নিউজ ডেস্ক, ১৩ এপ্ৰিল, ২০২৬ : যাত্ৰী সুবিধা বৃদ্ধি আৰু দূৰবৰ্তী ভ্ৰমণৰ ৰে’ল সংযোগ অধিক সুবিধাজনক কৰাৰ উদ্দেশ্যে, সুযোগ সম্প্ৰসাৰণৰ অবিৰত প্ৰচেষ্টাৰূপে, ভাৰতীয় ৰে’লৱেই (Indian Railway) তাম্বৰাম-নিউ তিনিচুকীয়া আৰু এছএমভিটি বেংগালুৰু-বালুৰঘাটৰ মাজত দুখন বিশেষ এক্সপ্ৰেছ ৰে’ল সেৱা চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশেষ ৰে’ল নং ০৬০১৫/০৬০১৬ (তাম্বৰাম-নিউ তিনিচুকীয়া-তাম্বৰাম) আৰু ট্ৰেইন নং ০৬৫৬১/০৬৫৬২ (এছএমভিটি বেংগালুৰু-বালুৰঘাট-বেংগালুৰু কেণ্টনমেণ্ট) এক্সপ্ৰেছ ৰে’লসমূহ প্ৰতিটো দিশত তিনিটাকৈ ট্ৰিপৰ বাবে চলিব।
এই সেৱাসমূহে গুৰুত্বপূৰ্ণ পথসমূহত উন্নত সংযোগ আৰু ভ্ৰমণ বিকল্প প্ৰদান কৰাৰ লগতে যাত্ৰীসকলৰ ভ্ৰমণ অধিক সুগম আৰু আৰামদায়ক কৰি তুলিব। ৰে’ল নং ০৬০১৫ (তাম্বৰাম-নিউ তিনিচুকীয়া) ১৩ এপ্ৰিল ২০২৬ ৰ পৰা ২৭ এপ্ৰিল, ২০২৬ লৈ প্ৰতি সোমবাৰে ১০.১৫ বজাত তাম্বৰামৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে ০৪.৩০ বজাত নিউ তিনিচুকীয়াত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৬০১৬ (নিউ তিনিচুকীয়া-তাম্বৰাম) ১৬ এপ্ৰিল, ২০২৬ ৰ পৰা ৩০ এপ্ৰিল, ২০২৬ লৈ বৃহস্পতিবাৰে ২০.০০ বজাত নিউ তিনিচুকীয়াৰ পৰা যাত্ৰা কৰি দেওবাৰে ১৬.০০ বজাত তাম্বৰামত গৈ উপস্থিত হ’ব। যাত্ৰীসকলৰ বাবে আৰামদায়ক যাত্ৰা নিশ্চিত কৰাৰ অৰ্থে এই ৰে’লখনত ২২ টা ডবা থাকিব, যাৰ ভিতৰত শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।
বিশেষ ৰে’লখন চেন্নাই এগমোৰ, বিজয়ৱাড়া, ভুৱনেশ্বৰ, খড়গপুৰ, মালদা টাউন, নিউ জলপাইগুড়ী, নিউ কোচবিহাৰ, নিউ বঙাইগাঁও, গুৱাহাটী, লামডিং, ফৰকাটিং আৰু মৰিয়নী আদি গুৰুত্বপূৰ্ণ ষ্টেচন হৈ চলিব। এইদৰে দেশৰ দক্ষিণ, পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত নিৰৱচ্ছিন্ন ৰে’ল সংযোগ নিশ্চিত কৰা হ’ব। ৰে’ল নং ০৬৫৬১ (এছএমভিটি বেংগালুৰু-বালুৰঘাট) এক্সপ্ৰেছ বিশেষে ১২ এপ্ৰিল, ২০২৬ তাৰিখে ৰাতিপুৱা ০৮:৫০ বজাত এছএমভিটি বেংগালুৰুৰ পৰা ইতিমধ্যে ৰাওনা হৈছে আৰু পৰৱৰ্তী দেওবাৰসমূহত অৰ্থাৎ ১৯ আৰু ২৬ এপ্ৰিল, ২০২৬ তাৰিখে চলিব, যি মঙ্গলবাৰে পুৱা ০৬:০০ বজাত বালুৰঘাটত উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৬৫৬২ (বালুৰঘাট-বেংগালুৰু কেণ্টনমেণ্ট) এক্সপ্ৰেছ স্পেচিয়েল প্ৰতি বুধবাৰে অৰ্থাৎ ১৫, ২২ আৰু ২৯ এপ্ৰিল, ২০২৬ তাৰিখে বালুৰঘাটৰ পৰা ০৫:১৫ বজাত যাত্ৰা আৰম্ভ কৰি শুকুৰবাৰে ০৩:০০ বজাত বেংগালুৰু কেণ্টনমেণ্টত উপস্থিত হ’ব।
এই ট্ৰেইনত মুঠ ২২ টা কোচ থাকিব, যাৰ ভিতৰত জেনেৰেল দ্বিতীয় শ্ৰেণী, এচি কোচ আৰু শ্লীপাৰ শ্ৰেণীৰ কোচ অন্তৰ্ভুক্ত থাকিব যাৰ ফলত যাত্ৰীৰ বাবে আৰামদায়ক ভ্ৰমণ নিশ্চিত হ’ব। এই ট্ৰেইনখন কাটপাড়ি, বিজয়ৱাড়া, ৰাজামুন্দ্ৰী, সিম্হাচলম, ভিজিয়ানাগৰম, ব্ৰহ্মপুৰ, খুৰ্দা ৰোড, ভূৱনেশ্বৰ, কটক, খড়গপুৰ, বাৰ্দ্ধমান, মালদা টাউন আৰু বুনিয়াদপুৰ আদি গুৰুত্বপূৰ্ণ ষ্টেচনসমূহ হৈ চলিব, যাৰ ফলত পথত থকা বিভিন্ন ঠাইৰ মাজত সুবিধাজনক সংযোগ নিশ্চিত হ’ব। এই ৰুটসমূহত ভ্ৰমণ কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মবিশেষ ৰে’লসমূহৰ জৰিয়তে আৰামেৰে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।
