গুৱাহাটী, ৮ জুলাই, ২০২৬ : স্বচ্ছ ইন্ধনৰ প্ৰসাৰৰ সমান্তৰালকৈ বিশ্বজুৰি দ্ৰুতভাৱে বৃদ্ধি পাইছে সৌৰশক্তিৰ (Solar Energy) আন্তঃগাঁথনি। সেই ধাৰাবাহিকতাত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন বজাৰত ৫০ গিগাৱাটতকৈও অধিক সৌৰশক্তি উৎপাদন সক্ষমতাসম্পন্ন প্ৰকল্পত নিজৰ বৈদ্যুতিক তথা ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰিছে ভাৰতৰ বৈদ্যুতিক আৰু অটোমেচন খণ্ডৰ অন্যতম শীৰ্ষ প্ৰতিষ্ঠান লৰিটজ নুডছেন ইলেকট্ৰিকেল এণ্ড অটোমেচনে। লক্ষ্যণীয়ভাৱে, ৫০ গিগাৱাটতকৈও অধিক সৌৰশক্তি উৎপাদন সক্ষমতাসম্পন্ন প্ৰকল্পত প্ৰযুক্তিগত সাহায্য আগবঢ়োৱাৰ এই মাইলৰ খুঁটিৰ সন্দৰ্ভত লৰিটজ নুডছেনে কয় যে তেওঁলোকৰ লক্ষ্য কেৱল নতুন সৌৰশক্তিৰ সক্ষমতা গঢ়ি তোলাই নহয়। উদ্যোগ, কৃষিখণ্ড, বাসগৃহ আৰু সুবিধাবঞ্চিত জনসমষ্টিৰ ওচৰলৈ স্বচ্ছ ইন্ধনৰ সুবিধা কঢ়িয়াই অনাৰ লগতে ৰাষ্ট্ৰীয় ইন্ধন ৰূপান্তৰৰ লক্ষ্য পূৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাৰ ওপৰতো প্ৰতিষ্ঠানটোৱে সমানেই গুৰুত্ব প্ৰদান কৰিছে।
ভাৰতত সৌৰশক্তিৰ ব্যৱহাৰ এতিয়া কেৱল বৃহৎ ইউটিলিটি-ভিত্তিক সৌৰশক্তি প্ৰকল্পসমূহৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই। পিএম-কুসুম আঁচনিৰ জৰিয়তে কৃষিখণ্ডত জলসিঞ্চন, পিএম সূৰ্য ঘৰ আঁচনিৰ অধীনত বাসগৃহসমূহত বিদ্যুৎ যোগান আৰু প্ৰচলিত বিদ্যুৎ গ্ৰীডৰ বাহিৰত থকা বিভিন্ন অঞ্চলত নিৰ্ভৰযোগ্য বিদ্যুৎ উপলব্ধ কৰাৰ ক্ষেত্ৰতো সৌৰশক্তিৰ ব্যৱহাৰ দ্ৰুতভাৱে বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে, বিগত কেইবছৰমানত ভাৰতত সৌৰশক্তি খণ্ডৰ সম্প্ৰসাৰণে উল্লেখনীয় গতি লাভ কৰিছে। ধাৰাবাহিকভাৱে নতুন সৌৰশক্তিৰ সক্ষমতা সংযোজিত হোৱাৰ ফলত বৰ্তমান দেশৰ মুঠ স্থাপিত নৱীকৰণযোগ্য ইন্ধন সক্ষমতাৰ প্ৰায় ৫৫ শতাংশই সৌৰশক্তিৰ দখলত আছে, যাৰ পৰিমাণ ১৫৪ গিগাৱাট অতিক্ৰম কৰিছে। এই সম্প্ৰসাৰণে এফালে বৃহৎ ইউটিলিটি-ভিত্তিক প্ৰকল্পৰ জৰিয়তে ৰাষ্ট্ৰীয় বিদ্যুৎ গ্ৰীডৰ সক্ষমতা বৃদ্ধি কৰি জীৱাশ্ম ইন্ধনৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। আনফালে, বিকেন্দ্ৰীকৃত সৌৰশক্তি ব্যৱস্থাৰ জৰিয়তে সাধাৰণ ৰাইজৰ অৰ্থনৈতিক আৰু সামাজিক জীৱনতো পোনপটীয়া ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
