নিউজ ডেস্ক, ৩১ মে’ ২০২৬ : পশ্চিমবংগৰ (West Bengal) আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত তুফানগঞ্জ ষ্টেচনৰ পৰা উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ চিটি ষ্টেচনলৈ প্ৰথমবাৰৰ বাবে সফলভাৱে মাকৈ লোডিং কাৰ্যৰ শুভাৰম্ভ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই মালবাহী ৰে’লৰ পৰিবহণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ২৭ মে’ তাৰিখে তুফানগঞ্জ ষ্টেচনৰ পৰা ৰুদ্ৰপুৰ চিটি ষ্টেচনলৈ পৰিবহণৰ বাবে মুঠ ১৩১০.৪ টন মাকৈ লোড কৰা হয়।

এই পৰিবহণৰ জৰিয়তে ৰে’লৱেই ৩০,২০,৯৪৪ টকাৰ মালবাহী ৰাজহ আহৰণ কৰিবলৈ সক্ষম হয়।আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত বিভিন্ন ষ্টেচনৰ পৰা মাকৈ লোডিঙৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই উল্লেখযোগ্য মালবাহী পৰিবহণ সম্পন্ন কৰি গুৰুত্বপূৰ্ণ ৰাজহ আয় কৰিবলৈ সক্ষম হৈছে। আনহাতে ১৫ মে’ তাৰিখে, তুফানগঞ্জ ষ্টেচনৰ পৰা মাকৈভৰ্তি এখন ৰেক লোড কৰি উত্তৰ ৰে’লৱেৰ অধীনস্থ ভাটিণ্ডা ষ্টেচনলৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ পিছতে ২১ মে’ তাৰিখে তুফানগঞ্জ ষ্টেচনৰ পৰা আন এখন মাকৈভৰ্তি ৰেক খেমকৰণ ষ্টেচনলৈ লোড কৰা হয়। ইয়াৰ উপৰিও ২৬ মে’ তাৰিখে ফালাকাটা ষ্টেচনৰ পৰা খড়গপুৰ ষ্টেচনলৈ মাকৈৰ এখন ৰেক প্ৰেৰণ কৰা হয়। এই তিনিখন ৰেকৰ চলাচলৰ জৰিয়তে সামগ্ৰিকভাৱে আনুমাণিক ৯০.১৯ লাখ টকাৰ মালবাহী ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই নতুন মালবাহী পৰিবহণ ব্যৱস্থাৰ সফল ৰূপায়ণে কৃষিজাত সামগ্ৰীৰ যোগান শৃংখলা অধিক শক্তিশালী কৰা আৰু আন্তঃৰাজ্যিক বাণিজ্যিক সংযোগ বৃদ্ধি কৰাত ৰে’লপথৰ ক্রমবর্ধমান গুৰুত্ব স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কৃষিজাত সামগ্ৰীৰ বাবে ৰে’লক এক নিৰ্ভৰযোগ্য, ব্যয়-ফলপ্ৰসূ আৰু পৰিৱেশ-হিতৈষী পৰিবহণৰ মাধ্যম হিচাপে প্ৰসাৰিত কৰাৰ অবিৰত প্ৰয়াসকে প্ৰতিফলিত কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে কৃষক, ব্যৱসায়ী আৰু বাণিজ্যিক মহলৰ বাবে অধিক কার্যকৰী লজিষ্টিক সুবিধা নিশ্চিত কৰাৰ লগতে মালবাহী পৰিবহণ ব্যৱস্থা সম্প্ৰসাৰণৰ দিশত সদায় প্ৰতিশ্ৰুতিবদ্ধ। এনে পদক্ষেপসমূহে ৰে’লপথেৰে পণ্য পৰিবহণ অধিক উৎসাহিত কৰাৰ লগতে আঞ্চলিক অৰ্থনৈতিক বিকাশ আৰু মালবাহী ৰে’লৰ বহনক্ষম গতিশীলতাৰ দিশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।