নিউজ ডেস্ক, ১৯ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) অসমৰ যোগীঘোপা ৰে’লৱে ষ্টেচন য়াৰ্ডৰ সৈতে মাল্টি ম’ডেল লজিষ্টিকছ পাৰ্কৰ (এমএমএলপি) জিচিটি ছাইডিঙৰ সংযোগ স্থাপনেৰে ট্ৰেক সংযোগৰ কাম সম্পূৰ্ণ কৰিছে আৰু এই কাৰ্যই উত্তৰ-পূব অঞ্চলত মালবাহী ৰে’লৰ পৰিবহণ ব্যৱস্থা আৰু বহুমুখী সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হৈছে। নন-ইণ্টাৰলকিং কাম সম্পূৰ্ণ হোৱাৰ লগে লগে মাল্টি ম’ডেল লজিষ্টিকছ পাৰ্কৰ (এমএলএলপি) পৰা অহা-যোৱা কৰা মালবাহী ৰে’লসমূহে এতিয়া পোনপটীয়াকৈ ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কত প্ৰৱেশ কৰিব পাৰিব।
সম্পূৰ্ণ হোৱা সংযোগৰ ভিতৰত যোগীঘোপা ষ্টেচনৰ লাইন নং ১ আৰু লাইন নং ২ ৰ পৰা মাল্টি ম’ডেল লজিষ্টিকছ পাৰ্ক জিচিটিৰ দিশলৈ সংযোগ অন্তৰ্ভুক্ত আছে, যাৰ ফলত মালবাহী ৰে’লৰ চলাচল অধিক সুগম আৰু দক্ষ হৈ উঠিব। ব্ৰহ্মপুত্ৰ নদীৰ কাষত কৌশলগতভাৱে অৱস্থিত যোগীঘোপা মাল্টি ম’ডেল লজিষ্টিকছ পাৰ্ক হৈছে অসমৰ প্ৰথমটো মাল্টি ম’ডেল লজিষ্টিকছ পাৰ্ক যি পথ, ৰে’ল, বিমান আৰু জলপথক একত্ৰিত কৰি সামগ্ৰীৰ বাধাহীন পৰিবহণ সুগম কৰাৰ লগতে অঞ্চলটোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰিছে।
নতুন ৰে’ল সংযোগে উত্তৰ-পূৰ্ব্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ লজিষ্টিকছ হাব হিচাপে যোগীঘোপা মাল্টি ম’ডেল লজিষ্টিকছ পাৰ্কৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিব। ইয়াৰ জৰিয়তে সামগ্ৰীৰ উপযুক্ত যোগান শৃংখল গঢ়ি উঠিব আৰু লগতে ভাৰতৰ বিভিন্ন বজাৰ তথা চুবুৰীয়া দেশসমূহৰ সৈতে মালবাহী সামগ্ৰীৰ পৰিবহণ সুগম কৰি তোলা হ’ব। ইয়াৰ কৌশলগত অৱস্থানে ভূটান আৰু অন্যান্য চুবুৰীয়া দেশৰ সৈতে বাণিজ্যিক আৰু ব্যৱসায়িক সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা সৃষ্টি কৰিছে।
মাল্টি ম’ডেল লজিষ্টিকছ পাৰ্ক গুদামঘৰ, ৰে’লৱে ছাইডিং, কল্ড ষ্টোৰেজ, কাষ্টমছ ক্লিয়াৰেন্স হাউচ, য়াৰ্ডৰ সুবিধা, ৱৰ্কশ্বপ, পেট্ৰ’ল পাম্প আৰু ট্ৰাক পাৰ্কিং আদি আধুনিক লজিষ্টিকছ সুবিধাৰে সজ্জিত কৰা হৈছে। এই সুবিধাসমূহে মালবাহী সামগ্ৰীৰ একত্ৰিত পৰিচালন, সংৰক্ষণ আৰু পৰিবহণত সহায় কৰে। উন্নত ৰে’ল সংযোগে মালবাহী পৰিবহণৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে আঞ্চলিক অৰ্থনৈতিক বিকাশত সহায় কৰি বাণিজ্য, উদ্যোগ আৰু লজিষ্টিকছ খণ্ডলৈ যথেষ্ট সুবিধা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু আঞ্চলিক সংযোগৰ ক্ষেত্ৰত উত্তৰ-পূৰ্ব্বাঞ্চলক এক কৌশলগত প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাও অধিক শক্তিশালী হৈ উঠিব।