ইউটিলিটি-স্কেল বিদ্যুৎ প্ৰকল্প, বাণিজ্যিক আৰু উদ্যোগ (চিএণ্ডআই) খণ্ড তথা আৱাসিক- এই তিনিটা ক্ষেত্ৰতেই কাৰ্যক্ৰম পৰিচালনা কৰি আছে লৰিটজ নুডছেনে। সৌৰশক্তি প্ৰকল্পসমূহক সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু দীৰ্ঘম্যাদীভাৱে কাৰ্যক্ষম কৰি ৰাখিবলৈ প্ৰতিষ্ঠানটোৱে উন্নত এচি সমাধান, ডিচি চুইচগিয়াৰ, স্মাৰ্ট মিটাৰিং আৰু ক্লাউডভিত্তিক দূৰৱৰ্তী নিৰীক্ষণ (ৰিম’ট মনিটৰিং) ব্যৱস্থা যোগান ধৰে। ভাৰতৰ বৈদ্যুতিক আন্তঃগাঁথনি খণ্ডত সাতটা দশকতকৈও অধিক সময়ৰ অভিজ্ঞতাৰ ভিত্তিতেই এই সক্ষমতা গঢ়ি তুলিছে প্ৰতিষ্ঠানটোৱে। ইতিমধ্যে ২,৩৫০ টাতকৈও অধিক সৌৰশক্তি প্ৰকল্পত কাম কৰিছে লৰিটজ নুডছেনে। ইয়াৰ সমান্তৰালকৈ ৩৫০ টাতকৈও অধিক ইপিচি প্ৰতিষ্ঠান আৰু ৩০০ তকৈও অধিক ডেভেলপাৰৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ লগতে ৩০০ তকৈও অধিক চিষ্টেম ইনটিগ্ৰেটৰক প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰতিষ্ঠানটোৱে। ইয়াৰ জৰিয়তে সৌৰশক্তি খণ্ডৰ বহনক্ষম বিকাশৰ বাবে প্ৰয়োজনীয় স্থানীয় দক্ষ জনবল গঢ়ি তোলাতো লৰিটছ নুডছেনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
লৰিটজ নুডছেন ইলেকট্ৰিকেল এণ্ড অটোমেচনৰ মুখ্য পৰিচালন বিষয়া নৰেশ কুমাৰে কয়, “যেতিয়া কোনো এজন কৃষকে ডিজেলচালিত জলসিঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে সৌৰশক্তিনিৰ্ভৰ বিকল্প ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, অথবা কোনো এটা পৰিয়ালে নিৰ্ভৰযোগ্য বিদ্যুৎ সুবিধা লাভ কৰে, তেতিয়াহে প্ৰকৃত অৰ্থত ইন্ধন ৰূপান্তৰৰ সুফল বাস্তৱিকতে প্ৰতিফলিত হয়। ৫০ গিগাৱাটৰ এই মাইলৰ খুঁটিৰ গুৰুত্ব কেৱল ইয়াৰ পৰিসৰতে আৱদ্ধ নহয়, একে সময়তে ইয়াৰ সুফল কিমান বিস্তৃতভাৱে জনসাধাৰণৰ ওচৰলৈ কঢ়িয়াই নিয়া হৈছে, তাৰ মাজতহে নিহিত হৈ আছে। আমাৰ লক্ষ্য আছিল এনে এটা সৌৰ আন্তঃগাঁথনি গঢ়ি তোলা, যিটো নিৰ্ভৰযোগ্য, সহজলভ্য আৰু সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হয়।” গুৰুত্বপূৰ্ণ যে, ভাৰতত সৌৰশক্তি উৎপাদন সক্ষমতা দ্ৰুতভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে এই খণ্ডৰ প্ৰযুক্তিগত চাহিদাও উল্লেখনীয়ভাৱে সলনি হৈছে। উৎপাদন ক্ষমতা বৃদ্ধি, বিদ্যুৎ গ্ৰীডৰ পৰিৱৰ্তিত গাঁথনি আৰু বিকেন্দ্ৰীকৃত বিদ্যুৎ উৎপাদন ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত এতিয়া অধিক উন্নত আৰু নিৰ্দিষ্ট প্ৰয়োগভিত্তিক বৈদ্যুতিক সমাধানৰ প্ৰয়োজনীয়তাৰ সৃষ্টি হৈছে।
