গুৱাহাটী, ১৯ জুন ২০২৬ : জটিল স্নায়বিক চলনজনিত ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে। কোকৰাঝাৰ (Kokrajhar) জিলাৰ এগৰাকী ৬৩ বছৰীয়া ৰোগীৰ সফল চিকিৎসা সম্পন্ন কৰি এক উল্লেখযোগ্য সফলতাৰ নিদৰ্শন দাঙি ধৰিছে হাস্পতালখনে। ডিঙিত তীব্ৰ বিষ, অনিয়ন্ত্ৰিত মোচৰ আৰু অস্বাভাৱিক ভংগীৰ সৃষ্টি কৰি দৈনন্দিন জীৱন যথেষ্ট দুৰ্বিষহ কৰি তোলা জটিল ‘ছাৰ্ভাইকেল ডিষ্টোনিয়া’ নামৰ স্নায়বিক চলনজনিত ৰোগত ভুগি আছিল ৰোগীগৰাকী।
এই বছৰৰ যোৱা ৫ জুনত পিয়াৰলেছ হাস্পতালৰ পৰামৰ্শদাতা স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰাজেশকুমাৰ ভি. কুৰ্মীৰ তত্ত্বাৱধানত ৰোগীগৰাকীয়ে ব্যক্তিগত প্ৰয়োজন অনুসৰি বিশেষভাৱে পৰিকল্পিত বটুলিনাম টক্সিন ইনজেকচন চিকিৎসা গ্ৰহণ কৰে। চিকিৎসাৰ পিছত পৰৱৰ্তী কেইসপ্তাহমানৰ ভিতৰত ৰোগীগৰাকীৰ ডিঙিৰ বিষ আৰু অস্বাভাৱিক চলন যথেষ্ট পৰিমাণে হ্ৰাস পায়। ফলস্বৰূপে, নতুন আত্মবিশ্বাস আৰু অধিক আত্মনিৰ্ভৰতাৰে পুনৰ দৈনন্দিন জীৱনৰ কাম-কাজ আৰম্ভ কৰিবলৈ সক্ষম হয় তেওঁ। এই সফল চিকিৎসাই উত্তৰ-পূৰ্বাঞ্চলজুৰি জটিল চলনজনিত স্নায়বিক ৰোগত আক্ৰান্ত ৰোগীসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাত আধুনিক স্নায়ুৰোগভিত্তিক চিকিৎসা হস্তক্ষেপৰ ক্ৰমবৰ্ধমান ভূমিকা আৰু গুৰুত্বক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।
গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ পৰামৰ্শদাতা স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰাজেশকুমাৰ ভি. কুৰ্মীৰ মতে, ছাৰ্ভাইকেল ডিষ্টোনিয়াৰ লগতে আন কেইবাটাও স্নায়বিক ৰোগৰ চিকিৎসাত বটুলিনাম টক্সিন থেৰাপি বৰ্তমান অন্যতম ফলপ্ৰসূ চিকিৎসা বিকল্প হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ কয়, “বটুলিনাম টক্সিন থেৰাপিয়ে বহু চলনজনিত ৰোগৰ চিকিৎসা ব্যৱস্থাত এক যুগান্তকাৰী পৰিৱৰ্তন আনিছে। উপযুক্ত ৰোগী নিৰ্বাচন আৰু বিশেষজ্ঞৰ তত্ত্বাৱধানত সঠিকভাৱে এই চিকিৎসা প্ৰয়োগ কৰিলে ৰোগৰ লক্ষণসমূহ যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি। একে সময়তে, ৰোগীৰ জীৱনৰ মানদণ্ড উন্নত কৰি তেওঁক অধিক স্বাভাৱিক, সক্ৰিয় আৰু স্বনিৰ্ভৰ জীৱনলৈ ঘূৰাই অনাতো এই চিকিৎসাই উল্লেখযোগ্য ভূমিকা পালন কৰে।”
