱাৰ ফলত যাত্ৰাৰ সময় হ্ৰাস পাইছে আৰু বিশ্বমানৰ ৰে’ল যাত্ৰা অধিকসংখ্যক নাগৰিকৰ বাবে সহজলভ্য হৈছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চহৰ, বাণিজ্যিক কেন্দ্ৰ আৰু পৰ্যটন স্থানসমূহৰ মাজত সংযোগ শক্তিশালী কৰি আঞ্চলিক বিকাশ আৰু অৰ্থনৈতিক কামকাজক ত্বৰান্বিত কৰি তুলিছে। পশ্চিমবঙ্গই ৰে’ল নেটৱৰ্কৰ সম্প্ৰসাৰণতো উল্লেখযোগ্য অগ্ৰগতি প্ৰত্যক্ষ কৰিছে। ২০১৪ বৰ্ষৰ পৰাই ৰাজ্যখনত প্ৰায় ১,৪০০ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে, যিয়ে সম্পূৰ্ণ সংযুক্ত আৰব এমিৰেতৰ সমগ্ৰ ৰে’ল নেটৱৰ্কতকৈও অধিক। ৰে’ল বৈদ্যুতিকৰণতো যথেষ্ট সফলতা লাভ কৰা হৈছে। ২০১৪ বৰ্ষৰ পৰা পশ্চিমবঙ্গত প্ৰায় ১,৭১২ কিলোমিটাৰ ৰে’ল পথ বৈদ্যুতিকৰণ কৰা হৈছে আৰু ৰাজ্যখনৰ ৰে’ল নেটৱৰ্ক এতিয়া ১০০ শতাংশ বৈদ্যুতিকৰণ হৈছে।সুৰক্ষা আৰু সুগম চলাচল উন্নত কৰিবলৈ ৰাজ্যখনত ৫০০ খনৰো অধিক ৰে’ল ফ্লাইওভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে।

ইয়াৰ উপৰিও ভাৰতীয় ৰে’লৱেৰ স্বদেশী ৰে’ল সুৰক্ষা ব্যৱস্থা ‘কৱচ’ৰ সম্প্ৰসাৰণ দ্ৰুতগতিত চলি আছে। বৰ্তমানে পশ্চিমবঙ্গত ১০৫ ৰুট কিলোমিটাৰত কবচ ব্যৱস্থা ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে আৰু ১,০৪১ ৰুট কিলোমিটাৰত কাম চলি আছে। মুঠতে ৩,২০০ ৰুট কিলোমিটাৰত এই ব্যৱস্থা ৰূপায়ণৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে। ৰে’লৱে উন্নয়নত পশ্চিমবঙ্গত আৰু এক গুৰুত্বপূৰ্ণ সফলতা প্ৰাপ্ত কৰিব। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কামাখ্যাগুড়ী, তামলুক, হালদিয়া, বাৰাভূম, আনাড়া আৰু সিউড়ীৰ পুনৰ বিকশিত ৰেলৱে ষ্টেচনসমূহ শীঘ্ৰেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উদ্বোধন কৰা হ’ব। ইয়াৰ লগতে বেলদা-ডানটানৰ মাজৰ তৃতীয়টো ৰেলপথ আৰু কালাইকুণ্ডা-কানিমাহুলিৰ মাজৰ অটোমেটিক ব্লক চিগনেলিং প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উদ্দেশ্যে উৎসৰ্গা কৰা হ’ব। ইয়াৰ উপৰিও পুৰুলিয়া আৰু আনন্দ বিহাৰ টাৰ্মিনেল (দিল্লী)ৰ মাজৰ এখন নতুন এক্সপ্ৰেছ ৰে’ল সেৱাৰ শুভাৰম্ভ কৰা হ’ব। এই সেৱাই পশ্চিমবঙ্গ আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজত গুৰুত্বপূৰ্ণ আৰু সুবিধাজনক ৰে’ল সংযোগ প্ৰদান কৰিব। এই সমগ্ৰ পদক্ষেপ উমৈহতীয়াভাৱে প্ৰত্যক্ষ কৰা যায় তেতিয়া স্পষ্ট হয় যে পশ্চিমবঙ্গত ৰে’লৱে বিকাশৰ এক নতুন অধ্যায় ৰচনা কৰা হৈছে। এই পৰিবৰ্তন কেৱল ৰে’ল প্ৰকল্পসমূহতেই সীমাবদ্ধ নহয়; ই ৰাজ্যখনৰ আৰ্থিক উন্নয়ন, বাণিজ্যিক কাৰ্যকলাপ আৰু সামাজিক সংযোগকো ত্বৰান্বিত কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ৰে’লৱেৰ ঐতিহাসিক ৰূপান্তৰণে পশ্চিমবঙ্গত এক শক্তিশালী, আধুনিক আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত পৰিবহণ ব্যৱস্থাৰ ভেটি স্থাপন কৰিছে। এই সমগ্ৰ পৰিৱৰ্তনে “বিকশিত ভাৰতৰ বাবে বিকশিত পশ্চিমবঙ্গৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰি তুলিব।