নিউজ ডেস্ক, ২২ জুন, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) সমগ্ৰতে ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিৱাই)-২০২৬ উদযাপন কৰা হয়। এই উদযাপনে স্বাস্থ্য, শাৰীৰিক সক্ষমতা আৰু সুষম জীৱনশৈলী গঢ়ি তোলাত যোগৰ ভূমিকাৰ ওপৰত গুৰুত্বৰ প্ৰদান কৰা হয়। যোগৰ উপকাৰিতাসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ লগতে ইয়াক জীৱনধাৰণৰ এক অংশ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়, সমগ্ৰ মণ্ডল, ৱৰ্কশ্বপ আৰু অন্যান্য ৰেলৱে প্ৰতিষ্ঠানত এই যোগাভ্যাস কাৰ্যসূচীৰ আয়োজন কৰা হয়।
এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬-ৰ মূল বিষয়বস্তু আছিল “বৃদ্ধাৱস্থাত সু-স্বাস্থ্যৰ বাবে যোগ”, যিয়ে সমগ্ৰ জীৱনজুৰি শাৰীৰিক সক্ষমতা, মানসিক সুস্থতা আৰু আৱেগিক স্থিতিস্থাপকতা বজাই ৰখাত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰতিফলিত কৰে। ইয়াৰ জৰিয়তে নমনীয়তা, শক্তি আৰু ভাৰসাম্য উন্নত কৰাৰ ক্ষেত্ৰত যোগৰ অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অধিক সুস্থ, সক্ৰিয় আৰু সুষম জীৱনশৈলী গঢ়ি তোলাৰ বাবে সকলোকে যোগাভ্যাস গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিৱাই)-২০২৬ৰ এইবাৰৰ উদযাপনৰ বিশেষ তাৎপৰ্যপূৰ্ণ হৈছে যে বিশ্বব্যাপী এই আন্দোলনৰ ১২ বছৰ উদযাপন সম্পূৰ্ণ কৰিছে। ইয়াৰ জৰিয়তে বিশ্বজুৰি লাখ লাখ লোকক সুস্বাস্থ্য আৰু সুষম জীৱনশৈলীৰ বাবে যোগ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰা হৈছে।
যোগৰ অন্তৰ্ভুক্তিমূলক অনুশীলনেৰে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ শক্তিশালীকৰণ, জীৱনৰ মান উন্নতকৰণ আৰু সুস্থ বৃদ্ধাৱস্থাক সমৰ্থন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী ৰেলৱে ইনড’ৰ ষ্টেডিয়ামত আয়োজন কৰা হয়। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে অন্যান্য জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ সৈতে অংশগ্ৰহণ কৰে। ৰে’লৱে বিষয়াবৰ্গ, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে উৎসাহেৰে বিভিন্ন যোগাসন অনুশীলন কৰি সুস্থ জীৱনশৈলী গ্ৰহণৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰে অংগীকাৰবদ্ধ হয়।
উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ) সংস্থাও মহাপ্ৰৱন্ধক আশীষ বানছালৰ নেতৃত্বত মহাপ্ৰৱন্ধক (নিৰ্মাণ) কাৰ্যালয়ত যোগ দিৱস উদযাপন কৰে। একেদৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পাঁচোটা মণ্ডলতে একেধৰণৰ কাৰ্যসূচী আয়োজন কৰা হয়, য’ত হাজাৰ হাজাৰ ৰে’লৱে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। এই সমন্বিত উদযাপনে কৰ্মচাৰীৰ কল্যাণ, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সুস্থ জীৱনধাৰণৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অব্যাহত গুৰুত্বকে প্ৰতিফলিত কৰে। ২১ জুন উত্তৰ গোলাৰ্ধৰ বছৰৰ আটাইতকৈ দীঘলীয়া দিন। এই দিনটোৱে আত্মসচেতনতা, ভাৰসাম্য আৰু প্ৰকৃতিৰ সৈতে গভীৰ সংযোগৰ এক বিশেষ তাৎপৰ্য বহন কৰে।
এই দিনটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনে শৰীৰ, মন আৰু প্ৰকৃতিৰ মাজত সমন্বয় স্থাপনৰ যোগৰ আধ্যাত্মিক আৰু সামগ্ৰিক শক্তিক প্ৰতিফলিত কৰাৰ লগতে ই সমাজৰ সকলো স্তৰৰ লোকক অধিক সুস্থ, সুষম আৰু সচেতন জীৱনশৈলী গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰে। “বৃদ্ধাৱস্থাত সুস্বাস্থ্যৰ বাবে যোগ” শীৰ্ষক বাৰ্তা অধিক বিস্তৃতভাৱে প্ৰচাৰ-প্ৰসাৰৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত যোগৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰি আহিছে। ডিজিটেল প্ৰচাৰ অভিযানৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই সকলোকে দৈনন্দিন জীৱনৰ অংশ হিচাপে যোগাভ্যাস গ্ৰহণ কৰি উন্নত স্বাস্থ্য, সক্ৰিয় বাৰ্ধক্য আৰু সুস্থ জীৱনশৈলী গঢ়ি তুলিবলৈ আহ্বান জনাইছে।