উল্লেখ্য যে, ছাৰ্ভাইকেল ডিষ্টোনিয়া হৈছে এনে এক স্নায়বিক ৰোগ, যাৰ ফলত পেশীত অনিয়ন্ত্ৰিত সংকোচনৰ সৃষ্টি হয়। ইয়াৰ ফলত মূৰ আৰু ডিঙি জোৰকৈ অস্বাভাৱিক অৱস্থানলৈ বেঁকা বা ঘূৰি যাবলৈ বাধ্য হয়। এই ৰোগে তীব্ৰ বিষৰ সৃষ্টি কৰিব পাৰে, স্বাভাৱিক চলাচল সীমিত কৰি তুলিব পাৰে আৰু দৈনন্দিন জীৱনযাত্ৰাত যথেষ্ট বিঘিনি ঘটাব পাৰে। এনে পৰিপ্ৰেক্ষিততে দীৰ্ঘম্যাদী শাৰীৰিক অক্ষমতাৰ আশংকা হ্ৰাস কৰাৰ লগতে চিকিৎসাৰ ফলাফল অধিক উন্নত কৰাৰ ক্ষেত্ৰত আগতীয়াকৈ ৰোগ চিনাক্তকৰণ আৰু সময়মতে উপযুক্ত চিকিৎসা আৰম্ভ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। মন কৰিবলগীয়া যে, বটুলিনাম টক্সিন থেৰাপিয়ে পেশীৰ অত্যধিক সংকোচনৰ বাবে দায়ী অস্বাভাৱিক স্নায়ু সংকেতসমূহ সাময়িকভাৱে বাধাগ্ৰস্ত কৰি কাম কৰে।
ছাৰ্ভাইকেল ডিষ্টোনিয়াৰ লগতে ব্লেফাৰ’স্পাজম, হেমিফেচিয়েল স্পাজম, ষ্ট্ৰোকৰ পিছত সৃষ্টি হোৱা পেশীৰ অস্বাভাৱিক টান, চেৰিব্ৰেল পালছিৰ সৈতে জড়িত পেশীৰ অস্বাভাৱিক সংকোচন, দীৰ্ঘদিনীয়া মাইগ্ৰেইন, পাৰ্কিনছন ৰোগৰ সৈতে সম্পৰ্কিত অত্যধিক লেলাউটি ওলোৱা সমস্যা আৰু নিৰ্বাচিত কঁপনিজনিত ৰোগৰ চিকিৎসাত এই পদ্ধতি বহুলভাৱে ব্যৱহাৰ কৰা হয়। চিকিৎসাৰ সফল ফলাফল সন্দৰ্ভত মন্তব্য কৰি পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয়, “এই ৰোগীগৰাকীৰ সফল চিকিৎসাই বৰ্তমান অসমত উপলব্ধ উন্নত স্নায়ুৰোগ চিকিৎসা ব্যৱস্থাৰ ক্ৰমবৰ্ধমান সক্ষমতাক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। পিয়াৰলেছ হাস্পতাল গুৱাহাটীত আমি উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওচৰলৈ বিশ্বমানৰ চিকিৎসা সুবিধা কঢ়িয়াই নিয়াৰ বাবে দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ। বিশেষজ্ঞ চিকিৎসা লাভৰ বাবে যাতে ৰোগীসকলে অঞ্চলটোৰ বাহিৰলৈ যাবলগীয়া নহয়, সেই বিষয়টোকো আমি বিশেষ গুৰুত্ব দি আহিছোঁ। এই সফল ফলাফলে চিকিৎসাক্ষেত্ৰত উৎকৰ্ষ সাধন, উদ্ভাৱনী চিন্তা আৰু ৰোগীক কেন্দ্ৰ কৰি আগবঢ়োৱা স্বাস্থ্যসেৱাৰ প্ৰতি আমাৰ অবিৰত অংগীকাৰক প্ৰতিফলিত কৰে। ইয়াৰ জৰিয়তে জটিল স্নায়বিক ৰোগত আক্ৰান্ত লোকসকলে অধিক সুস্থ, স্বাভাৱিক আৰু উৎপাদনশীল জীৱন যাপন কৰাৰ সুযোগ লাভ কৰিছে।”
এই সফল চিকিৎসাই অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলক উন্নত স্নায়ুৰোগ চিকিৎসা আৰু অত্যাধুনিক চিকিৎসা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ অংগীকাৰক পুনৰ দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে। বিশেষজ্ঞ চিকিৎসকৰ অভিজ্ঞতা, উন্নত প্ৰযুক্তি আৰু ৰোগীক কেন্দ্ৰ কৰি আগবঢ়োৱা যত্নশীল স্বাস্থ্যসেৱাৰ সমন্বয়ৰে ক্ৰমাগতভাৱে বিস্তৃত স্নায়ুৰোগ চিকিৎসা সেৱাৰ পৰিসৰ বৃদ্ধি কৰি আহিছে হাস্পতালখনে। ফলস্বৰূপে, ঘৰৰ সমীপতে অধিক সংখ্যক ৰোগীয়ে সামগ্ৰিক আৰু বিশেষায়িত স্নায়ুৰোগ চিকিৎসা লাভ কৰাৰ সুযোগ পাইছে।
