গুৱাহাটী, ১৭ জুন, ২০২৬ : গুৱাহাটীস্থিত পবিত্ৰ কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অম্বুবাচী মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থ যাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। এই মেলাৰ সময়ছোৱাত তীৰ্থ যাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিশেষ ৰে’লৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত ৰে’লৱে আৰু সুৰক্ষা কৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন, তথা তীৰ্থযাত্ৰীসকলৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানীৰ বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে।
এই ব্যৱস্থাসমূহৰ মূল লক্ষ্য হৈছে ভক্তসকলৰ বাধাহীন যাতায়াত নিশ্চিত কৰা, ফলপ্ৰসূ ভিৰ নিয়ন্ত্ৰণ বজাই ৰখা আৰু যাত্ৰীসকলৰ সুবিধা বৃদ্ধি কৰা, যাতে অঞ্চলটোৰ অন্যতম বৃহৎ আধ্যাত্মিক সমাৱেশ অম্বুবাচী মেলাৰ সময়ত সকলোৰে বাবে এক সুৰক্ষিত আৰু সুসংগঠিত যাত্ৰাৰ অভিজ্ঞতা নিশ্চিত হয়। তীৰ্থযাত্ৰীসকলৰ প্ৰত্যাশিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰায় ৫০ টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ (জিএছ) ডবাসহ তিনিখন বিশেষ অসংৰক্ষিত ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে, যিয়ে কামাখ্যাক অসম আৰু উত্তৰ বংগৰ বিভিন্ন গুৰুত্বপূৰ্ণ গন্তব্যস্থানৰ সৈতে সংযোগ স্থাপন কৰিব। ইয়াৰ উপৰিও, অম্বুবাচী মেলাৰ সময়ছোৱাত যাত্ৰী বহন ক্ষমতা বৃদ্ধি কৰাৰ অৰ্থে বিভিন্ন নিয়মিয়া যাত্ৰীবাহী ৰে’লসমূহত অস্থায়ীভাৱে ১১ টা অতিৰিক্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হৈছে।
ৰে’ল নং ০৫৬৬১ কামাখ্যা-আলিপুৰদুৱাৰ জংচন ৱান ৱে বিশেষ ৰে’লখনে ১৯ জুন, ২০২৬ তাৰিখে কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা আলিপুৰদুৱাৰত গৈ উপস্থিত হ’ব। ইয়াৰ উপৰিও, ৰে’ল নং ০৫৪৪৪/০৫৪৪৫ আলিপুৰদুৱাৰ-কামাখ্যা-আলিপুৰদুৱাৰ বিশেষ ৰে’লসমূহ ২০ জুনৰ পৰা ২২ জুনলৈ আৰু ২৪ জুনৰ পৰা ২৭ জুন, ২০২৬ লৈকে প্ৰতিদিনে চলিব। এই বিশেষ সেৱাই অম্বুবাচী মেলাৰ সময়ত অসম আৰু উত্তৰ বংগৰ মাজত উন্নত সংযোগ নিশ্চিত কৰিব। ইয়াৰ উপৰিও, ৰে’ল নং ০৫৭৮০ নিউ জলপাইগুড়ী-কামাখ্যা বিশেষ ৰে’লখন ২০ আৰু ২৭ জুন, ২০২৬ তাৰিখে চলিব, আনহাতে ৰে’ল নং ০৫৭৭৯ কামাখ্যা-নিউ জলপাইগুড়ী বিশেষ ৰে’লখন ২১ আৰু ২৮ জুন, ২০২৬ তাৰিখে চলিব।
এই বিশেষ ৰে’লসমূহে পৱিত্ৰ কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলৰ বাবে অতিৰিক্ত ভ্ৰমণ সুবিধা উপলব্ধ কৰিব। নিৰ্বিঘ্নে টিকট ক্ৰয়ৰ সুবিধা প্ৰদানৰ বাবে গুৱাহাটী আৰু কামাখ্যা ৰে’লৱে ষ্টচনত দিনে-নিশাই অতিৰিক্ত টিকট কাউন্টাৰ মুকলি কৰি ৰখা হৈছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীক নীতি নিৰ্দেশনা, তথ্য আৰু সাহাৰ্য প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ স্থানলমূহত বিশেষ হেল্প ডেস্ক আৰু অনুসন্ধান কাউন্টাৰ স্থাপন কৰা হৈছে। ফলপ্ৰসূ ভিৰ নিয়ন্ত্ৰণ আৰু যাত্ৰীসকলৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যেৰে কামাখ্যা, গুৱাহাটী আৰু অন্যান্য গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰে’লৱে সুৰক্ষা বাহিনী, চৰকাৰী ৰে’লৱে আৰক্ষী, বাণিজ্যিক আৰু কাৰিকৰী বিভাগৰ পৰা অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰা হৈছে।
ইয়াৰ উপৰিও অম্বুবাচী মেলাৰ সময়ত, তীৰ্থযাত্ৰীসকলক নিৰ্দেশনা, তথ্য আৰু অন্যান্য সাহাৰ্য সেৱা প্ৰদান কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ প্ৰায় ২০০ জন স্বেচ্ছাসেৱকক নিয়োজিত কৰা হৈছে। এই পদক্ষেপে অম্বুবাচী মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীসকলৰ বাবে সুগম আৰু নিৰৱচ্ছিন্ন তীৰ্থ যাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰাত সহায় কৰিব। এই বিস্তৃত পদক্ষেপসমূহৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই অম্বুবাচী মেলাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীসকলৰ বাবে নিৰাপদ, সুবিধাজনক আৰু নিৰৱচ্ছিন্ন তীৰ্থ যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হোৱাৰ লগতে উৎসৱৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ গতিবিধি আৰু অধিক সুগম কৰি তুলিব।
