নিউজ ডেস্ক, ১১ আগষ্ট, ২০২৬ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাত মঙলবাৰে অন্তিমখন গ্ৰুপ মেচত অবতীৰ্ণ হ’ব৷ গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘এফ’ৰ পঞ্চম মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতিদ্বন্দ্বী জন্মু-কাশ্মীৰৰ দল এফ চি ওৱান৷
উল্লেখ্য যে বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইতিমধ্যে প্ৰতিযোগিতাত ৰাজকীয় অভিযান আৰম্ভ কৰি প্ৰথম দুখন মেচত জয়লাভ কৰিছে৷ প্ৰথম মেচত বড়োলেণ্ড এফ চিক ৬-০ গ’লত পৰাস্ত কৰা দলে দ্বিতীয়খন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৪-১ গ’লত পৰাস্ত কৰিছিল৷ দুখন মেচত বিপক্ষক দহটা গ’ল দিয়া প্ৰেড’ বেনানিৰ দলে মাত্ৰ এটা গ’লহে হজম কৰিছে৷ পৰিসংখ্যা অনুসৰি ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেডে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।
দলে নিজৰ অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰখাৰ লক্ষ্যৰে মঙলবাৰৰ মেচতো বিপক্ষক কোনো কাৰণতে মৰমৰ দৃষ্টিৰে নাচায়৷ দলৰ মৰক্কোৰ তাৰকা ষ্টাইকাৰ আজাৰায়ে ইতিমধ্যে হৈ যোৱা দুখন মেচত হেট্ৰিকসহ পাঁচটা গ’ল কৰিছে৷ শক্তিৰ তুলনামূলক দৃষ্টিৰে মঙলবাৰৰ মেচতো নৰ্থ ইষ্ট ইউনাইটেডে ফেভাৰিট৷ ইফালে, এফ চি ওৱান দলে ডুৰাণ্ড কাপৰ অভিষেক মেচতে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে জয় অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও দ্বিতীয় মেচত দল বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে পৰাস্ত হয়৷
মঙলবাৰে অন্তিম গ্ৰুপ মেচ দলৰ বাবে মৰণপণ৷ ইফালে, ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ সোমবাৰে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ অন্তিম মেচখনত মোহন বাগানে ৬-০ গ’লত চি আই এছ এফ প্ৰ’টেকটৰ্ছক পৰাস্ত কৰি গ্ৰুপত শীৰ্ষস্থান তথা অপৰাজেয় হৈ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে৷
দলৰ হৈ আব্দুল ছামাদে ১৭, ১৯, ৩৭ মিনিট হেট্ৰিক অৰ্জন কৰা বিপৰীতে মনবীৰ সিং, মেকলাৰেণ আৰু অভিষেক সিঙে এটাকৈ গ’ল দিয়ে৷ উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷
