নিউজ ডেস্ক, ২০ জুন, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ সৈতে ১৮ জুন ২০২৬ তাৰিখৰ পৰা লামডিং মণ্ডলৰ অন্তৰ্গত ত্ৰিপুৰাৰ আগৰতলা আৰু ছেকেৰকোট ৰে’লৱে ষ্টেচনৰ গুৰুত্বপূৰ্ণ ৰে’লৱে আন্তঃগাঁথনি আৰু পৰিচালনগত সুবিধাসমূহৰ দুদিনীয়া কাৰ্যসূচীৰে বিস্তৃত পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মহাপ্ৰৱন্ধকে ৰে’লপথৰ অৱস্থা, ৰে’লৱে সম্পদ, যাত্ৰী সা-সুবিধা আৰু নিৰ্মাণাধীন উন্নয়নমূলক কামকাজসমূহৰ এক পুংখানুপুংখ নিৰীক্ষণ কৰে।

তেওঁ অঞ্চলটোৰ পৰিচালনাগত দক্ষতা, যাত্ৰীসকলৰ সুবিধা আৰু ৰে’ল সংযোগ উন্নত কৰাৰ দিশত গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰো মূল্যায়ন কৰে। পৰিদৰ্শনৰ সময়ত ৰে’লপথৰ ৰক্ষণাবেক্ষণ মানদণ্ড, বালাষ্টৰ অৱস্থা, নৰ্দমা ব্যৱস্থা, সেতু আৰু অন্যান্য ৰে’লৱে সম্পদসমূহৰ বিস্তৃত নিৰীক্ষণ কৰা হয়। ত্ৰিপুৰাৰ দৰে অধিক বৰষুণ আৰু জটিল ভূপ্ৰকৃতি থকা ৰাজ্যখনত নিৰাপদ আৰু নিৰ্ভৰযোগ্য ৰে’ল চলাচল নিশ্চিত কৰাৰ অৰ্থে অবিৰত নিৰীক্ষণৰ প্ৰয়োজন হোৱাৰ বাবে এইধৰণৰ পৰিদৰ্শন বিশেষভাৱে গুৰুত্বপূৰ্ণ। আগৰতলা ৰে’লৱে ষ্টেচনত মহাপ্ৰবন্ধকে এস্কালেটৰ, লিফ্ট আৰু অন্যান্য সা-সুবিধাসমূহ পৰিদৰ্শন কৰি যাত্ৰী সেৱাৰ মানদণ্ডৰ ওপৰত এক বিস্তৃত পৰ্যালোচনা কৰে।

লগতে ৰাজ্যখনত যাত্ৰী সা-সুবিধা বৃদ্ধি, পৰিচালনাগত দক্ষতাৰ উন্নতকৰণ আৰু ৰেলৱে আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ লক্ষ্যৰে নিৰ্মাণাধীন ৰে’লৱে বৈদ্যুতীকৰণ আৰু অন্যান্য উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। এই ভ্ৰমণকালত শ্ৰীবাস্তৱে আগৰতলা কোচিং ডিপো পৰিদৰ্শন কৰি ডবাৰ ৰক্ষণাবেক্ষণ, পৰিচ্ছন্নতা, সুৰক্ষা মানদণ্ড আৰু পৰিচালনগত প্ৰস্তুতিৰো নিৰীক্ষণ কৰে। তেওঁ আগৰতলাৰ ৰানিং কক্ষ পৰিদৰ্শন কৰি ৰে’ল চালকসকলৰ বাবে উপলব্ধ বাসস্থান, পৰিচ্ছন্নতা আৰু সুবিধাসমূহ পৰ্যালোচনা কৰি সুৰক্ষিত, দক্ষ আৰু নিৰ্ভৰযোগ্য ৰে’ল পৰিচালন নিশ্চিত কৰাৰ বাবে কৰ্মচাৰীৰ কল্যাণৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে।এই উপলক্ষে, মহাপ্ৰৱন্ধকে আগৰতলা ৰে’লৱে ষ্টেচনত নৱনিৰ্মিত এটা লিফ্টৰ শুভ উদ্বোধনো কৰে।

২০১৬ চনত আগৰতলালৈ ব্ৰডগজ সেৱা আৰম্ভ হোৱাৰ পিছৰে পৰাই ত্ৰিপুৰাই ৰে’ল সংযোগৰ দিশত উল্লেখযোগ্য উন্নয়ন প্ৰত্যক্ষ কৰিছে। আগৰতলা-আখাউৰা আন্তঃৰাষ্ট্ৰীয় ৰে’ল সংযোগ, নাৰেংগী-আগৰতলা এক্সপ্ৰেছ আৰু অনাগত বৈদ্যুতিক মেমু আৰু বন্দে ভাৰত সেৱাৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহে ৰাজ্যখনৰ সংযোগ অধিক শক্তিশালী কৰাৰ লগতে যাত্ৰীসকলৰ সুবিধা বৃদ্ধি আৰু আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিছে। এই পৰিদৰ্শনে ৰে’লৱে আন্তঃগাঁথনিৰ শক্তিশালীকৰণ, যাত্ৰী সা-সুবিধা উন্নতকৰণ আৰু উচ্চ সুৰক্ষা মানদণ্ড বজাই ৰখাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত গুৰুত্বকে প্ৰতিফলিত কৰিছে। এইধৰণৰ পদক্ষেপসমূহে ত্ৰিপুৰা আৰু সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলত নিৰ্ভৰযোগ্য, দক্ষ আৰু যাত্ৰী-হিতৈষী ৰে’ল সেৱা প্ৰদানত অৰিহনা যোগাইছে।