নিউজ ডেস্ক, ১৫ জুন, ২০২৬ : বিগত ১২ বছৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ এক মুখ্য চালিকাশক্তি ৰূপে পৰিগণিত হৈছে। এই সময়ছোৱাত ৰে’লৱে আন্তঃগাঁথনি, সংযোগ ব্যৱস্থা, বৈদ্যুতিকৰণ আৰু যাত্ৰী সেৱাৰ দিশত অভূতপূৰ্ব অগ্ৰগতি ৰূপায়ন কৰা হৈছে। বাজেটৰ বৰ্ধিত আৱণ্টনৰ সাহাৰ্যৰে, যি ২০০৯-১৪ সময়ছোৱাত গড়ে ২,১২২ কোটি টকাৰ পৰা বৃদ্ধি হৈ ২০২৬-২৭ বৰ্ষৰ সময়ছোৱাত ১১,৪৮৬ কোটি টকালৈ প্ৰায় পাঁচগুণ বৃদ্ধি হৈছে, যাৰ দ্বাৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেই সমগ্ৰ অঞ্চলজুৰি ৰে’ল উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰি তুলিছে।

এই সময়ছোৱাত এক অন্যতম উল্লেখনীয় সফলতা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰতে মিটাৰ গেজৰ পৰা ব্ৰড গেজলৈ সম্পূৰ্ণ ৰূপান্তৰ সফলতাৰে ৰূপায়ন। ২০১৪ বৰ্ষৰ পূৰ্বে প্ৰায় নথকাৰ দৰে ৰে’লৱে বৈদ্যুতীকৰণ এতিয়া ইয়াৰ নেটৱৰ্কৰ ৯৫ শতাংশৰো অধিক অংশক সামৰি লৈছে। লগতে ৪,১৭০ কিলোমিটাৰৰো অধিক ৰে’ল পথ বৈদ্যুতীকৰণ কৰাৰ ফলত ৰে’লৰ পৰিচালন অধিক দ্ৰুত, সেউজ সম্পন্ন আৰু কাৰ্যক্ষম হৈ উঠিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই নতুন ৰে’লপথ আৰু দ্বৈতকৰণ প্ৰকল্পৰ অন্তৰ্ভুক্তিৰে ২,০০০ কিলোমিটাৰৰো অধিক নতুন ৰে’লপথ নিৰ্মাণ কৰিছে।

ইয়াৰ উপৰিও, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মিজোৰামৰ ৰাজধানীসমূহলৈ ৰে’ল সংযোগ সম্প্ৰসাৰণ কৰা হৈছে। ছিক্কিম, নাগালেণ্ড আৰু মণিপুৰত নিৰ্মাণাধীন অৱস্থাত কেইবাটাও গুৰুত্বপূৰ্ণ কৌশলগত প্ৰকল্প দ্ৰুতগতিত আগবাঢ়ি আছে, যিসমূহে অঞ্চলটোৰ সংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰিব। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ষ্টেচনসমূহৰ পুনৰ্বিকাশ, বন্দে ভাৰত, অমৃত ভাৰত আৰু বন্দে ভাৰত স্লীপাৰৰ দৰে আধুনিক ৰে’ল সেৱাৰ প্ৰৱৰ্তনৰ লগতে লিফ্ট, এস্কালেটৰ, ডিজিটেল টিকটিং সুবিধা আৰু উন্নত ষ্টেচন আন্তঃগাঁথনিৰ দৰে আধুনিক সুবিধা প্ৰদানৰ জৰিয়তে যাত্ৰীৰ সুবিধা যথেষ্ট বৃদ্ধি পাইছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটীত শৰাইঘাট সেতুৰ সমান্তৰালভাৱে নতুন ৰে’ল-সহ-পথ সেতুৰ নিৰ্মাণ আৰু কোকৰাঝাৰৰ বাসবাৰীত ৱাগন পিৰিয়ডিক অভাৰহ’লিং ৱৰ্কশ্বপ স্থাপনৰ জৰিয়তে কেইবাটাও ৰূপান্তৰকাৰী প্ৰকল্প ৰূপায়ণ কৰি আছে।

ইয়াৰ উপৰিও, বানাৰহাট-চামত্ছে আৰু কোকৰাঝাৰ-গেলেফু ৰে’ল সংযোগৰ জৰিয়তে ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সংযোগ সম্প্ৰসাৰণ কৰা হৈ আছে, যিয়ে উভয় সীমান্তৰ দুয়ো দিশত বাণিজ্য আৰু আঞ্চলিক অৰ্থনৈতিক বিকাশত সহায় কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সুৰক্ষা, মালবাহী ৰে’ল পৰিচালনত উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো কেইবাটাও অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰিছে। ৫০০ ৰো অধিক ৰোড অভাৰব্ৰিজ আৰু ৰোড আণ্ডাৰব্ৰিজ নিৰ্মাণ কৰা হৈছে, লগতে হাতীৰ অনুপ্ৰৱেশ চিনাক্তকৰণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক চিষ্টেম প্ৰৱৰ্তন কৰাৰ লগতে হুলক গিবনৰ বাবে বিশেষ ক্যানপি ব্ৰিজ স্থাপন কৰা হৈছে। নিৰ্মাণাধীন বহুতো ৰূপান্তৰকাৰী ৰে’ল প্ৰকল্পৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই অধিক যোগাযোগ সম্পন্ন, আধুনিক আৰু সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চল গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।