নিউজ ডেস্ক, ২১ এপ্ৰিল, ২০২৬ : বিত্তীয় বৰ্ষ ২০২৫-২৬ ৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ট্ৰেকৰ আধুনিকীকৰণ, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ (Safety) দিশত উল্লেখনীয় সফলতা অৰ্জন কৰিছে যি ইয়াৰ ইতিহাসত তাৎপৰ্যপূৰ্ণভাৱে সফলতাৰ একাধিক নতুন বেঞ্চমাৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। এই সফলতাসমূহে দ্ৰুত আৰু সুসংগঠিত ৰে’ল পৰিচালনা, যাত্ৰী সুৰক্ষা আৰু আন্তঃগাঁথনিৰ নিৰ্ভৰযোগ্যতা বৃদ্ধিৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।
২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় তিনি মাহৰ সময়ছোৱাত ফেজড এৰে আল্ট্ৰাচনিক টেষ্টিং (পিএইউটি) প্ৰযুক্তি প্ৰৱৰ্তন কৰি ফ্লাশ বাট ৱেল্ড পৰীক্ষণৰ দিশত এক উল্লেখযোগ্য প্ৰযুক্তিগত সফলতা অৰ্জন কৰা হয়। এই পদক্ষেপৰ ওপৰত ভিত্তি কৰি ২০২৫-২৬ বৰ্ষৰ সময়ছোৱাত সৰ্ব্বমুঠ ৫৩,৫৪৪ টা ৱেল্ড পৰীক্ষণ কৰা হয়, যাৰ ফলত আধুনিক পৰীক্ষণ প্ৰযুক্তিৰে ট্ৰেকৰ সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা উল্লেখযোগ্যভাৱে সৱলীকৰণ কৰা হৈছে।
২০২৫-২৬ বৰ্ষৰ সময়ছোৱাত ৪৫৭ ইউনিট চিটিআৰ (ট্ৰেকৰ সম্পূৰ্ণ নৱীকৰণ) সম্পূৰ্ণ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ ইতিহাসত সৰ্বোচ্চ ট্ৰেক নৱীকৰণত এক অগ্ৰগতি লাভ কৰিছে। পূৰ্ববৰ্তী বৰ্ষৰ ৩৪৩.০৮ ইউনিটৰ ট্ৰেক নৱীকৰণৰ তুলনাত ৩৩.০৭ শতাংশ বৃদ্ধি হয়। ইয়াৰ উপৰিও ৪৪৯.৪২ ট্ৰেক কিলোমিটাৰ ৰে’ল নৱীকৰণ সম্পূৰ্ণ কৰা হৈছে, যি এই সংমণ্ডলৰ ইতিহাসত অন্যতম এক অভিলেখ। শ্লীপাৰ নৱীকৰণ ৪৬৫.০২ ট্ৰেক কিলোমিটাৰ সম্পূৰ্ণ কৰা হৈছে, যি বাৰ্ষিক নিৰ্ধাৰিত লক্ষ্যৰ ৫০২ ট্ৰেক কিলোমিটাৰৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি প্ৰদৰ্শন কৰিছে।
