নিউজ ডেস্ক, ৩০ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৪ মাৰ্চ তাৰিখে ইয়াৰ অধিক্ষেত্ৰৰ অধীনৰ গুৱাহাটী, নিউ জলপাইগুড়ী, আলুৱাবাৰী, কামাখ্যা, হোজাই, আগৰতলা, সামচি আৰু নিউ বঙাইগাঁও ৰে’ল ষ্টেচন পৰিসৰ আৰু ৰে’লসমূহত চলোৱা একাধিক সফল অভিযানৰ অধিক সতৰ্কতা আৰু কাৰ্যকৰী দক্ষতাৰ প্ৰদৰ্শন কৰে। এক উল্লেখযোগ্য মানৱীয় প্ৰচেষ্টাৰ অংশৰূপে, গুৱাহাটীস্থিত ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে গুৱাহাটী ৰে’ল ষ্টেচনৰ ৰে’ল নং. ১৫৯৩৩ ডাউনৰ পৰা এজন নাবালক লৰা উদ্ধাৰ কৰি সঠিক তত্বাৱধান আৰু সুৰক্ষাৰ বাবে ৰে’লৱে চাইল্ড লাইনৰ জৰিয়তে সুৰক্ষিতভাৱে শিশু কল্যাণ সমিতিৰ হাতত গতাই দিয়ে।

আন এক গুৰুত্বপূৰ্ণ অভিযানত, ৰে’লৱে সুৰক্ষা বাহিনীৰ নেতৃত্বত কাটিহাৰৰ চিআইবিৰ এটা দলে সামচি ৰে’লৱে ষ্টেচনত ৬১,৭০০ টকাতকৈ অধিক মূল্যৰ ১৪ খন অবৈধ ই-টিকটৰ সৈতে এজন দালালক আটক কৰি অবৈধ টিকট বিক্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ৰে’লৱে সুৰক্ষা বাহিনীৰ দলটোৱে গাঞ্জা আৰু সুৰাকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে অবৈধ মৰানাস্ত্ৰ ৰখা আৰু ড্ৰাগছৰ গোচৰত জড়িত অপৰাধীকো আটক কৰে। ২৬ মাৰ্চ পৰ্যন্ত, ৰে’লৱে সুৰক্ষা বাহিনীৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে বিভিন্ন ষ্টেচন আৰু ৰে’লগাড়ীত ব্যাপক আৰু সক্ৰিয় অভিযান চলাই উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে।

মুঠ ২৬৮.৮২ কেজি গাঞ্জা উদ্ধাৰ কৰা হৈছে, লগতে চিগাৰেট, কফ ছিৰাপ, হেৰ’ইন, ১,২০০ কেজি পোস্তদানা আৰু মদ জব্দ কৰা হৈছে, যাৰ সমন্বিত মূল্য প্ৰায় ১.৯১ কোটিতকৈ অধিক। এই অভিযানসমূহৰ সময়ত মুঠ ৩৭ জনক গ্ৰেপ্তাৰ/আটক কৰা হৈছে। ইয়াৰ উপৰিও এটা ঘটনাত ৭,৬০,০০০ নগদ টকা উদ্ধাৰ কৰা হৈছে। মৰানাস্ত্ৰ আৰু কাৰ্ট্ৰিজ সম্পৰ্কীয় ঘটনাত ১ টা পিষ্টল, ২ টা মেগাজিন আৰু ২ টা জীৱন্ত কাৰ্ট্ৰিজ জব্দ কৰা হৈছে। চুৰি সম্পৰ্কীয় ঘটনাত ৮ জন অপৰাধীক আটক কৰা হৈছে, যাৰ ফলত ৭ টা মোবাইল ফোন আৰু ১ টা ট্ৰলি বেগ (মুঠ মূল্য ৮৬,০০০) টকা উদ্ধাৰ কৰা হৈছে। অবৈধ টিকটিং কাৰ্যকলাপৰ বিৰুদ্ধে অভিযানত ২ জন দালালক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ পৰা ১৬ টা অবৈধ টিকট (মূল্য ৬৩,৬৬৮ টকা) জব্দ কৰা হৈছে।

এই সকলো সমন্বিত প্ৰচেষ্টাৰ ফলস্বৰূপে মুঠ উদ্ধাৰ/আয়ৰ পৰিমাণ প্ৰায় ১.৯৩ কোটি টকাতকৈ অধিক। এই সকলো অভিযানে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা, বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ লগতে এক সুৰক্ষিত আৰু যাত্ৰী-অনুকূল ৰে’লৱে পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে। সমগ্ৰ ৰে’লৱে পৰিসৰত নিৰাপত্তা আৰু অধিক সৱল কৰাৰ অৰ্থে অবিৰত সতৰ্কতা আৰু সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰি আছে।