নিউজ ডেস্ক, ১২ আগষ্ট, ২০২৬ : অসম সন্তান পাৰ্থিৱ গগৈৰ দুটা গ’লৰ সহায়ত প্ৰত্যাশিতভাৱে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আই এছ এলৰ দলটোৱে মঙলবাৰে অন্তিমখন গ্ৰুপ মেচতো সহজ জয় অৰ্জন কৰি অপৰাজেয় হৈ গ্ৰুপত শীৰ্ষস্থানত থাকি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়৷

গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ পঞ্চম মেচখনত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰতিদ্বন্দ্বী জন্মু-কাশ্মীৰৰ দল এফ চি ওৱানক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ অসম সন্তান পাৰ্থিৱ গগৈয়ে দুটা গ’ল দিয়াৰ বিপৰীতে এটা গ’ল কৰে তাৰকা আলাদিন আজাৰয়ে৷ উল্লেখ্য যে বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইতিমধ্যে প্ৰথম দুখন মেচত জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছিল৷

মঙলবাৰে দলৰ মুখ্য প্ৰশিক্ষক প্ৰেড’ বেনানিয়ে আৰম্ভণিৰ পৰাই পাৰ্থিৱক খেলাৰ সুযোগ দিয়ে৷ খেলৰ ১১ মিনিটতে পাৰ্থিবে প্ৰথমটো গ’ল কৰি বিৰতিলৈ দলক আগুৱাই ৰাখে৷ দ্বিতীয়াৰ্ধৰ আৰম্ভণিত পুনৰ পাৰ্থিবে ৫৪ মিনিটত গ’ল কৰি ব্যৱধান ২-০ কৰে৷ আনহাতে, মৰক্কোৰ তাৰকা ষ্টাইকাৰ আজাৰাই ৬৮ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ তৃতীয়টো গ’ল কৰে৷ বিপৰীতে এফ চি ওৱানৰ মহম্মদ ইলিয়াছে ৭১ মিনিটত এটা গ’ল কৰি ব্যৱধান হ্ৰাস কৰে৷

ইয়াৰপূৰ্বে প্ৰথম মেচত বড়োলেণ্ড এফ চিক ৬-০ গ’লত পৰাস্ত কৰা নৰ্থ ইষ্ট দলে দ্বিতীয় মেচখন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৪-১ গ’লত পৰাস্ত কৰিছিল৷ উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