ট্ৰেকৰ গঠন আৰু অধিক শক্তিশালী কৰাৰ অৰ্থে চলিত বৰ্ষত ৯.৫৭ লাখ ঘন মিটাৰ বালাষ্টৰ যোগান ধৰি স্থাপন কৰা হৈছে যি পূৰ্ব বৰ্ষৰ ৯.০১ লাখ ঘন মিটাৰতকৈ ৬ শতাংশ বেছি, পৰিণামস্বৰূপে ৰে’লভ্ৰমণৰ মানদণ্ড উন্নত হোৱাৰ লগতে ট্ৰেকৰ স্থিৰতা বৃদ্ধি হয়। ২৯৯.৬১ কিলোমিটাৰ সম্পূৰ্ণ কৰি নিৰ্ধাৰিত লক্ষ্য ২০৫ কিলোমিটাৰৰ বিপৰীতে ৪৬.১৫ শতাংশ অধিক অগ্ৰগতিৰে ট্ৰেক ফিটিংছৰ নৱীকৰণতো আশাতকৈ অধিক সফলতা লাভ কৰা হৈছে। একে সময়তে ৪,৩১২ টা পইণ্ট টেম্প কৰা হৈছে, যিয়ে বাৰ্ষিক লক্ষ্যৰ ৪,১৫০ তকৈ ৩.৯ শতাংশ অধিক, পৰিণামস্বৰূপে ৰে’লৰ পৰিচালন সুগম হোৱাৰ লগতে ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা হ্ৰাস হৈছে।
পৰিচালন দক্ষতাৰ দিশত ৩৯ টা ষ্টেচনত লুপ লাইনৰ গতিবেগ প্ৰতি ঘন্টাত ১৫ কিলোমিটাৰৰ পৰা ৩০ কিলোমিটাৰ/ঘণ্টালৈ বৃদ্ধি হৈছে, যি পূৰ্ব বৰ্ষৰ ২১ টা ষ্টেচনতকৈ অধিক। ইয়াৰ উপৰিও ২৫৮ টা টাৰ্ণআউটৰ ডিপ স্ক্ৰীনিং সম্পূৰ্ণ কৰা হৈছে, যি ট্ৰেকৰ স্থিতিস্থাপকতা আৰু দীৰ্ঘস্থায়িত্বৰ দিশত ইয়াৰ বাৰ্ষিক নিৰ্ধাৰিত লক্ষ্যতকৈ ৪৭.৪৩ শতাংশ অধিক। ট্ৰেকৰ সুৰক্ষা পৰ্যবেক্ষণৰ দিশত আল্ট্ৰাচনিক ফ্লো ডিটেকচন (ইউএছএফডি) পৰীক্ষণৰ জৰিয়তে এক বিস্তৃত ২০,২১২.৬১ কিলোমিটাৰৰ পৰীক্ষণ কৰা হৈছে, যি বাৰ্ষিক নিৰ্ধাৰিত লক্ষ্যৰ ১৯,২১৭ কিলোমিটাৰতকৈ অধিক।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰিচালন সুৰক্ষা আৰু নমনীয়তাৰ উন্নতকৰণেৰে ইয়াৰ নিৰ্ধাৰিত লক্ষ্যক অতিক্ৰম কৰি সফলতাৰে ২৩ টা ট্ৰেক লেআউট সংশোধন কৰিছে। ১৫৪.৫৩ কিলোমিটাৰ সুৰক্ষা ফেঞ্চিং নিৰ্মাণেৰে সুৰক্ষা আন্তঃগাঁথনিৰ দিশত এক বিস্তৃত সফলতা অৰ্জন কৰা হৈছে যি নিৰ্ধাৰিত বাৰ্ষিক লক্ষ্যৰ ১০০ কিলোমিটাৰতকৈ ৫৪.৫৩ শতাংশ অধিক।
এই পদক্ষেপে অনুমতি নথকা প্ৰৱেশ নিয়ন্ত্ৰণৰ লগতে অধিক সুৰক্ষিত ৰে’ল পৰিচালনা নিশ্চিত কৰে। এই সমগ্ৰ অভিলেখ ভংগকাৰী সফলতাসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ, আন্তঃগাথনিৰ সবলীকৰণ আৰু সমগ্ৰ অঞ্চলজুৰি যাত্ৰীবাহী আৰু মালবাহী চলাচলৰ বাবে অধিক সুৰক্ষিত আৰু কাৰ্যক্ষম ৰে’ল সেৱা নিশ্চিত কৰাৰ প্ৰতি প্ৰতিশ্ৰুতি স্পষ্টভাৱে প্ৰতিফলিত কৰে।
