নিউজ ডেস্ক, ২৬ মাৰ্চ, ২০২৬ : যাত্ৰীসকলৰ অনবোৰ্ড সুবিধাসমূহ আধুনিকীকৰণ আৰু আৰাম বৃদ্ধি কৰাৰ লক্ষ্যেৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ দুখন দূৰৱৰ্তী প্ৰিমিয়াম ৰে’ল আগৰতলা-আনন্দ বিহাৰ টাৰ্মিনাল তেজাস এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছত উন্নীত লিনেন সেৱা প্ৰৱৰ্তন কৰিছে। এই পদক্ষেপে যাত্ৰীসকলৰ বাবে অধিক পৰিস্কাৰ-পৰিচ্ছন্নতা, আৰামদায়ক আৰু উন্নত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাক পুনৰ প্ৰতিফলিত কৰিছে।

২৩ মাৰ্চ ৰ পৰা আগৰতলা-আনন্দ বিহাৰ টাৰ্মিনাল তেজাস এক্সপ্ৰেছ ৰে’লখনত বিশেষভাৱে ডিজাইন কৰা উন্নতমানৰ লিনেনসহ উন্নত ব্যৱস্থা প্ৰদান কৰা হৈছে। এই গুৰুত্বপূৰ্ণ উন্নয়নৰ লক্ষ্য হৈছে অধিক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু উন্নত স্বাস্থ্যকৰ পৰিৱেশ নিশ্চিত কৰা। ইয়াৰ উপৰিও প্ৰিমিয়াম ৰে’ল সেৱাৰ সুবিধা গ্ৰহণ কৰা যাত্ৰীসকলৰ বাবে অধিক আৰামদায়ক আৰু নতুন অনুভূতিৰ যাত্ৰা অভিজ্ঞতা প্ৰদান কৰে। ২৪ মাৰ্চৰ পৰা ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ এচি ডবাসমূহতো উন্নীত বেডৰোল প্ৰদান কৰা হৈছে, য’ত প্ৰথম এচি আৰু দ্বিতীয় এচি শ্ৰেণী উভয়েই অন্তৰ্ভুক্ত আছে।

যাত্ৰীসকলৰ বাবে গুণগত মানসম্পন্ন আৰু উচ্চমানৰ বেডৰ’ল প্ৰদান কৰা হৈছে, যিবোৰ অধিক আৰাম আৰু উন্নত গুণগত মান নিশ্চিত কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা এনে পদক্ষেপসমূহে যাত্ৰীসকলৰ আৰাম আৰু সেৱাৰ মানদণ্ড বৃদ্ধিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাকে গুৰুত্ব সহকাৰে প্ৰতিফলিত কৰিছে। উন্নত বেডৰ’লসমূহে অধিক সমতা, দীৰ্ঘস্থায়িত্ব আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰে, যি বিশেষভাৱে দূৰণিবটীয়া ৰাতিৰ যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে যথেষ্ট লাভান্বিত কৰিছে। যাত্ৰীসকলে এই পদক্ষেপসমূহৰ বাবে অতি আনন্দ প্ৰকাশ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এনেধৰণৰ চিন্তাশীল, যাত্ৰীকেন্দ্ৰিক উন্নয়নৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। উন্নীত বেডৰোল সেৱাসমূহৰ প্ৰৱৰ্তনে ভাৰতীয় ৰেলৱেৰ সুৰক্ষিত, পৰিচ্ছন্ন আৰু যাত্ৰীহিতৈষী ভ্ৰমণ পৰিৱেশ নিশ্চিত কৰাৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ। উত্তৰ-পূব সীমান্ত ৰে’লৱে ধাৰাবাহিকভাৱে প্ৰগতিশীল পদক্ষেপ গ্ৰহণ কৰি আছে যাৰ জৰিয়তে সেৱাৰ উৎকৰ্ষতা আৰু যাত্ৰীৰ সন্তুষ্টিৰ ওপৰত তেওঁলোকৰ মনোযোগক পুনৰবাৰ প্ৰতিফলিত কৰি তুলিছে।