নিউজ ডেস্ক, ৮ মে’ ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ অধীনৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডত ম’হৰ সৈতে খুন্দা লগা ঘটনা ৰোধ কৰাৰ বাবে একাধিক সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰে’ল পৰিচালন সুৰক্ষা আৰু পশুধনৰ সুৰক্ষা উভয়কে বিবেচনা কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই পূৰ্বতে যিসমূহ স্থানত এনে ঘটনা সঘনাই ঘটিছিল, সেইসমূহ স্থানত প্ৰতিৰোধমূলক ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে।
সুৰক্ষা বৃদ্ধিৰ অংশ হিচাপে পাৰ্বত্য খণ্ডৰ গুৰুত্বপূৰ্ণ ৰে’লৱে সুৰঙ্গসমূহৰ প্ৰৱেশ পথত ট্ৰেকৰ ওপৰলৈ গৰু-ম’হৰ চলাচল প্ৰতিৰোধ কৰাৰ বাবে ফেঞ্চিং নিৰ্মাণ কৰা হৈ আছে। সম্প্ৰতি সুৰঙ্গ নং ১৬ আৰু সেতু নং ২৬২ ৰ মাজত ট্ৰেকৰ উভয় দিশৰ প্ৰায় ১৫০ মিটাৰ দৈৰ্ঘ্যৰ ফেঞ্চিং নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ উপৰিও সুৰঙ্গ নং ১০ আৰু সুৰঙ্গ নং ১২ ৰ আশে পাশে ফেঞ্চিং নিৰ্মাণৰ কাম বৰ্তমান চলি আছে আৰু সোনকালে সম্পূৰ্ণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই পদক্ষেপসমূহৰ পৰিণামস্বৰূপে গৰু-ম’হ যাতে ৰে’লপথত প্ৰৱেশ কৰিব নোৱাৰে সেই সম্ভাৱনা যথেষ্ট হ্ৰাস কৰিব, লগতে পশুধন-ৰে’লৰ সংঘৰ্ষ ৰোধ কৰি পৰিচালন সুৰক্ষা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
আন্তঃগাঁথনিগত পদক্ষেপৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিশেষকৈ নিউ হাৰাঙ্গাজাও-ডিটকছৰা খণ্ডত ম’হৰ সৈতে ৰে’লৰ খুন্দা লগা দুৰ্ঘটনা প্ৰৱণ অঞ্চলৰ আশে পাশে থকা গাঁওসমূহত ব্যাপক সচেতনতা অভিযানো চলাই আহিছে।
ৰে’লৱে বিষয়াবৰ্গই গাঁও পঞ্চায়ত আৰু স্থানীয় ৰাইজৰ সৈতে সমন্বয় সাধনেৰে জনসাধাৰণক ৰে’লপথ আৰু সুৰঙ্গসমূহত গৰু-ম’হ প্ৰৱেশ কৰাৰ ফলত হোৱা বিপদ সম্পৰ্কে সচেতন কৰি আহিছে। এনে অভিযানসমূহত পেম্ফলেট বিতৰণ কৰা হৈছে আৰু সচেতনতা প’ষ্টাৰ প্ৰদৰ্শন কৰা হৈছে যাতে গাঁওবাসীয়ে জীৱজন্তুক ৰে’লপথ আৰু ৰেলৱে পৰিসৰৰ পৰা আঁতৰত ৰাখে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই পাৰ্বত্য খণ্ডত সদায়েই সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন ৰে’ল চলাচল নিশ্চিত কৰিবলৈ অহৰহ নিৰীক্ষণ, আন্তঃগাঁথনিৰ শক্তিশালীকৰণ আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই স্থানীয় ৰাইজ আৰু গো-পালকসকলক ৰে’লৰ পৰিচালন সুৰক্ষিত কৰাৰ লগতে জীৱজন্তুৰ সৈতে দুৰ্ঘটনা ৰোধ কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
