নিউজ ডেস্ক, ৩০ মে’ ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিউ বঙাইগাঁওস্থিত (Bongaigaon) কেৰেজ এণ্ড ৱাগন ৱৰ্কশ্বপে আধুনিকীকৰণ, সুৰক্ষা বৃদ্ধি আৰু পৰিচালনগত উৎকৰ্ষতাৰ ওপৰত গুৰুত্ব প্ৰদানেৰে উল্লেখযোগ্য সফলতা লাভ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্যতম গুৰুত্বপূৰ্ণ সফলতা হৈছে নিউ বঙাইগাঁও ৱৰ্কশ্বপে লিংক-হফমেন-বুছ কোচৰ মিড-লাইফ ৰিহেবিলিটেশ্যনৰ কাম আৰম্ভ কৰা।

এই উন্নয়ন হৈছে যাত্ৰী স্বাচ্ছন্দ্য, পৰিচালনগত সুৰক্ষা আৰু আধুনিক কোচিং স্টকৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰথমটো এমএলআৰ ডবা নিৰ্মাণ বৰ্তমানে শেষ পৰ্যায়ত আছে আৰু অতি সোনকালে ইয়াৰ নিৰ্মাণ সম্পন্ন কৰা হ’ব বুলি আশা কৰা হৈছে।

আন এক উল্লেখযোগ্য সফলতা হৈছে নিউ বঙাইগাঁও ৱৰ্কশ্বপত এলএইচবি কোচৰ লোড টেষ্টিং সুবিধা স্থাপন আৰু কাৰ্যকৰীকৰণ। এই সুবিধাৰ জৰিয়তে লোড অৱস্থাত থকা সকলো গুৰুত্বপূৰ্ণ কোচৰ পৰিমাপ পৰীক্ষণ আৰু প্ৰমাণিতকৰণ কৰা হয়, পৰিণামস্বৰূপে অভাৰহ’ল কৰা এলএইচবি বোগীসমূহৰ নিৰ্ভৰযোগ্যতা, মানদণ্ড আৰু মানসম্পন্ন সুৰক্ষাৰ উন্নয়ন অধিক নিশ্চিত কৰিব পৰা যাব।

ইয়াৰ উপৰিও, এই ৱৰ্কশ্বপে এলএইচবি বোগী ফ্ৰেম আৰু ব’লষ্টাৰৰ বাবে শ্বট ব্লাষ্টিং মেচিনো আৰম্ভ কৰিছে। এই পদক্ষেপে যান্ত্ৰিক শ্বট ব্লাষ্টিঙৰ সৈতে উন্নত মানসম্পন্ন চাৰফেচ ফিনিছিং সক্ষম কৰি উন্নতৰ ৰক্ষণাবেক্ষণৰ মানদণ্ড আৰু পৰিচালনগত দক্ষতা বৃদ্ধি কৰিছে। এই সমগ্ৰ পদক্ষেপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ, ৰক্ষণাবেক্ষণ পদ্ধতি উন্নতকৰণৰ লগতে অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত নিজৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।