নিউজ ডেস্ক, ১৪ জুন, ২০২৬ : চলিত বৰ্ষৰ ৯ আৰু ১০ জুন তাৰিখে পৰিচালিত এক ধাৰাবাহিক সফল অভিযানত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ৰে’লৱে সুৰক্ষা আৰু যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসম, বিহাৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু পশ্চিমবংগৰ বিভিন্ন ৰে’লৱে ষ্টেচন আৰু ৰে’লগাড়ীত চলোৱা এক সমন্বিত অভিযানৰ জৰিয়তে ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে মাদকবিৰোধী অভিযান, অপৰাধ প্ৰতিৰোধ, বিপদাপন্ন ব্যক্তিৰ উদ্ধাৰ আৰু যাত্ৰী কল্যাণমূলক কামকাজত উল্লেখযোগ্য সফলতা লাভ কৰে।
এই অভিযানসমূহৰ পৰিণামস্বৰূপে মুঠ ১৯ টা সফল ঘটনা চিনাক্ত হয়। অভিযানসমূহত প্ৰায় ৬.৩৩ লাখ টকাৰো অধিক মূল্যৰ ১২.৬৬৬ কিলোগ্ৰাম গাঞ্জা, প্ৰায় ৫৫.৮৪ লাখ টকাৰো অধিক মূল্যৰ ২৭৯.২১ গ্ৰাম ব্ৰাউন ছুগাৰ আৰু প্ৰায় ২৮ হাজাৰ টকাৰো অধিক মূল্যৰ ১৫৫ বটল অবৈধ সুৰা জব্দ কৰা হয়। লগতে প্ৰায় ৪৫ হাজাৰ টকাৰো অধিক মূল্যৰ ৩ টা চুৰি হোৱা মোবাইল ফোন উদ্ধাৰ কৰাৰ লগতে ৭ জন অপৰাধীক আটক, ৮ জন নাবালক-নাবালিকাক (৫ জন ল’ৰা আৰু ৩ জনী ছোৱালী) উদ্ধাৰ কৰা হয় আৰু বিপদগ্ৰস্ত ৩ জন যাত্ৰীক সময়মতে চিকিৎসা সহায়তা প্ৰদান কৰা হয়।
এই সময়ছোৱাত লাভ কৰা উল্লেখযোগ্য সফলতাসমূহৰ ভিতৰত, ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে জিআৰপি আৰু এছআইবিৰ সহযোগত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে এক উল্লেখনীয় সফলতা অৰ্জন কৰে। বদৰপুৰ ৰে’ল ষ্টেচনত এজন ব্যক্তিক আটক কৰি তেওঁৰ পৰা প্ৰায় ৫৫.৮৪ লাখ টকাৰো অধিক মূল্যৰ ২৭৯.২১ গ্ৰাম ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অভিযুক্তজনক এনডিপিএছ আইন, ১৯৮৫-ৰ ধাৰা অনুসৰি জিআৰপিৰ হাতত গতাই দিয়া হয়। আইন বলবৎকৰণ দায়িত্বৰ উপৰিও ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে নিউ জলপাইগুড়ী, আৰাৰিয়া আৰু তিনিচুকীয়া ৰে’লৱে ষ্টেচনত তিনিজন যাত্ৰীক তাৎক্ষণিকভাৱে চিকিৎসা সাহাৰ্য প্ৰদান কৰি যাত্ৰী কল্যাণৰ দিশত এক দৃষ্টান্তমূলক সেৱা প্ৰদৰ্শন কৰে।
ৰে’লৱে চিকিৎসা কৰ্মী আৰু স্থানীয় স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ সৈতে তাৎক্ষণিক সমন্বয়েৰে আহত যাত্ৰীসকলক তাৎক্ষণিক প্ৰাথমিক চিকিৎসা আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্রদান কৰা হয়। ইয়াৰ দ্বাৰা জৰুৰীকালীন পৰিস্থিতিত যাত্ৰীৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰে’লৱে সুৰক্ষা বাহিনীৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে। এই সফল অভিযানসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেত অধিক সুৰক্ষিত, নিৰাপদ আৰু যাত্ৰী-কেন্দ্ৰিক ৰে’ল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰে’লৱে সুৰক্ষা বাহিনীৰ কাৰ্যদক্ষতা আৰু দৃঢ় প্ৰতিশ্ৰুতিক স্পষ্টভাৱে প্ৰতিফলিত কৰি তুলিছে।