এই পৰিৱৰ্তিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সৌৰশক্তি উৎপাদনৰ পৰা আৰম্ভ কৰি বিদ্যুৎ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় গ্ৰীডৰ সৈতে সংযোগ স্থাপন পৰ্যন্ত সমগ্ৰ সৌৰ মূল্যশৃংখলতে প্ৰযুক্তিগত সমাধান আগবঢ়াইছে লৰিটজ নুডছেনে। নৱীকৰণযোগ্য ইন্ধননিৰ্ভৰ সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানটোৰ সামগ্ৰীৰ পৰিসৰো সম্প্ৰসাৰিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে মিডিয়াম-ভল্টেজ সমাধান, এচি আৰু ডিচি চুইচগিয়াৰ, চফ্টৱেৰ তথা বিভিন্ন সেৱা। নৱীকৰণযোগ্য ইন্ধনৰ দ্ৰুত প্ৰসাৰৰ প্ৰভাৱ দেশৰ সৌৰ উৎপাদন উদ্যোগৰ ওপৰতো পৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ভাৰতৰ সৌৰ উৎপাদন ক্ষমতা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে, যিয়ে এই খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাক অধিক শক্তিশালী কৰি তুলিছে। বিকাশশীল উদ্যোগৰ চাহিদা পূৰণৰ বাবে ভৱিষ্যত-উপযোগী বৈদ্যুতিক ব্যৱস্থা যোগান ধৰাৰ জৰিয়তে এই উৎপাদন সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো লৰিটজ নুডছেনে সহায় আগবঢ়াই আহিছে। বৰ্তমান সময়ত, ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট অ-জীৱাশ্ম ইন্ধনভিত্তিক বিদ্যুৎ উৎপাদন ক্ষমতা গঢ়ি তোলাৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। এই লক্ষ্য পূৰণৰ ক্ষেত্ৰত এতিয়া কেৱল উৎপাদন ক্ষমতা বৃদ্ধিৰ সমান্তৰালভাৱে স্বচ্ছ ইন্ধনৰ সুবিধা দেশৰ সকলো স্তৰৰ জনসাধাৰণৰ ওচৰলৈ সমানে কঢ়িয়াই নিয়াৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। এই প্ৰেক্ষাপটত লৰিটজ নুডছেনে জানিবলৈ দিয়ে যে নিৰ্ভৰযোগ্য, সম্প্ৰসাৰণযোগ্য আৰু সহজলভ্য সৌৰশক্তিৰ আন্তঃগাঁথনি গঢ়ি তোলাই তেওঁলোকৰ প্ৰধান লক্ষ্য। প্ৰতিষ্ঠানটোৰ দাবী অনুসৰি, ভাৰতৰ ইন্ধন ৰূপান্তৰ আৰু উন্নয়নৰ ধাৰাবাহিক যাত্ৰাত সেই লক্ষ্যক সমুখত ৰাখিয়েই তেওঁলোকে দেশৰ বৈদ্যুতিক আন্তঃগাঁথনি অধিক শক্তিশালী কৰিবলৈ কাম কৰি গৈছে।
