গুৱাহাটী, ১৮ জুন, ২০২৬ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ৰে’লৱে আন্তঃগাঁথনি ব্যৱস্থাপনাৰ বাবে অনাগত প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কীয় এক মত বিনিময় বৈঠকৰ আয়োজন কৰে, য’ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী, প্ৰযুক্তি বিশেষজ্ঞ আৰু আইআইটি (IIT) গুৱাহাটীৰ অধ্যাপক, প্ৰফেছৰ অশ্বিনী কে. নন্দা এক অন্তৰ্দৃষ্টিসম্পন্ন বিষয়বস্তুৰ উপস্থাপন কৰে আৰু তেখেতে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী এই মত বিনিময়ত অংশগ্ৰহণ কৰে।

বৈঠকখনত কৃত্ৰিম বুদ্ধিমত্তা, অত্যাধুনিক চেন্সিং প্ৰযুক্তি আৰু ডিজিটেল প্লাটফৰ্মসমূহৰ বাবে ৰে’লৱেৰ সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু দীৰ্ঘম্যাদী আন্তঃগাঁথনি বহনক্ষমতা বৃদ্ধিত ৰূপান্তৰকাৰী ভূমিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। এই অনুষ্ঠানটোত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱ, অতিৰিক্ত মহাপ্ৰৱন্ধক, প্ৰধান বিভাগীয় মুৰব্বী, বিভাগীয় মুৰব্বী আৰু মুখ্য কাৰ্য্যালয় আৰু ইয়াৰ বিভিন্ন মণ্ডলসমূহৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।

এই উপস্থাপনত, অধ্যাপক নন্দাই “মাল্টিপল ছেনচৰ, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল টুইন ব্যৱহাৰেৰে স্থায়ী ৰেলপথ পৰিদৰ্শন আৰু নিৰীক্ষণৰ বাবে স্বয়ংক্ৰিয়, একক ব্যৱস্থা” নামাকৰণেৰে এক অত্যাধুনিক বিষয়বস্তুৰ ওপৰত বিস্তৃত বাখ্যা দাঙি ধৰে। প্ৰস্তাৱিত এই পদ্ধতিটোত ইন্টেলিজেন্ট ছেনচৰ নেটৱৰ্ক, এআই- সক্ষম পূৰ্বানুমান বিশ্লেষণৰ জৰিয়তে ট্ৰেকৰ স্থিতিৰ অবিৰত মূল্যাঙ্কনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, পৰিণামস্বৰূপে এনেধৰণৰ প্ৰযুক্তিয়ে সম্পদৰ ব্যৱস্থাপনা যথেষ্ট উন্নত কৰি ৰক্ষণাবেক্ষণ সম্পদসমূহৰ সঠিক ব্যৱহাৰ কৰাৰ দিশত ফলপ্ৰসূতা বৃদ্ধি কৰি ৰে’লৱে সুৰক্ষা মানদণ্ড শক্তিশালী কৰাৰ সম্ভাৱনা দৃঢ় কৰি তোলে।

উক্ত বৈঠকত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকে সুৰক্ষিত, কাৰ্যক্ষম আৰু ৰে’লৱেৰ অধিক বহনক্ষম ব্যৱস্থা গঢ়ি তুলিবলৈ নতুন প্ৰযুক্তিসমূহ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেখেতে উল্লেখ কৰে যে প্ৰযুক্তিগত উদ্ভাৱন আৰু পাৰিপাৰ্শ্বিক দায়বদ্ধতাক হাতে হাতে লৈ আগবাঢ়িব লাগে যাতে অনাগত সময়ত ৰে’লৱেৰ চাহিদা পূৰণ কৰিব পৰা যায়। এই অনুষ্ঠানটোৱে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উদ্ভাৱন আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি ৰে’লৱেৰ সুৰক্ষা, পৰিচালনক্ষমতা আৰু পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ বৃদ্ধিৰ দিশত এই ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰে।

এই বৈঠকতে, উত্তৰ-পূব সীমান্ত ৰে’লৱে বিশ্ব পৰিৱেশ দিৱস ২০২৬ উদযাপন উপলক্ষ্যে এখন চুটি ছবি প্ৰদৰ্শন কৰে, য’ত সংমণ্ডলটোৰ বিভিন্ন পৰিপাৰ্শ্বিক তথা সুৰক্ষামূলক কামকাজসমূহ প্ৰদৰ্শন কৰা হয় যাৰ ভিতৰত ৰে’লৱে বৈদ্যুতীকৰণ, সৌৰ শক্তিৰ সম্প্ৰসাৰণ, শক্তি সংৰক্ষণ ব্যৱস্থা, জল ব্যৱস্থাপনা, বর্জ্য সামগ্ৰী হ্ৰাসৰ দিশত বিশেষ পদক্ষেপ, বৃক্ষৰোপন অভিযান আৰু মণ্ডল ৱৰ্কশ্বপ আৰু কাৰ্যালয়সমূহত পৰিৱেশ-হিতৈষী অনুশীলন অন্তৰ্ভূক্ত আছে। এই পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলত কাৰ্বন নিৰ্গমন হ্ৰাস আৰু সেউজ পৰিবহন ব্যৱস্থাক উৎসাহিতকৰণৰ দিশত এই ৰে’লৱেৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই উদ্ভাৱনী প্রযুক্তি আৰু পৰিৱেশ-সচেতন অনুশীলন গ্ৰহণ কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ যি বহনক্ষম বিকাশৰ দিশত সঁহাৰি আগবঢ়ায়। উন্নত ডিজিটেল প্ৰযুক্তিসমূহে চলিত গ্ৰীন পদক্ষেপৰ সৈতে সমন্বয়েৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আধুনিক, পাৰিপাৰ্শিক সচেতন ৰে’লৱেৰ ব্যৱস্থা ৰূপে ইয়াৰ ভূমিকাক শক্তিশালী কৰি তুলিছে, যি এক সুৰক্ষিত, কার্যক্ষম আৰু বহনক্ষম ৰে’ল পৰিবহণ সেৱা উত্তৰ-পূৰ্ব্বাঞ্চল আৰু ইয়াৰ অন্তৰ্গত অঞ্চলৰ ৰাইজৰ বাবে উপলব্ধ কৰাৰ দিশত সদায় সমৰ্পিত হৈ আহিছে।