গুৱাহাটী, ৬ আগষ্ট, ২০২৬ : জয়ৰ হেট্ৰিকৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ (এ পি এল-২০২৬) পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত (ACA Stadium) বুধবাৰে অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে পাঁচ উইকেটত পৰাস্ত কৰে চৰাইদেউ ছানৰাইজাৰ্ছক৷ ১২১ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰা ডিব্ৰুগড়ে ১৭.৫ অভাৰত পাঁচ উইকেট হেৰুৱাই হেলাৰঙে জয়লাভ কৰি দুই পইণ্ট অৰ্জন কৰে৷
উল্লেখ্য যে অপৰাজেয় যাত্ৰা অব্যাহত ৰখা ৱাৰিয়ৰ্ছে প্ৰথম তিনিখন মেচৰ পৰা ছয় পইণ্ট লাভ কৰিছে৷ ডিব্ৰুগড়ৰ এই বিজয়ত প্ৰথমে দুই বলাৰ দৌখো দাস আৰু ৰৌচন আলমে অৰিহনা আগবঢ়োৱাৰ পাছত বেটিঙত মিডিল অৰ্ডাৰ বেটাৰ আয়ুশ আগৰৱালা আৰু ৰিতুৰাজ বিশ্বাসে দৃঢ়তা প্ৰদৰ্শন কৰে৷ দৌখোই চৰাইদেউৰ প্ৰথম চাৰিগৰাকী বেটাৰক আউট কৰি মেচ ডিব্ৰুগড়ৰ নিয়ন্ত্ৰণলৈ অনাৰ বিপৰীতে ৰৌচনে তিনিটা উইকেট লাভ কৰে৷ ইফালে, সহজ বিজয়লক্ষ্য অনুসৰণ কৰাৰ পাছতো ৱাৰিয়ৰ্ছে ইনিংছৰ প্ৰথম নটা বলতে তিনি ৰাণত প্ৰথম তিনিগৰাকী বেটাৰক হেৰুৱাই চাপত পৰিছিল৷ কিন্তু আয়ুশ আৰু ৰিতুই ব্যক্তিগতভাবে ৪৫ ৰাণকৈ কৰাৰ লগতে ৮৮ ৰাণৰ যুটি বান্ধি দলক বিজয়লক্ষ্যত উপনিত কৰায়৷
১৮ ৰাণত অপৰাজিত থাকে অধিনায়ক ছাহিল জৈন৷ চৰাইদেউৰ দিবাকৰ জহ’ৰি আৰু ময়ুখ হাজৰিকাই দুটাকৈ উইকেট পায়৷ ইয়াৰপূৰ্বে টছত জয়ী হৈ ডিব্ৰুগড়ৰ অধিনায়ক ছাহিেল পোনতে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ বৰষুণৰ বাবে উইকেট নিশাৰে পৰা ঢাকি থোৱাত বলাৰৰ কাৰণে পৰিৱেশ অনুকুল হৈ আছিল৷ যাৰবাবে অপেনাৰ প্ৰদ্যুন শইকীয়াই আঠ বলত ১৬ ৰাণ কৰি বিস্ফোৰক আৰম্ভনি দিয়াৰ পাছতো চৰাইদেউ ছানৰাইজাৰ্ছে পাৱাৰ প্লেত ৩৬ ৰাণতে তিনিটা উইকেট হেৰুৱায়৷ ডিব্ৰুগড়ৰ নিয়ন্ত্ৰিত বলিঙত ছানৰাইজাৰ্ছে ধাৰাবাহিকভাবে উইকেট হেৰুওৱাৰ লগতে ৰাণৰ বাবে সংগ্ৰাম কৰিব লগা হয়৷
১৬.১ অভাৰত ৮৯ ৰাণতে সাতটা উইকেট হেৰুৱাই বিপদত পৰা ছানৰাইজাৰ্ছক সন্মানজনক স্থিতিত উপনীত কৰায় সৌম্য কান্তি পলে৷ ২৯ বল খেলি তিনিটা ছিক্সাৰসহ দলৰ হৈ সৰ্বাধিক ৪৬ ৰাণ কৰা সৌম্যই অষ্টম উইকেটত ময়ুষ হাজৰিকা ১ ৰ সতে ১৭ টা বলত গুৰুত্বপূৰ্ণ ৩১ ৰাণ কৰে৷ যাৰফলত চৰাইদেউ দলে এশ ৰাণ পাৰ কৰিবলৈ সক্ষম হয়৷ সাম্যই আৰু হৃষিকেশ তামুলিৰ ২২ লগতো ২৮ ৰাণৰ যুটি বান্ধিছিল৷ সাম্যৰ বিদায়ৰ লগে লগে চৰাইদেউ দলে ১৯.১ অভাৰত ১২০ ৰাণত ইনিংছ সামৰে৷ অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা প্ৰথম এ পি এলৰ বৃহস্পতিবাৰে দিনৰ দুই হ’বলগা প্ৰথম খেলত অপৰাজেয় বৰাক লিজেণ্ডছে যোৰহাট ষ্টেলিয়নছৰ মুখামুখি হ’ব৷ ইফালে, নিশা সাত বজাত হ’বলগা দ্বিতীয়খন খেলত নগাঁও ৰেঞ্জাৰ্ছে গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে খেলিব৷
