নিউজ ডেস্ক, ২৬ এপ্ৰিল, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ আন্তঃগাঁথনিৰ (Infrastructure) অবিৰত নিৰীক্ষণ আৰু উন্নীতকৰণৰ জৰিয়তে ৰে’ল পৰিচালনত সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰি আহিছে। এই সংমণ্ডলত আধুনিক আৰু প্ৰযুক্তিগতভাৱে উন্নত পদ্ধতি গ্ৰহণ কৰি সুৰক্ষিত আৰু কাৰ্যক্ষম ৰে’ল চলাচল নিশ্চিত কৰাই এই ৰে’লৱেৰ মূল লক্ষ্য হৈ পৰিছে।
মাৰ্চ ২০২৬ ৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই চিগনেলিং আৰু সুৰক্ষাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া আৰু লামডিং মণ্ডলৰ পাঁচটা ষ্টেচনত ক্লেম্প টাইপ লকিং থিক ৱেব চুইচ পইণ্ট মেচিন স্থাপন কৰা হৈছে। কাটিহাৰ, আলিপুৰদুৱাৰ আৰু তিনিচুকীয়া মণ্ডলৰ সাতটা ষ্টেচনত চিষ্টেম ইনটেগ্ৰিটি পৰীক্ষণ কৰা হৈছে, আনহাতে সমগ্ৰ মণ্ডলসমূহৰ ৩২ টা লেভেল ক্ৰছিং গেট সামৰি এক বিস্তৃত চিষ্টেম ইনটেগ্ৰিটি পৰীক্ষণ অভিযান সম্পূৰ্ণ কৰা হৈছে।
ইয়াৰ উপৰিও পৰিচালন সুৰক্ষা বৃদ্ধিৰ বাবে লামডিং আৰু ৰঙিয়া মণ্ডলত একাধিক লেভেল ক্ৰছিং গেটক ইন্টাৰলকড কৰা হৈছে। চিগনেলিং আন্তঃগাঁথনি অধিক শক্তিশালী কৰি তোলাৰ বাবে কাটিহাৰ, লামডিং আৰু ৰঙিয়া মণ্ডলৰ বিভিন্ন লেভেল ক্ৰছিং গেটত ১০ খন স্লাইডিং বুম স্থাপন কৰা হৈছে।তিনিচুকীয়া মণ্ডলৰ ২ টা ষ্টেচনত অটোমেটিক ফায়াৰ ডিটেকচন আৰু এলাৰ্ম চিষ্টেম কমিচন কৰা হৈছে আৰু লগতে ২ টা স্থানত আধুনিক এচপায়াৰেচন শ্ৰেণীৰ চিষ্টেমৰ উন্নীতকৰণ কৰা হৈছে।
তিনিচুকীয়া মণ্ডলৰ ২ খন লেভেল ক্ৰছিং গেটত পুৰণি যান্ত্ৰিক পদ্ধতিৰ পৰিৱৰ্তে বৈদ্যুতিক লিফটিং বেৰিয়াৰ স্থাপন কৰা হৈছে, পৰিণামস্বৰূপে ৰে’লৰোড সংযোগস্থলত সুৰক্ষা উন্নত হৈছে। ১১ টা ষ্টেচন আৰু ১২ খন লেভেল ক্ৰছিং গেটত চিগনেলিং কেবলৰ মেগাৰিং কৰা হৈছে যাতে নিৰ্ভৰযোগ্যতা আৰু উপযুক্ত ইনচুলেচনৰ কামকাজ নিশ্চিত কৰিব পৰা যায়। সুৰক্ষা সঁজুলিৰ নিৰ্ভৰযোগ্যতা উন্নত কৰাৰ অৰ্থে সমগ্ৰ মণ্ডলসমূহত বিভিন্ন ক্ষমতাসম্পন্ন মুঠ ১,২৫৮ টা চিগনেলিং বেটাৰী প্ৰতিস্থাপন কৰা হৈছে। সমগ্ৰ অঞ্চলটোত ২৪৬ টা গ্লুড জয়েন্ট আৰু ৯২ টা ইনটিগ্ৰেটেড শ্ৰেণীৰ চিগনেল এলইডি প্ৰতিস্থাপন কৰা হৈছে।
ইয়াৰ উপৰিও আলিপুৰদুৱাৰ মণ্ডলৰ গৌৰীপুৰ ষ্টেচনত প্ৰণালীগত সুৰক্ষা আৰু স্থিতিশীলতা বৃদ্ধি কৰাৰ বাবে উন্নত আৰ্থিং ব্যৱস্থা প্ৰদান কৰা হৈছে। এই আন্তঃগাঁথনিগত উন্নীতকৰণসমূহে সুৰক্ষিত ৰে’ল পৰিচালন নিশ্চিত কৰাৰ লগতে, নিৰ্ভৰযোগ্যতা উন্নত কৰি ৰে’লৱে পৰিচালনত সামগ্ৰিক ক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱে আন্তঃগাঁথনিৰ অবিৰত নিৰীক্ষণ আৰু শক্তিশালীকৰণৰ জৰিয়তে যাত্ৰীসকলক অধিক সুৰক্ষিত, সুবিধাসম্পন্ন আৰু সময়ানুৱৰ্তী ৰে’ল ভ্ৰমণ প্ৰদান কৰাৰ দিশত সমৰ্পিত হৈ আহিছে।
